জল শক্তি মন্ত্ৰালয়

‘স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ’ৰ অধীনত কাইলৈ উদযাপন কৰা হ’ব ‘বিশ্ব শৌচালয় দিৱস’; শীৰ্ষ স্থান লাভ কৰা জিলা/ৰাজ্যক ‘স্বচ্ছতা পুৰস্কাৰ’ৰে পুৰস্কৃত কৰিব ‘জল শক্তি বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে

Posted On: 18 NOV 2020 5:59PM by PIB Guwahati

https://sbm.gov.in/sbmreport/images/logoSBM.png

স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ অধীনত কাইলৈ অৰ্থাত্ ১৯ নৱেম্বৰ, ২০২০ত বিশ্ব শৌচালয় দিৱস উদযাপন কৰিব কেন্দ্ৰীয় চৰকাৰৰ খোৱাপানী আৰু অনাময় বিভাগ(ডিডিডব্লিউএছ)য়ে। এই দিৱস উদযাপনৰ জৰিয়তে নিৰাপদ খোৱা পানী আৰু অনাময়ৰ ক্ষেত্ৰত জন সচেতনতা সৃষ্টিৰ জৰিয়তে জিলা আৰু ৰাজ্যসমূহৰ স্বচ্ছতাৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা আগবঢ়োৱাৰ প্ৰয়াস কৰা হব।

এই ক্ষেত্ৰত শীৰ্ষ স্থান লাভ কৰা জিলা/ৰাজ্যসমূহক স্বচ্ছতা পুৰস্কাৰৰে পুৰস্কৃত কৰিব জল শক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰট্টন লাল কাটাৰীয়াই। কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ এই সমাৰোহ ভাৰ্চুৱেল মাধ্যমেৰে সম্পন্ন কৰাৰ দিহা কৰা হৈছে।

প্ৰণিধানযোগ্য যে, মিছনৰ প্ৰথম পৰ্যায়(২০১৪-১৯)ত মুকলিত শৌচ কৰা বন্ধ কৰাৰ উপৰি গোটা আৰু জুলীয়া আৱৰ্জনা প্ৰবন্ধনৰ ক্ষেত্ৰত লাভ কৰা বিশেষ সাফল্যৰ হাত ধৰিয়েই এই বছৰৰ আৰম্ভণীতে স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰা হৈছিল। এই পৰ্যায়ত যোৱা এটা বছৰত সমগ্ৰ দেশ জুৰি সমূহীয়া অনাময় চৌহদ(চিচিএছ)ৰ নিৰ্মাণ আৰু এইসমূহৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে স্বচ্ছ সুন্দৰ সমুদায়ীক শৌচালয়(এছএছএছএছ) আৰু সমুদায়ীক শৌচালয় অভিযান(এছএছএ)ৰ দৰে বিভিন্ন ধৰণৰ সচেতনতা অভিযান চলাই অহা হৈছে।

 

*****

APS/MG/AS/KB



(Release ID: 1673911) Visitor Counter : 231