প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-লাক্সেমবাৰ্গ ‘ভাৰ্চুৱেল’ শীৰ্ষ সন্মিলন

प्रविष्टि तिथि: 17 NOV 2020 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ মাজত অহা ১৯ নৱেম্বৰ, ২০২০ তাৰিখে ভাৰ্চুৱেল মাধ্যমেৰে এক শীৰ্ষ সন্মিলন অনুষ্ঠিত হব।

বিগত দুটা দশকৰ ভিতৰত ভাৰত-লাক্সেমবাৰ্গৰ মাজত আচুতীয়াকৈ অনুষ্ঠিতব্য এইখন হব প্ৰথমখন শীৰ্ষ সন্মিলন। সন্মিলনত কভিড-উত্তৰ বিশ্ব-প্ৰেক্ষাপটত ভাৰত-লাক্সেমবাৰ্গৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক শক্তিশালী কৰাকে ধৰি সকলো ধৰণৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত দুয়োগৰাকী নেতাই বিস্তৃত ভাবে আলোচনা কৰিব। পৰস্পৰৰ স্বাৰ্থ বিজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহৰ সন্দৰ্ভতো তেওঁলোকে মত বিনিময় কৰিব।

ভাৰত-লাক্সেমবাৰ্গে শেহতীয়া বছৰসমূহত উচ্চ স্তৰীয় পৰ্যায়ত মতৰ বিনিময় কৰি আহিছে। ইয়াৰ পূৰ্বে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিন্ন উপলক্ষত তিনিবাৰ মিলিত হৈছিল।

 

***

 

DS/SH/AK/KB


(रिलीज़ आईडी: 1673634) आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam