PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 NOV 2020 6:05PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

একেৰাহে ৪৪ দিনৰ বাবে দৈনিক নতুন ঘটনাতকৈ দৈনিক নতুন আৰোগ্য লাভৰ আধিক্যৰে ভাৰতৰ অভিলেখ, সক্ৰিয় কেছলড ৪.৬৫ লাখলৈ হ্ৰাস

ভাৰতত দৈনিক নতুন ঘটনাতকৈ দৈনিক নতুন আৰোগ্য লাভৰ আধিক্যৰ প্ৰৱণতা ৪৪ দিনে অব্যাহত আছে। যোৱা ২৪ ঘন্টাত ৪৩,৮৫১ ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে নতুনকৈ চিনাক্ত ঘটনাৰ সংখ্যা হৈছে মাত্ৰ ৩০,৫৪৮ টা। যাৰ পৰিণতিত সক্ৰিয় কেছল’ডৰ সংখ্যা ১৩,৩০৩ হয় আৰু বৰ্তমানে ইয়াৰ পৰিমাণ হৈছে ৪,৬৫,৪৭৮ টা। দৈনিক নতুন ঘটনাৰ পৰিমাণ ৩০,৫৪৮ হোৱাতে ই ঐতিহাসিক নিম্ন হিচাপে পৰিগণিত হৈছে কিয়নো ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত দৈনিক নতুন ঘটনাৰ সংখ্যা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাইছে। চৰকাৰখনৰ বিস্তৃত টেষ্টিঙৰ অৰ্থে ধাৰাবাহিক প্ৰচেষ্টাৰ ফলশ্ৰুতিতে পজিটিভিটি নিম্ন হৈ পৰিছে। আজি আৰোগ্য লাভৰ হাৰ হৈছে ৯৩.২৭%। মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ৮২,৪৯,৫৭৯ টা। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাৰ ৭৮.৫৯% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৭,৬০৬ ৰ আৰোগ্য লাভেৰে দিল্লীৰ এই পৰিমাণ হৈছে সৰ্বাধিক। কেৰালাত দৈনিক আৰোগ্য লাভৰ পৰিমাণ ৬,৬৮৪ ৰ সমান্তৰালভাৱে পশ্চিম বংগত নতুন আৰোগ্য লাভৰ পৰিমাণ হৈছে ৪,৪৮০ টা। নতুন ঘটনাৰ ৭৬.৬৩% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৰালাত ৪,৫৮১ টা নতুন ঘটনা পোৱা গৈছে। যোৱা কেইটামান দিন ধৰি নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা দিল্লীত কালি নতুন ঘটনাৰ সংখ্যা মাত্ৰ ৩,২৩৫ টা। পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হয় ৩,০৫৩ টা। নতুনকৈ ঘটা ৪৩৫ টা মৃত্যুৰ ঘটনাৰ ৭৮.৮৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুন মৃত্যুৰ ঘটনাৰ প্ৰায় এক পঞ্চমাংশ অৰ্থাৎ ২১.৮৪% হৈছে দিল্লীৰ। ইয়াত ৯৫ জন লোকৰ মৃত্যু হৈছে শেহতীয়াভাৱে। মহাৰাষ্ট্ৰত একে সময়তে সংঘটিত মৃত্যুৰ ঘটনা হৈছে ৬০ টা। যাৰ হাৰ নতুন মৃত্যুৰ ঘটনাৰ ১৩.৭৯%। মৃত্যুৰ ক্ষেত্ৰত ৯৪ শতাংশ ৰাষ্ট্ৰীয় গড়তকৈ প্ৰতি নিযুতত ১৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বেছি। ১৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি। উল্লেখযোগ্য যে আইচিইউত থকা জটিল ৰোগীসকলৰ ক্লিনিকেল কেয়াৰ ব্যৱস্থাপনা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিকট সহযোগিতাৰে কাম কৰি আছে। যাৰ বাবে সাৱধানতাৰে কেয়াৰ প্ৰট’কলৰ মানদণ্ড যুগুত কৰি উলিওৱা হৈছে। এই ব্যৱস্থাই ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়সমূহক সামৰি লৈছে। ইয়াৰ জৰিয়তেই চিকিৎসালয়ত থকা ৰোগীসকল আৰু হ’ম আইচ’লেশ্যনত থকাসকলৰ অৰ্থে নীতি-নিৰ্দেশনা আগবঢ়োৱা হয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড ব্যৱস্থাপনাত সহায় আগবঢ়াবলৈ বহু-বিষয়ক কেন্দ্ৰীয় টীম নিযুক্ত কৰা হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা ৰাজহুৱা স্বাস্থ্য সঁহাৰি ব্যৱস্থা পৰ্যালোচনাৰ অৰ্থে নিয়মীয়াভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি থকা হৈছে।

অধিক বিৱৰণৰ বাবে

 

ডব্লিউএইচঅৰ কাৰ্যকৰী পৰিষদৰ ১৪৭ সংখ্যক বৈঠকত পৌৰহিত্য ডাঃ হৰ্ষ বৰ্ধনৰ

অধিক বিৱৰণৰ বাবে

 

পৰ্যালোচনা বৈঠকত দিল্লীত কভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি দিল্লীৰ ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ইয়াত ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাতে ৰাজধানীৰ হাস্পতালসমূহত মেডিকেল আন্তঃগাঁথনিৰ সমাৰ্থ্য বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকখনিত গৃহমন্ত্ৰীজনে এলানি নিৰ্দেশনা প্ৰদান কৰে। প্ৰথমটো নিৰ্দেশনা হিচাপে দিল্লীত আৰটি-পিচিআৰ টেষ্টৰ বাবে টেষ্টিং সামৰ্থ্য দুগুণ কৰিবলৈ দিয়া হৈছে। দ্বিতীয়তে, দুখীয়া আৰু অসহায় লোকসকলে বসবাস কৰা অঞ্চলসমূহত স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoH&FW) আৰু আইচিএমআৰৰদ্বাৰা ম’বাইল টেষ্টিং লেবৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হয়। তৃতীয়তে, দেশখনৰ অন্য প্ৰান্তৰপৰা টেষ্টিং লেবসমূহ দিল্লীলৈ অস্থায়ীভাৱে স্থানান্তৰৰ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।

অধিক বিৱৰণৰ বাবে

 

শুকুৰবাৰে ৮ম ব্ৰিকছ এছটিআই মন্ত্ৰীমণ্ডলীৰ বৈঠক সম্পন্ন

‘ব্ৰিকছ’ গ্ৰুপিং যথা ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন মন্ত্ৰীসকলে ১৩ নৱেম্বৰৰ বিয়লি ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে এখনি বৈঠকত মিলিত হয়। এই বৈঠকখনিত সদস্য ৰাষ্ট্ৰকেইখনৰ মাজত বিজ্ঞান ও প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিজ্ঞান ও প্ৰযুক্তি, আৰ্থ চায়েঞ্চ আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে অংশগ্ৰহণকাৰী প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ কয়, ক’ভিড-১৯ মহামাৰীয়ে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ সন্মুখত এটা টেষ্ট হিচাপে ধৰা দিছে। এই বিশ্ব মহামাৰীটো অতিক্ৰম কৰিবলৈ প্ৰতিখন ৰাষ্ট্ৰৰে সহযোগিতা হ’ব গুৰুত্বপূৰ্ণ। তেওঁ কয়, “আমি এই মহামাৰীটোৰদ্বাৰা অতিশয় প্ৰভাৱিত হোৱা দেশ হিচাপে, ই ‘ব্ৰিকছ’ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ এটা বিৰাট সুযোগ প্ৰদান কৰিছে, যাৰ জৰিয়তে আমি ইয়াক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম।“

অধিক বিৱৰণৰ বাবে

 

আধ্যাত্মিক গুৰুসকলক আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে ভকেল ফৰ লোকেলক জনপ্ৰিয় কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

আধ্যাত্মিক গুৰুসকলক আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে ‘ভকেল ফৰ লোকেল’ক জনপ্ৰিয় কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। আজি জৈনাচাৰ্য্য শ্ৰী বিজয় বল্লভ সুৰীশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ‘শান্তিৰ মূৰ্তি’ নামেৰে তেওঁৰ মূৰ্তি উন্মোচন কৰি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধনতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। তেখেতে কয়, যিদৰে মুক্তি সংগ্ৰামৰ সময়ছোৱাত ভক্তি আন্দোলন আধাৰ হৈ পৰিছিল ঠিক সেইদৰে আজি আমাৰ দেশখনৰ সন্ত, মহাত্মা, মহন্ত আৰু আচাৰ্য্যসকলে আত্মনিৰ্ভৰ ভাৰতৰ আধাৰ গঢ়ি তোলাটো আৱশ্যকীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰি তুলিবলৈ যাঁওতে ‘ভকেল ফৰ লোকেল’ৰ প্ৰয়োজনীয়তা অপৰিসীম বুলি উল্লেখ কৰে। সেয়েহে, সমাজত স্থানীয় সা-সামগ্ৰীৰ প্ৰচলন বৃদ্ধিৰ অৰ্থে সজাগতা সৃষ্টি কৰিবলৈ তেখেতে আধ্যাত্মিক নেতাসকলক অনুৰোধ জনায়।

অধিক বিৱৰণৰ বাবে

 

জৈনাচাৰ্য্য শ্ৰী বিজয় বল্লভ সুৰীশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জৈনাচাৰ্য্য শ্ৰী বিজয় বল্লভ সুৰীশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰে। জৈন আচাৰ্য্যজনৰ সন্মানাৰ্থে উন্মোচন কৰা মূৰ্তিটোৰ নাম দিয়া হয় ‘শান্তিৰ মূৰ্তি’ বুলি। ১৫১ ইঞ্চি ওখ মূৰ্তিটো অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে। ইয়াত তামৰ পৰিমাণ অধিক। ৰাজস্থানৰ পালিৰ জেটপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত মূৰ্তিটো স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জৈনাচাৰ্য্যজনলৈ শ্ৰদ্ধা নিবেদন কৰে আৰু এই অনুষ্ঠানত আধ্যাত্মিক নেতাসকল উপস্থিত থাকে। দুই ‘বল্লভ’ যথাঃ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু জৈনাচাৰ্য্য শ্ৰী বিজয় বল্লভ সুৰীশ্বৰ জী মহাৰাজৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে ‘একতাৰ মূৰ্তি’ নামেৰে চৰ্দাৰ পেটেলৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি উৎসৰ্গা কৰাৰ পাছত জৈনাচাৰ্য্য শ্ৰী বিজয় বল্লভৰ নামত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিবলৈ পাই ধন্য হৈছে। তেখেতৰ ‘ভকেল ফৰ লোকেল’ দৃষ্টিৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মুক্তি সংগ্ৰামৰ সময়ত কৰাৰ লেখীয়াকৈ আধ্যাত্মিক নেতাসকলক আত্মনিৰ্ভৰ ভাৰতৰ বাৰ্তা বিয়পাই দিবলৈ আৰু ‘ভকেল ফৰ লোকেল’ৰ লাভা-লাভ অৰ্জনৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ অনুৰোধ জনায়। তেখেতে লগতে কয় যে দিপাৱলী উৎসৱৰ সময়ছোৱাত দেশে স্থানীয় সা-সামগ্ৰীৰ প্ৰতি জনোৱা সমৰ্থন অতিশয় আশাব্যঞ্জক। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সদায়েই বিশ্বখনক শান্তি, অ-হিংসা আৰু বন্ধুত্বৰ পথ দেখুৱাই আহিছে। আজি এনে তত্বাৱধানৰ বাবে বিশ্বখনে ভাৰতলৈ চাই আছে। আপোনালোকে যদি ভাৰতৰ ইতিহাসলৈ চাই, যেতিয়াই প্ৰয়োজন হৈছে, কিছুমান সন্তই সমাজখনক পথ দেখুৱাইছিল। আচাৰ্য্য বিজয় বল্লভ তেনে এজন সন্ত আছিল। জৈনাচাৰ্য্যই প্ৰতিষ্ঠা কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰখনত দেশখনক আত্মনিৰ্ভৰ কৰি তুলিবলৈ তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখযোগ্য যে জৈনাচাৰ্য্যই পঞ্জাৱ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহত ভাৰতীয় প্ৰমূল্যবোধৰ আধাৰত বহু প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেখেতে কয় যে এই প্ৰতিষ্ঠানসমূহে বহু উদ্যোগী, ন্যায়াধীশ, চিকিৎসক আৰু অভিযন্তা জন্ম দিছে আৰু তেওঁলোকে ৰাষ্ট্ৰখনৰ প্ৰতি সেৱা আগবঢ়াই আছে। এই প্ৰতিষ্ঠানসমূহে নাৰী শিক্ষাৰ ক্ষেত্ৰখনত গ্ৰহণ কৰা প্ৰচেষ্টাৰ ঋণ দেশে পৰিশোধ কৰিব নোৱাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই প্ৰতিষ্ঠানসমূহেই সেই সময়ৰ জটিল সময়ছোৱাত নাৰী শিক্ষাক সজীৱ আৰু উজ্জীৱিত কৰি ৰাখিছিল। জৈনাচাৰ্য্যই কন্যা শিশুৰ বাবে বহু প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু মহিলাসকলক মূল সুঁতিলৈ আনিছিল।

অধিক বিৱৰণৰ বাবে

 

জয়চালমেৰৰ লংগেৱালাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিপাৱলী উদযাপন কৰি কৰা সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

জয়চালমেৰত বায়ু সেনাৰ জোৱনসকলক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

প্ৰেছৰ ওপৰত যিকোনো আক্ৰমণকে ৰাষ্ট্ৰীয় প্ৰসংগ হিচাপে গণ্য কৰা হবঃ উপ ৰাষ্ট্ৰপতি

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি কয় যে প্ৰেছৰ স্বাধীনতাৰ ওপৰত সংঘটিত যিকোনো আক্ৰমণকে ৰাষ্ট্ৰীয় বিষয় হিচাপে গণ্য কৰা হ’ব আৰু এনে আক্ৰমণক সকলোৱে তীব্ৰভাৱে বিৰোধিতা কৰাটো আৱশ্যকীয়। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে পূৰ্বে-ৰেকৰ্ড কৰা এটা ভিডিঅ’ বাৰ্তাত উপ ৰাষ্ট্ৰপতিজনে এইদৰে কয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ অংশ হিচাপে আজি প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এখনি ৱেবিনাৰৰ আয়োজন কৰে। ৱেবিনাৰখনিৰ বিষয় আছিল ‘ক’ভিড-১৯ মহামাৰীটোৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু সংবাদ মাধ্যমৰ ওপৰত ইয়াৰ প্ৰভাৱ’। এই ৱেবিনাৰতে উপ ৰাষ্ট্ৰপতিগৰাকীৰ ভিডিঅ’ বাৰ্তাটো প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্ত আৰু নিৰ্ভীক সাংবাদিকতা অবিহনে গণতন্ত্ৰ টিকি নাথাকে বুলি কয়।

অধিক বিৱৰণৰ বাবে  

 

পুনৰুত্থানশীল ভাৰত নিৰ্মাণ কৰিবলৈ যুৱ প্ৰজন্মক বিকাশৰ যাত্ৰাত অংশীদাৰ হবলৈ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি দেশৰ যুৱ সমাজক এখন নতুন আৰু পুনৰুত্থানশীল ভাৰত নিৰ্মাণ কৰিবলৈ বিকাশৰ যাত্ৰাত অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ চামক তেওঁলোকৰ সমস্ত শক্তি গঠনমূলকভাৱে ৰাষ্ট্ৰ নিৰ্মাণত প্ৰয়োগ কৰিবলৈ কয়। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ নতুন ‘এমিনিটিজ চেন্টাৰ’ উদ্বোধন কৰিয়েই উপ ৰাষ্ট্ৰপতিজনে এইদৰে কয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নেতিবাচক কথা-বাৰ্তাত মনোযোগ নিদি নতুন ভাৰতৰ অৰ্থে ইতিবাচক ভাৱনাৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ প্ৰদান কৰে। এখন দুৰ্নীতিমুক্ত, ভোক মুক্ত, শোষণ মুক্ত আৰু বৈষম্য মুক্ত ভাৰত গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে  

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অসমঃ আজিলৈকে অসমে ৫০ লাখ ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰিলে বুলি ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে।
  • মেঘালয়ঃ দেওবাৰে মেঘালয়ত নতুন ক’ভিড-১৯ ঘটনাৰ সংখ্যা হয় ৩৫ টা। ইয়াৰ ফলত ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ৯৭১ লৈ বৃদ্ধি পালে। একে সময়তে ৭৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰাত মুঠ আৰোগ্য লাভৰ সংখ্যা ৯৫৯৪ হৈ পৰে। দেওবাৰে তুৰাত ৫৯-বছৰ-বয়সীয়া এজন পজিটিভ ৰোগীৰ মৃত্যু হোৱাত মুঠ মৃত্যুৰ ঘটনা ১০১ লৈ বৃদ্ধি পায়। ৰাজ্যখনত নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ১০,৬৬৫ টা।
  • কেৰালাঃ কেৰালা ৰাজ্য চৰকাৰখনে ৰাজ্যখনত ক’ভিড-১৯ সংক্ৰমণৰ প্ৰাৱল্য নিৰ্ণয় কৰিবলৈ ছেৰ’ সমীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিচেম্বৰত পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতে এই সমীক্ষা আৰম্ভ কৰা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। একে সময়তে, ৰাজ্য চৰকাৰখনে ক’ভিডৰ ভেকচিন বিতৰণৰ পৰিকল্পনাও যুগুত কৰি উলিয়াইছে। প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মীসকলে এই ভেকচিন লাভ কৰিবলগীয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেই তেওঁলোকৰ সৱিশেষ সংগ্ৰহ কৰা হৈছে।
  • তামিল নাডুঃ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ক’ভিড-১৯ ভেকচিন ক’ভিচিল্ডৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ চলি থকাৰ পৰিপ্ৰেক্ষিতত তামিল নাডুত কিদৰে এই প্ৰতিষেধক বিতৰণ কৰা হ’ব, তাকে লৈ ৰাজ্য চৰকাৰখন ব্যস্ত হৈ পৰিব। এই ভেকচিন আহিলেই প্ৰথমে এয়া লাভ কৰিব হেল্থ কৰ্মীসকলে। সেয়েহে তামিল নাডু চৰকাৰে বৰ্তমানে এনে কৰ্মীসকলৰ ডাটাবেছ প্ৰস্তুত কৰি আছে।
  • কৰ্ণাটকঃ ন মাহৰ পাছত কৰ্ণাটক আৰু কেৰালাৰ মাজত আন্তঃৰাজ্যিক বাছ লেৱা পুনৰ আৰম্ভ হৈছে। উভয় ৰাজ্যৰ পথ পৰিবহণ বিভাগে এই সেৱাৰ বাবে ২০ খন বাছ নিয়োগ কৰিছে। এই বাছ কেইখন মাংগালুৰু আৰু কাছাগড়ৰ মাজত চলাচল কৰিব।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত দেওবাৰে নতুন ক’ভিড-১৯ ঘটনাৰ সংখ্যা হয় ১০৫৬ টা আৰু মৃত্যুৰ ঘটনা ১৪ টা। আক্ৰান্তৰ ক্ষেত্ৰত চাৰি মাহৰ পাছত এয়া হৈছে সৰ্বনিম্ন। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ২০ হাজাৰৰ সীমাৰ অৱনমিত হৈ বৰ্তমানে ১৮,৬৫৯ হৈছে। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰে ২,১৪০ ৰোগীয়ে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত তেলেংগানাত নতুন ঘটনাৰ সংখ্যা ৫০২ টা, আৰোগ্য লাভৰ ঘটনা ১৫৩৯ টা আৰু মৃত্যুৰ ঘটনা ৩ টা। ৰাজ্যখনত মুঠ ঘটনা ২,৫৭,৮৭৬ টা, সক্ৰিয় ঘটনা ১৪,৩৮৫ টা, মৃত্যুৰ ঘটনা ১৪০৭ টা আৰু ডিচাৰ্জ ২,৪২,০৮৪। ইয়াত আৰোগ্য লাভৰ হাৰ হৈছে ৯৩.৮৭ শতাংশ।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ সকলোবোৰ ধৰ্মীয় স্থান আৰু উপাসনা থলী আজিৰেপৰা পুনৰ মুকলি কৰা হয়। আজি পুৱতি নিশাৰেপৰা এইসমূহ ভক্তসকলৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়। উল্লেখ্য যে ক’ভিড-১৯ মহামাৰীৰ বাবে যোৱা ৭ মাহে এয়া বন্ধ ৰখা হৈছিল। ইফালে, দেওবাৰে ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হয় ২,৫৪৪ টা।
  • গুজৰাটঃ গুজৰাটত দেওবাৰে নতুন ক’ৰোনা ভাইৰাছ পজিটিভ ঘটনাৰ সংখ্যা হয় ১,০৭০ টা। ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১,৮৮,৩১০ লৈ বৃদ্ধি পালে। দেওবাৰৰ দিনটোত ছজন আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰে ৩ জন আহমেদাবাদত আৰু ৰাজকূট, চুৰাট, ভডোদৰাত এজনকৈ আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৮০৩ লৈ বৃদ্ধি পালে।
  • ৰাজস্থানঃ ৰাজস্থানত দেওবাৰে আৰু দহজন ক’ভিড-১৯ আক্ৰান্তৰ মৃত্যু হয়। একে সময়তে ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হয় ২,১৮৪ টা। ইয়াৰ জৰিয়তে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২,২৫,৮১৭ লৈ বৃদ্ধি পালে। জয়পুৰত সৰ্বাধিক ৪৯৮ টা ঘটনা। ইফালে যোধপুৰত ৪৪৩ টা নতুন ঘটনা ধৰা পৰে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৮,৩৩৭ টা।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত দেওবাৰে নতুন ঘটনাৰ সংখ্যা হৈছে ৮৭০ টা। ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা ১,৮৩,৯২৭ লৈ বৃদ্ধি পালে। একে সময়তে সাতজন আক্ৰান্তই মৃত্যুবৰণ কৰিছে। ইয়াৰ ভিতৰত ইন্দোৰ আৰু সাগৰত দুজনকৈ তথা ভূপাল, হংসবাদ আৰু শিৱপুৰীত এজনকৈ আক্ৰান্তৰ মৃত্যু হৈছে। ৰাজ্যখনত অদ্যপি ৩,০৯০ আক্ৰান্তৰ মৃত্যু হৈছে। 

ফেক্ট চেক

Image

**********

 



(Release ID: 1673326) Visitor Counter : 198