প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিংবদন্তী বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 15 NOV 2020 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তী বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ টুইটাৰত তেওঁ এইদৰে লিখিছে, ‘‘শ্ৰী সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যু চলচ্চিত্ৰ জগত, পশ্চিম বংগৰ সাংস্কৃতিক জীৱন আৰু ভাৰতৰ বাবে এক অপূৰণীয় ক্ষতি৷ তেওঁৰ কামৰ জৰিয়তে বঙালী সম্প্ৰদায়ৰ আৱেগ প্ৰকাশিত হৈছিল৷ তেওঁৰ মৃত্যুত তেওঁৰ শোকসন্তপ্ত পৰিয়াল তথা অনুৰাগীলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছো৷ ওম শান্তি৷’’

***

DS/SH./MANN


(रिलीज़ आईडी: 1673070) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam