প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সীমান্তত সেনা-জোৱানৰ সৈতে দিৱালী উদযাপন কৰিলে প্ৰধানমনন্ত্ৰীয়ে

জোৱানসকলৰ অবিহনে মোৰ দিৱালী সম্পূৰ্ণ নহয় : লংগেৱালা সীমান্ত চকীত প্ৰধানমন্ত্ৰী

‘সম্প্ৰসাৰণবাদী শক্তিৰ বিৰুদ্ধে এক উদাত্ত কণ্ঠ হৈ থিয় দিছে ভাৰতে’

‘কোনোবাই আমাক জোকাই ল’ব খুজিলে তাৰ প্ৰতিদান প্ৰচণ্ড শক্তিৰেই দিয়া হ’ব’

‘সন্ত্ৰাসবাদৰ পুৰোধাসকলক আজি ভাৰতে ঘৰতে দিলে এসেকা’

Posted On: 14 NOV 2020 1:54PM by PIB Guwahati

সশস্ত্ৰ সেনাবাহিনীৰ জোৱানসকলৰে দিৱালী উদযাপনৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় সীমান্তৰ লংগেৱালা সীমান্ত চকীত উপস্থিত থাকি ভাষণ দিয়াৰ লগতে তেওঁলোকৰে বাৰ্তালাপটো মিলিত হয়। ভাষণ প্ৰসংগত তেওঁ কয় যে, সেনা জোৱানসকলৰ সৈতে কটাব পাৰিলেহে তেওঁৰ দিৱালী সম্পূৰ্ণ হয়, সেয়া লাগিলে তুষাৰাবৃত পৰ্বতৰ চূড়াই হওক কিম্বা মৰুপ্ৰান্তই হওক। তেওঁ প্ৰতিগৰাকী ভাৰতীয়ৰ শুভেচ্ছা, শুভকামনা আৰু শুভাশিস সীমান্তত কৰ্তব্যৰত সশস্ত্ৰ সেনা জোৱানসকললৈ কঢ়িয়াই নিয়ে। তেওঁ জোৱানসকলৰ মাতৃ-ভগ্নীসকলকো শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ হৈ সশস্ত্ৰ সেনা জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সেনাবাহিনীৰ সৈতে ১৩০ কোটি ভাৰতীয়ই প্ৰতিমুহূৰ্ততে থিয় দিয়াৰ বাবে সাজু হৈ আহিছে বুলি উল্লেখ কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে, যি দেশে আক্ৰমণকাৰী কিম্বা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে থিয় দিয়াৰ সামৰ্থ্য বহণ কৰে তেনে দেশহে সুৰক্ষিত হয়। তেওঁ কয়, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা যিমানেই নাবাঢ়ক অথবা ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন যিমানেই নহওক কিয়, আমি কিন্তু দেশৰ নিৰাপত্তাৰ মূলতেযে সতৰ্ক নিৰীক্ষণ, সদা-সচেষ্টতাইহেযে সুখৰ বুনিয়াদ আৰু জয়ৰ বাবে প্ৰয়োজন হোৱা আত্মবিশ্বাসৰো শক্তি , সেই কথা পাহৰিলে নহ

ভাৰতৰ নীতি তেনেই স্পষ্ট বুলি তাত্পৰ্যপূৰ্ণভাবে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- আজিৰ ভাৰতে বুজাৰ আৰু বুজোৱাৰ নীতিক বিশ্বাস কৰে, পিচে, কোনোবাই যদি আমাক জোকাই লব বিচাৰে, তেন্তে, তাৰ প্ৰতিফল প্ৰচণ্ড ভাবেই লাভ কৰিব

ৰাষ্ট্ৰীয় স্বাৰ্থত এইখন দেশে কোনো পৰিস্থিতিতেযে আপোচ নকৰে সেই কথা পৃথিৱীয়ে ইতিমধ্যেই জানিব পাৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। আৰু এয়া সম্ভৱ হৈছে দেশৰ সেনাবাহিনীৰ সাহস আৰু সামৰ্থ্যৰ বাবেই। আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত ভাৰতে দমনীয় স্থিতি গ্ৰহণ কৰিব পাৰিছে সেনাবাহিনীৰ শৌৰ্য-সামৰ্থ্যৰ সুবাদতে, ভাৰতৰ সামৰিক শক্তিৰ বৰ্দ্ধিত বিক্ৰমেই আলোচনাৰ মেজত হোৱা কথাৰ গুৰুত্বকো বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। আজি ভাৰতে নিজৰ ঘৰতে গৈ সন্ত্ৰাসবাদৰ পুৰোধাসকলক এসেকা দিব পাৰিছে

সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে ভাৰতে উদাত্ত কণ্ঠে নিজৰ স্থিতি প্ৰকট কৰিছে। সমগ্ৰ পৃথিৱীয়েই আজি সম্প্ৰসাৰণবাদী শক্তিৰ কাৰ্যত অতিস্থ হৈ পৰিছে, যিয়ে অষ্টাদশ শতিকাৰ মানসিকতাকহে প্ৰতিবিম্বিত কৰিছে বুলি তেওঁ অভিমত প্ৰকাশ কৰে।

আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেল অভিযান সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ প্ৰধানমন্ৰীয়ে কয় যে, ১০০ৰো অধিক অস্ত্ৰ আৰু ইয়াৰ উপকৰণ বিদেশৰ পৰা আমদানী নকৰাৰ বাবে শেহতীয়া ভাবে সেনাবাহিনীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ ভোকেল ফৰ লোকেলৰ সমৰ্থনত পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি অহাৰ বাবে সেনাবাহিনীক ভূয়সী প্ৰশংসা কৰে।

সেনাবাহিনীৰ প্ৰযোজনীয়তাসমূহ পূৰণ কৰাৰ উদ্দেশ্য লৈ গঢ়ি উঠা ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ লগতে দেশৰ যুৱ-প্ৰজন্মক সেনাৰ বাবে উত্পাদন কৰাত মনোনিৱেশ কৰাৰো আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁ সামৰিক ক্ষেত্ৰত যুৱ-প্ৰজন্মই নেতৃত্ব দিয়া ষ্টাৰ্টআপসমূহে দেশক আত্মনিৰ্ভৰশীলতাৰ দিশে আগুৱাই নিব পাৰিব বুলি আশা প্ৰকাশ কৰে।

সেনাবাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে দেশে মহামাৰীৰ সংকটকালত ইয়াৰ প্ৰতিগৰাকী নাগৰিকক সুৰক্ষিত কৰাৰ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। নাগৰিকসকলৰ বাবে খাদ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দেশে অৰ্থনীতিকো পুনৰ সমৃদ্ধিৰ পথলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জোৱানসকলক তিনিটা অনুশীলন কৰাৰ আহ্বান জনায়। সেয়া হৈছে- উদ্ভাৱনক দৈনন্দিন কৰ্মসূচীৰ অংশ কৰি লোৱা, নিয়মীয়াকৈ যোগাভ্যাস কৰা আৰু মাতৃভাষা, হিন্দী, ইংৰাজীৰ উপৰি অন্ততঃ এটা অন্য ভাষা শিকাৰ প্ৰয়াস কৰা। এই অনুশীলনে তেওঁলোকৰ জীৱনক নতুন শক্তিৰে উজ্জীৱিত কৰি তুলিব বুলি অভিমত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লংগোৱালৰ গৌৰৱপূৰ্ণ যুঁজৰ কথা স্মৰণ কৰে আৰু কয় যে যেতিয়াই সেনাৰ ৰণ কৌশলগত পৰিকল্পনা আৰু শৌৰ্যৰ কথা চৰ্চা কৰা হব, তেতিয়াই এই যুঁজৰ স্মৃতি সোঁৱৰণ কৰা হ। বাংলাদেশৰ নিৰীহ জনতাক সন্ত্ৰস্ত্ৰ কৰাৰ লগতে মাতৃ-ভগ্নীৰ ওপৰত চলোৱা আতিশয্যৰে পৃথিৱীৰ সন্মুখত ইতিমধ্যেই নিজৰ স্বৰপ প্ৰদৰ্শন কৰা পাকিস্তানৰ সন্ত্ৰাসৰ বিকৃত স্বৰূপ বিশ্বৰ সন্মুখত পুনৰুন্মোচিত কৰাৰ এয়াই সময় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ পশ্চিমসীমান্তত পাকিস্তানে তাণ্ডৱ চলাই পৃথিৱীৰ দৃষ্টি অন্যফালে নিয়াৰ অপচেষ্টা কৰিব খুজিছিল যদিও আমাৰ সেনাই তাৰ সমুচিত প্ৰত্যুত্তৰ দিলে

***

DS/AK/KB



(Release ID: 1673069) Visitor Counter : 145