PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 NOV 2020 6:03PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতত পঞ্চম দিনলৈ একেৰাহে ৫০ হাজাৰতকৈও নতুন ৰোগী ৰোগত আক্ৰান্ত হোৱাৰ ঘটনা প্ৰতিবেদিত হৈছে, সক্ৰিয় ৰোগীৰ সংখ্যা ৪.৯ লাখতকৈ কম হৈছে, মুঠ পৰিঘটনা ৫.৬৩%লৈ অৱনমিত হৈছে

ভাৰতত পঞ্চমদিনলৈ একেৰাহে নতুন ৰোগীৰ সংখ্যা ৫০ হাজাৰতকৈও কম হৈছে৷ বিগত ২৪ ঘণ্টাত ৪৭,৯০৫ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪,৮৯,২৯৪ জন৷ আৰোগ্যৰ হাৰ হৈছে ৯২.৮৯%৷ আৰোগ্যৰ সংখ্যা হৈছে ৮০,৬৬,৫০১ জন৷ আৰোগ্য হোৱা ৰোগী আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান হৈছে ৭৫,৭৭,২০৭ জন৷

অধিক বিৱৰণৰ বাবে

 

‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান মহামহিম ড০ টেড্ৰছ এধানম ঘেব্ৰেয়েছুছৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনৰে বাৰ্তালাপ

‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান মহামহিম ড০ টেড্ৰছ এধানম ঘেব্ৰেয়েছুছৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টেলিফোনৰে এক বাৰ্তালাপত মিলিত হয়। প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে গোলকীয় প্ৰেক্ষাপটত এক সমন্বিত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ক প্ৰশংসা কৰে। অৱশ্যে, ইয়াৰ মাজতো আন ৰোগৰ বিৰুদ্ধে অব্যাহত থকা যুঁজৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহয় সেই কথা নশ্চিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে উন্নয়নশীল দেশসমূহৰ স্বাস্থ্য ব্যৱস্থালৈ আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘হু’-ৰ শলাগ লয়। বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে ‘হু’-ৰ সৈতে ভাৰতীয় স্বাস্থ্য প্ৰাধিকাৰীসমূহৰ নিয়মীয়া সহযোগিতা অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰাৰ লগতে, ভাৰতে ৰূপায়ণ কৰা ‘আয়ুষ্মান ভাৰত’ আঁচনি আৰু যক্ষ্মা ৰোগৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান দৰে পদক্ষেপসমূহৰ প্ৰশংসা কৰে। তেওঁ কয়, গোলকীয় স্বাস্থ্য প্ৰসংগত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ প্ৰয়োজনীয়তা আছে। প্ৰধানমন্ত্ৰী আৰু সঞ্চালক প্ৰধানৰ মাজত পৰম্পৰাগত চিকিত্সা পদ্ধতি সম্পৰ্কে, বিশেষকৈ পৃথিৱীৰ মানৱসমাজৰ কল্যাণ আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ প্ৰসংগত এক ফলপ্ৰসু আলোচনা অনুষ্ঠিত হয়। তেওঁলোক দুয়োয়ে এক বিস্তৃত বিধি-ব্যৱস্থাৰ জৰিয়তে আধুনিক চিকিত্সা অনুশীলনৰ সৈতে পৰম্পৰাগত চিকিত্সা সমাধানৰ এক সমন্বয় সাধনৰ প্ৰয়োজনীয়তাৰ লগতে যুগসিদ্ধ পৰম্পৰাগত চিকিত্সা সামগ্ৰী আৰু অনুশীলনৰ সুচিন্তিত বৈজ্ঞানিক মূল্যায়ণৰ প্ৰসংগত সহমত ব্যক্ত কৰে। বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে স্বীকাৰ কৰি কয় যে, পৰম্পৰাগত চিকিত্সা পদ্ধতিৰ সম্ভাৱনীয়তাসমূহৰ সন্দৰ্ভত এই পৰ্যন্ত পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা হোৱা নাই যদিও হু-য়ে এইক্ষেত্ৰৰ গৱেষণা, প্ৰশিক্ষণ আৰু উত্তম অনুশীলনসমূহৰ আদান-প্ৰদানক উত্সাহিত কৰাৰ বাবে সক্ৰিয়তাৰে কাম কৰি থকা বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এনেবোৰ প্ৰয়াসৰ শলাগ লয় আৰু ভাৰতে ‘ক’ভিডৰ বাবে আয়ুৰ্বেদ’ শীৰ্ষক বিষয়বস্তুৰে অহা ১৩ নৱেম্বৰত ‘আয়ুৰ্বেদ দিৱস’ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ কথা সঞ্চালক প্ৰধানগৰাকীক জানিবলৈ দিয়ে। তেওঁলোক দুয়োয়ে ক’ভিড-১৯ক নিৰস্ত্ৰ কৰাৰ বাবে গোলকীয় প্ৰেক্ষাপটত দেশসমূহে গ্ৰহণ কৰা সমন্বিত প্ৰয়াস সম্পৰ্কেও বিস্তৃত আলোচনা কৰে। এই প্ৰসংগতে সঞ্চালক প্ৰধানজনে সমগ্ৰ মানৱসমাজৰ কল্যাণৰ লক্ষ্যৰে প্ৰতিষেধকৰ নেতৃত্ববহণকাৰী উত্পাদনকাৰী হিচাপে ভাৰতৰ সামৰ্থ্য নিয়োজিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে লোৱা ভূমিকাৰো ভূয়সী প্ৰশংসা কৰে।

অধিক বিৱৰণৰ বাবে

 

সপ্তদশ এছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

অধিক বিৱৰণৰ বাবে

 

কটকত আয়কৰ আপীল ন্যায়াধীকৰণ(আইটিএটি)ৰ অত্যাধুনিক আৱাসিক কাৰ্যালয়ৰ চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় অৰ্থনীতিক সমৰ্থন প্ৰদানৰ বাবে বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আত্মনিৰ্ভৰ ভাৰত পেকেজ ৩.০ৰ অধীনত ঘোষণা কৰা উপস্থাপন

অধিক বিৱৰণৰ বাবে

 

কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীলৈ উৎসৰ্গিত কৰিব দুখন আয়ুৰ্বেদিক প্ৰতিষ্ঠান

প্ৰধানমন্ত্ৰী মোদীয়ে ১৩ নৱেম্বৰ তাৰিখে ভিচিযোগে পঞ্চম আয়ুৰ্বেদ দিৱসত গুজৰাটৰ জামনগৰত আইটিআৰএ আৰু ৰাজস্থানৰ জয়পুৰত এনআইএ মুকলি কৰিব৷ এই প্ৰতিষ্ঠানকেইখনে একবিংশ শতিকাত আয়ুৰ্বেদৰ বিকাশ আৰু উন্নয়নত বিশ্বজনীনভাৱে নেতৃত্ব প্ৰদান কৰিব৷ ক’ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনাত আয়ুৰ্বেদৰ ভূমিকাত চলিত বৰ্ষৰ ১৩ নৱেম্বৰৰ আয়ুৰ্বেদ দিৱসত প্ৰতিফলিত হ’ব৷ 

অধিক বিৱৰণৰ বাবে

 

মিছন সাগৰ-২ আইএনএছ ঐৰাৱতৰ দ্বাৰা ডিজবুটিলৈ খাদ্য আৰু সাহায্যৰ যোগান

সাগৰ-২ অভিযানৰ অধীনত ভাৰতীয় নৌবাহিনীৰ জাহাজ ঐৰাৱত ১০ নৱেম্বৰ ২০২০ তাৰিখে ডিছবুটি দ্বীপত উপস্থিত হৈছে৷ ভাৰত চৰকাৰে ডিজবুটিৰ জনসাধাৰণক আইএনএছ ঐৰাৱতৰ জৰিয়তে খাদ্য আৰু সাহায্যৰ যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিয়নৰ জৰিয়তে ডিজিটেল লাইফ চাৰ্টিফিকেট ঘৰৰ দুৱাৰমুখতে প্ৰদান কৰা সেৱা মুকলি

ভাৰতীয় ডাক পে’মেণ্ট বেংকে সফলতাৰে “Doorstep Service for submission of Digital Life Certificate through Postman” সেৱা মুকলি কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱন প্ৰমাণ প’ৰ্টেল ২০১৪ চনত মুকলি কৰিছিল৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত ২৪৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু কালি ৮৩৭ জন লোকক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০৯৬৩৩ জন৷ ২০৩৩০৫ জনক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩৭১ জন আৰু ৯৫৪ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ বুধবাৰে ৪৯০৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮০৭০ জন৷ ৪৫,৫৬০ জন লোকৰ মৃত্যু হৈছে আৰু মৃত্যুৰ হাৰ হ’ল ২.৬৩%৷
  • গুজৰাটঃ আৰোগ্যৰ হাৰ হ’ল ৯১.২৮%৷ বুধবাৰে ১১২৫ জন লোক  নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ আহমেদাবাদৰ পৰা সৰ্বাধিক ২০৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷
  • ৰাজস্থানঃ বুধবাৰে ২০৮০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ জয়পুৰ জিলাৰ পৰা সৰ্বাধিক ৪৫০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১.৭৯ লাখ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩২৮ জন৷
  • কেৰালাঃ আজিৰে পৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত পচ্ছাদ-ক’ভিড এলাৰ্ট ক্লিনিকসমূহ মুকলি কৰা হৈছে৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই কয় যে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসমূহক এই ক্লিনিক অথবা ই-সঞ্জীৱনী প্লেটফ’ৰ্মৰ দ্বাৰা যোগাযোগ কৰা হ’ব৷
  • তামিলনাডুঃ ১৬ নৱেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয়সমূহ খোলা নহ’ব; কেৱল ২ ডিচেম্বৰৰ পৰা  পিজি চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমসমূহহে আৰম্ভ কৰা হ’ব৷
  • কৰ্ণাটকঃ শেহতীয়া উপ নিৰ্বাচনত ক’ভিড-১৯ৰ নিৰ্দেশনাৱলী আৰু উপদেশসমূহৰ উলংঘা হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে অসহায়বোধ প্ৰকাশ কৰিছে৷ উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত নীতি উলংঘা কৰা ৰাজনৈতিক নেতাসমূহৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ১৭৩২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৮,৪৭,৯৭৭ জন৷ ৬৮২৮ জন লোকৰ মৃত্যু হৈছে৷ আৰোগ্যৰ হাৰ ৯৭.৭৩% আৰু মৃত্যুৰ হাৰ হ’ল ০.৮১%৷ শেহতীয়াকৈ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০,৯১৫ জন৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১০১৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ১৭১৬ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৩জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫৪৬৬৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৩২৩ জন, ১৩৯৩ জনৰ মৃত্যু হৈছে৷ ২,৩৫,৯৫০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ আৰোগ্যৰ হাৰ হ’ল ৯২.৬৫%৷

 

ফেক্ট চেক

 

Image

****

 

 


(Release ID: 1672489)