প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত কৰ- আতংকৰ পৰা কৰ-স্বচ্ছতাৰ দিশত অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী

সৎ কৰদাতাৰ মৰ্যাদাৰ ওপৰত মনোযোগ দিয়াটো সবাতোকৈ ডাঙৰ সংস্কাৰ

প্ৰধানমন্ত্ৰীয়ে আয়কৰ আপীলীয় ন্যায়াধিকৰণৰ কটক বিচাৰপীঠৰ কাৰ্যালয়-সহ-আৱাসিক পৰিসৰ মুকলি কৰে

Posted On: 11 NOV 2020 6:09PM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়কৰ আপীলীয় ন্যায়াধিকৰণৰ কটক বিচাৰপীঠৰ কাৰ্যালয়-সহ-আৱাসিক পৰিসৰ মুকলি কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিচাৰপীঠে এতিয়া কেৱল উৰিষ্যাকে নহয়, বৰং পূব আৰু উত্তৰ-পূব ভাৰতৰ লাখ লাখ কৰদাতাক আধুনিক সুবিধা প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত নিষ্পত্তি নোহোৱাকৈ থকা সকলো বিষয়ৰ সমাধানত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে আজি কয় যে দেশ কৰৰ আতংকৰ পৰা কৰত পাৰদৰ্শিতাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ কয় যে এই পৰিৱৰ্তন ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰেন্সফৰ্মৰ দৃষ্টিকোনৰ বাবে আহিছে। তেওঁ কয় যে প্ৰযুক্তিৰ সহায়ত নিয়ম আৰু প্ৰক্ৰিয়াবিলাক সংস্কাৰ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ''আমি স্পষ্ট উদ্দেশ্যৰে প্ৰদৰ্শন কৰি আছো আৰু লগতে কৰ প্ৰশাসনৰ মানসিকতা সলনি কৰি আছো।''

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া দেশৰ সম্পত্তি নিৰ্মাতাৰ জটিলতাসমূহ কম কৰা হয়, তেওঁলোকে সুৰক্ষা লাভ কৰে, তেতিয়া দেশৰ প্ৰশাসনৰ ওপৰত তেওঁলোকৰ বিশ্বাস বাঢ়ে। তেওঁ কয় যে এই বৰ্ধিত বিশ্বাসৰ পৰিণাম এয়াই যে দেশৰ বিকাশৰ বাবে কৰ প্ৰণালীত অন্তৰ্ভুক্ত হ'বৰ বাবে অধিক অংশীদাৰিত্ব আগবাঢ়ি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ কম হোৱাৰ লগতে কৰ প্ৰক্ৰিয়াত সৰলতা, সবাতোকৈ ডাঙৰ সংস্কাৰ স কৰদাতাৰ মৰ্যাদাৰ সৈতে সম্পৰ্কযুক্ত, যাতে তেওঁলোকক দুশ্চিন্তাৰ পৰা বচাব পাৰি।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ বিচাৰ প্ৰক্ৰিয়াত আয়কৰ ৰিটাৰ্ন দাখিল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণৰূপে বিশ্বাস কৰা। ইয়াৰ পৰিণাম স্বৰূপে, আজি দেশত দাখিল কৰা ৯৯.৭৫% ৰিটাৰ্ন কোনো আপত্তি নকৰাকৈ মানি লোৱা হৈছে। তেওঁ কয় যে এয়া দেশৰ কৰ প্ৰণালীত এটা ডাঙৰ পৰিৱৰ্তন।

 

শ্ৰী মোদীয়ে কয় যে দাসত্বৰ দীঘলীয়া সময়ে কৰদাতা আৰু কৰ সংগ্ৰাহকৰ মাজত সম্পৰ্কবিলাক শোষিত আৰু শোষকৰ কৰি তুলিলে। গোস্বামী তুলসীদাসৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয়, “बरसत हरसत सब लखें, करसत लखे कोय तुलसी प्रजा सुभाग से, भूप भानु सो होय” ইয়াৰ অৰ্থ হৈছে যে যেতিয়া মেঘে বৰষুণ দিয়ে, তেতিয়া আমি সকলোৱে তাৰ মুনাফা দেখা পাওঁ; কিন্তু যেতিয়া মেঘ সৃষ্টি হয়, তেতিয়া সূৰ্যই পানী শোষণ কৰে, কিন্তু কাৰো অসুবিধা নহয়। প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ একত্ৰিত কৰাৰ সময়ত শাসনক সাধাৰণ মানুহৰ বাবে অসুবিধা সৃষ্টি কৰা অনুচিত; কিন্তু যেতিয়া এই ধন নাগৰিকলৈ যায়, তেতিয়া মানুহে নিজৰ জীৱনত ইয়াৰ মুনাফা অনুভৱ কৰিবলৈ পাব লাগে। তেওঁ কয় যে বছৰ বছৰ ধৰি চৰকাৰে এই দৃষ্টিভংগীৰে আগবাঢ়ি আছে আৰু আজিৰ কৰদাতাই সম্পূৰ্ণ কৰ প্ৰণালীত ব্যাপক পৰিৱৰ্তন আৰু পাৰদৰ্শিতা দেখি আছে। তেওঁ কয় যে যেতিয়া কৰদাতাই ৰিফাণ্ডৰ বাবে কেইবামাহ অপেক্ষা কৰিবলগীয়া নহয় আৰু কেইসপ্তাহ মানৰ ভিতৰতে তেওঁলোকে ৰিফাণ্ড পাই যায়, তেতিয়া তেওঁলোকে কৰ প্ৰণালীত পাৰদৰ্শিতা অনুভৱ কৰে। যেতিয়া তেওঁলোকে দেখে যে বিভাগে পুৰণা বিবাদ নিজৰ শক্তিৰে নিষ্পত্তি কৰিছে, তেতিয়া তেওঁলোকে সেই পাৰদৰ্শিতা অনুভৱ কৰে। যেতিয়া তেওঁলোকে স্পষ্ট আপীলৰ আনন্দ লয়, তেতিয়া তেওঁলোকে কৰ পাৰদৰ্শিতা অনুভৱ কৰে। যেতিয়া তেওঁ লোকে দেখে যে আয়কৰ একেৰাহে কম হৈ আছে তেতিয়া তেওঁলোকে পাৰদৰ্শিতা অনুভৱ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৫ লাখ টকালৈকে আয়ৰ ওপৰত শূন্য কৰক আজি নিম্ন মধ্যম বৰ্গৰ আমাৰ দেশৰ যুৱক-যুৱতীসকলক প্ৰদান কৰা ডাঙৰ লাভ বুলি কয়। তেওঁ কয় যে চলিত বছৰত বাজেটত দিয়া আয়কৰৰ নতুন বিকল্পই কৰদাতাৰ জীৱনক সৰল কৰি তুলিছে। তেওঁ কয় যে বিকাশৰ গতি দ্ৰুত কৰা আৰু ভাৰতক অধিক বিনিয়োগৰ অনুকূল কৰি তুলিবলৈ কৰ্পৰেট টেক্সত ঐতিহাসিক কৰ্তন কৰা হৈছে। তেওঁ কয় যে দেশত নিৰ্মাণৰ ক্ষেত্ৰত স্বাৱলম্বী গঢ়ি তুলিবলৈ দেশীয় নিৰ্মাণ কোম্পানীৰ বাবে কৰৰ নতুন হাৰ ১৫% নিৰ্দ্ধাৰিত কৰা হৈছে। তেওঁ কয় যে ডিভিডেণ্ড ডিষ্ট্ৰীবিউশ্যন টেক্সক ভাৰতৰ পুঁজি বজাৰত বিনিয়োগ বৃদ্ধি কৰিবলৈও সমাপ্ত কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ-জিএছটিয়ে কৰৰ পৰিসৰো কমাই দিলে আৰু অধিকাংশ সামগ্ৰী আৰু সেৱাত কৰৰ হাৰো কমি গ'ল। তেওঁ কয় যে আইটিএটিত আপীলৰ সীমা ৩ লাখ টকাৰ পৰা বাঢ়ি ৫০ লাখ আৰু উচ্চতম ন্যায়ালয়ত ২ কোটি টকা কৰিবলৈ বিবাদৰ বোজা কম কৰাৰ পৰিণাম স্বৰূপে দেশত ব্যৱসায় কৰাত সহজ হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে আয়কৰ আপীলীয় ন্যায়াধিকৰণেও ভাৰ্চুৱেল মাধ্যমত শুনানিৰ বাবে সমগ্ৰ দেশতে নিজৰ পীঠসমূহ উন্নত কৰি আছে। তেওঁ কয় যে প্ৰযুক্তিৰ যুগত সম্পূৰ্ণ প্ৰণালী উন্নত কৰাটো বহুত গুৰুত্বপূৰ্ণ। তেওঁ জোৰ দি কয় যে বিশেষকৈ আমাৰ ন্যায়পালিকাত প্ৰযুক্তিৰ অধিক ব্যৱহাৰে দেশৰ নাগৰিকক নতুন সুবিধা দিবলৈ আৰম্ভ কৰিছে।

 

***

DS/AK



(Release ID: 1672129) Visitor Counter : 222