PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 NOV 2020 5:52PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

কেইবাটাও নজিৰবিহীন শিখৰত আৰোহণ ভাৰতৰ, সক্ৰিয় কেছলড ৫ লাখৰ নিম্ন, মুঠ আৰোগ্য লাভৰ ৮০ লাখ অতিক্ৰম, মুঠ টেষ্টে অতিক্ৰম কৰিলে ১২ কোটি

বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে সন্মিলিত যুঁজখনত ভাৰতে কেইবাটাও লেণ্ডমাৰ্ক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ১০৬ দিনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ সক্ৰিয় কেছলড ৫ লাখ সীমাৰ তলত অৱস্থান কৰিছে। আজি, মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪,৯৪,৬৫৭। ২৮ জুলাইত ইয়াৰ পৰিমাণ আছিল ৪,৯৬,৯৮৮। ইয়াৰ জৰিয়তে, সক্ৰিয় কেছলডৰ গড় হয় মুঠ পজিটিভ ঘটনাৰ ৫.৭৩% তদুপৰি ই দেশখনত সক্ৰিয় ঘটনাৰ ক্ৰমহ্ৰাসমান প্ৰৱণতাকে প্ৰতিফলিত কৰিছে। সমগ্ৰ বিশ্বখনৰ বহু দেশত নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়ত ই বিশেষ তাৎপৰ্য বহন কৰিছে। এই লেণ্ডমাৰ্ক সফলতা সম্ভৱ কৰি তুলিছে কেন্দ্ৰৰ স্থায়ী, মানসম্পন্ন আৰু নিৰ্ধাৰিত ব্যৱস্থাসমূহে। ইয়াক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ফলপ্ৰসূতাৰে ৰূপায়ণ কৰিছে। ইয়াত বৰঙণি যোগাইছে চিকিৎসক আৰু আন কভিড-১৯ যোদ্ধাসকলৰ সমৰ্পিত আৰু নিঃস্বাৰ্থ সেৱাই। ২৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনা ২০,০০০ ৰ কম হৈ পৰে। মাথো ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনাৰ সংখ্যাহে ২০,০০০ ৰ বেছি। দুই ৰাজ্য (মহাৰাষ্ট্ৰ আৰু কেৰালা)ৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৫০,০০০ তকৈ অধিক। যোৱা ২৪ ঘন্টাত নতুন ঘটনাৰ সংখ্যা হৈছে ৪৪,২৮১। ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত আৰোগ্য লাভৰ সংখ্যা আছিল ৫০,৩২৬। দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি পাই থকা এইটো ৩৯ নম্বৰৰ দিন। মুঠ আৰোগ্য আৰু মুঠ সক্ৰিয় ঘটনাৰ মাজৰ পাৰ্থক্য বৃদ্ধিৰে মুঠ আৰোগ্য লাভৰ সংখ্যাও এই সময়ছোৱাত বৃদ্ধি পালে। মুঠ আৰোগ্যৰ সংখ্যাই ৮০ লাখৰ সীমা অতিক্ৰম কৰিলে। আজিৰ তাৰিখত মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ৮০,১৩,৭৮৩। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ৭৫,১৯,১২৬ লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভৰ হাৰ ৯২.৭৯% লৈ বৃদ্ধি পাইছে। আন এটা মাইলৰ খুঁটি হিচাপে, ভাৰতে মুঠ ১২ কোটি টেষ্ট অতিক্ৰম কৰিছে। যোৱা ২৪ ঘন্টাত দেশখনত ১১,৫৩,২৯৪ টা টেষ্ট সম্পন্ন কৰা হয়। টেষ্টিং আন্তঃগাঁথনিৰ অভূতপূৰ্ব বৰ্ধনৰ জৰিয়তে দৈনিক নিম্ন ঘটনাৰ প্ৰৱণতা অব্যাহত ৰখাটো সম্ভৱ হৈ পৰে। অধিক টেষ্টিঙে সংক্ৰমিত লোকসকলৰ আৰম্ভণিতে চিনাক্তকৰণত সহায় আগবঢ়ায়। ই সুস্থ লোকলৈ ভাইৰাছটোৰ সংক্ৰমণ হোৱাত বাধা জন্মায়। দৈনিক নতুন ঘটনাৰ সংখ্যা ৫০,০০০ ৰ নিম্ন হৈ আছে। নতুনকৈ আৰোগ্য লাভ কৰাসকলৰ ভিতৰত ৭৭% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। মহাৰাষ্ট্ৰত এদিনতে আৰোগ্য় লাভৰ সংখ্যা সৰ্বাধিক। ৰাজ্যখনত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ পৰিমাণ হৈছে ৬,৭১৮। ইয়াৰ পাছতেই থকা কেৰালাৰ পৰিমাণ হৈছে ৬,৬৯৮। ৬,১৫৭ টা ঘটনাৰে ইয়াৰ পাছতেই আছে দিল্লী। নতুন ঘটনাৰ ৭৮% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৭,৮৩০ দৈনিক নতুন ঘটনাৰে শীৰ্ষত আছে দিল্লী। ইয়াৰ পাছতেই থকা কেৰালাৰ এই পৰিমাণ হৈছে ৬,০১০টা। কভিডত মৃত্যু হোৱাৰ ঘটনাৰ ৭৯% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা ২৪ ঘন্টাত ৫১২ টা মৃত্যুৰ ঘটনা সংঘটিত হয়। মুঠ ঘটনাৰ মৃত্যুৰ হাৰ হৈছে ১.৪৮% আৰু ই ধাৰাবাহিকভাৱে অৱনমিত হৈ আছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ১১০ আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰ পাছতেই থকা দিল্লী আৰু পশ্চিম বংগত ক্ৰমে ৮৩ আৰু ৫৩ জন লোকৰ মৃত্যু হৈছে।

অধিক বিৱৰণৰ বাবে

 

৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ ৰাজ্যিক বিষয়াৰে কভিড পৰিস্থিতি আৰু জন স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু প্ৰধান সচিব/অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে মত-বিনিময় কৰে। এই ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু গোৱা। এই মত-বিনিময়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী টি.এছ. ৰাৱাট, মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন. বীৰেন সিং, মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী ৰাজেশ টপে, মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী ডঃ আৰ. লালথাংলিয়ানা, গোৱাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী বিশ্বজিত প্ৰতাপসিং ৰাণে, ত্ৰিপুৰাৰ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰতন লাল নাথে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। ইয়াত সংশ্লিষ্ট ৰাজ্যকেইখনৰ কভিডৰ সাম্প্ৰতিক পৰিস্থিতি তথা জনস্বাস্থ্য ব্যৱস্থাপনা আৰু জন আন্দোলনত সাফল্যমণ্ডিত কৰি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বুজ লয় কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰীজনে।

অধিক বিৱৰণৰ বাবে

 

ব্ৰিকছ প্ৰতিপক্ষক কভিডৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ কথা বৰ্ণনা কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ব্ৰিকছ স্বাস্থ্যমন্ত্ৰীসকলৰ সন্মিলনত ডিজিটেলী অংশগ্ৰহণ কৰে। ইয়াত তেওঁ কয়,ভাৰতত কভিড-১৯ ৰ বিৰুদ্ধে বিকেন্দ্ৰীকৃত অথচ ঐক্যবদ্ধ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰতিজন আক্ৰান্তই যাতে সাৰ্বজনীন, সুগম, সমান আৰু সাশ্ৰয়ী স্বাস্থ্য সেৱা লাভ কৰে, তাত গুৰুত্ব প্ৰদান কৰা হৈছে। কভিড-১৯ৰ বাবে আমাৰ একক সঁহাৰি কৌশলে এয়া সুনিশ্চিত কৰি তুলিছে।

অধিক বিৱৰণৰ বাবে

 

১৩ নৱেম্বৰ, ২০২০ত জামনগৰ আৰু জয়পুৰত দুই আয়ুৰ্বেদ প্ৰতিষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰ, ২০২০ত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৫ম আয়ুৰ্বেদ দিৱস উপলক্ষে জামনগৰত ইনষ্টিটিউট এণ্ড টিচিং এণ্ড ৰিচাৰ্ছ ইন আয়ুৰ্বেদ (ITRA) আৰু জয়পুৰত নেশ্যনেল ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (NIA) উদ্বোধন কৰিব। এই প্ৰতিষ্ঠানদুখনিয়ে ২১শ শতিকাত আয়ুৰ্বেদৰ বিকাশ আৰু উন্নয়নত বৈশ্বিক নেতৃত্বৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ২০১৬ৰ পৰা প্ৰতিবছৰে ধনন্তৰী জয়ন্তীৰ দিনটোত আয়ুৰ্বেদ দিৱস পালন কৰি অহা হৈছে। এই বছৰ ১৩ নৱেম্বৰ, ২০২০ত এই দিৱসটি পৰিছে।

অধিক বিৱৰণৰ বাবে

 

আত্মনিৰ্ভৰ ভাৰতক উদগণি যোগাবলৈ ভাৰতৰ মেনুফেকচাৰিং সামৰ্থ্য আৰু ৰপ্তানিৰ বৰ্ধনৰ অৰ্থে ১০ টা মূল খণ্ডলৈ পিএলআই আঁচনিত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আত্মনিৰ্ভৰ ভাৰতক উদগণি যোগাবলৈ ভাৰতৰ মেনুফেকচাৰিং সামৰ্থ্য আৰু ৰপ্তানিৰ বৰ্ধনৰ অৰ্থে ১০ টা মূল খণ্ডলৈ প্ৰডাকচন-লিংকড ইনচেনটিভ (PLI) আঁচনি প্ৰৱৰ্তনত অনুমোদন জনালে। এই খণ্ডকেইটা হৈছেঃ এডভান্স কেমেষ্ট্ৰী, চেল (এচিচি) বেটাৰী (নিটি আয়োগ আৰু গুৰু উদ্যোগ বিভাগ), ইলেকট্ৰনিক/টেকনলজি প্ৰডাক্ট (ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়), অটবাইল অট কম্পনেন্ট (গুৰু উদ্যোগ বিভাগ), ফাৰ্মাচিউটিকেল ড্ৰাগছ (ফাৰ্মাচিউটিকেল বিভাগ),  টেলিকম ও নেটৱৰ্কিং প্ৰডাক্ট (টেলিকম বিভাগ), টেক্সটাইল প্ৰডাক্টঃ এমএমএফ শিতান আৰু টেকনিকেল টেক্সটাইল (টেক্সটাইল মন্ত্ৰালয়), খাদ্য প্ৰডাক্ট (খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়), উচ্চ সক্ষমতা বিশিষ্ট সৌৰ পিভি মডিউল (নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়), হোৱাইট গুডছ (এচি ও এলইডি) (উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰমশ্যন বিভাগ) আৰু বিশেষীকৃত ষ্টীল (তীখা মন্ত্ৰীলয়)

অধিক বিৱৰণৰ বাবে

 

ইনফ্ৰাচট্ৰাকচাৰ ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অৰ্থে আৰ্থিক সাহাৰ্য্যৰ বাবে আঁচনি অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ইনফ্ৰাচট্ৰাকচাৰ ভায়েবিলিটি গেপ ফাণ্ডিং ভিজিএফ আঁচনিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অৰ্থে আৰ্থিক সাহাৰ্য্যৰ বাবে আঁচনি অব্যাহত ৰখাত অনুমোদন জনালে। ইয়াৰ জৰিয়তে ২০২৪-২৫ লৈ মুঠ ৮,১০০ কোটি টকা আগবঢ়োৱাৰ পথ প্ৰশস্ত হৈ পৰিল। কেবিনেটৰ এই অনুমোদনে অধিক পিপিপি প্ৰকল্পক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে সামাজিক খণ্ডসমূহত ব্যক্তিগত বিনিয়োগ প্ৰশস্ত কৰি তুলিব।

অধিক বিৱৰণৰ বাবে

 

এছচিঅ ৰাষ্ট্ৰৰ মুৰব্বী পৰিষদৰ ২০ সংখ্যক সন্মিলন

এছচিঅ’ ৰাষ্ট্ৰৰ মুৰব্বী পৰিষদৰ ২০ সংখ্যক সন্মিলন ১০ নৱেম্বৰ, ২০২০ ত অনুষ্ঠিত (ভিডিঅ’ কনফাৰেন্স ফৰ্মেটত) হয়। এই বৈঠকখনিত অধ্যক্ষতা কৰে ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি শ্ৰী ভ্লাদিমিৰ পুটিনে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰতিনিধিত্বক নেতৃত্ব প্ৰদান কৰে। আন এছচিঅ’ সদস্য ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰপতিয়ে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানক প্ৰধানমন্ত্ৰী পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হয়। আন অংশগ্ৰহণকাৰীসকল হৈছেঃ এছচিঅ’ সচিবালয়ৰ সচিব প্ৰধান, এছচিঅ’ ৰিজিঅ’নেল এন্টি-টেৰ’ৰিষ্ট ষ্ট্ৰাকচাৰৰ কাৰ্যবাহী সঞ্চালক, এছচিঅ’ৰ চাৰি পৰ্যবেক্ষক (আফগানিস্তান, বেলাৰুছ, ইৰাণ, মংগোলিয়া)ৰ ৰাষ্ট্ৰপতিসকল। এয়া আছিল ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰথমখনি এছচিঅ’ সন্মিলন আৰু ২০১৭ ত ভাৰতত পূৰ্ণকালীন সদস্য হোৱাৰ পাছত তৃতীয়খনি বৈঠক। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছচিঅ’ নেতাসকলক সম্বোধন কৰি ক’ভিড-১৯ মহামাৰীটোৰ বাবে উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু বাধা সত্বেও এই বৈঠকখনিৰ আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ সম্বোধনত, তেখেতে মহামাৰীটোৰ পৰৱৰ্তী সময়ত সামাজিক আৰু আৰ্থিক প্ৰভাৱত ভূগি থকা বিশ্বৰ প্ৰত্যাশাসমূহ পূৰণ কৰিবলৈ সংশোধিত বহুপাক্ষিকতাৰ অত্যন্ত আৱশ্যকীয়তাৰ কথা উল্লেখ কৰে। ইউএনএছচিৰ অ-স্থায়ী সদস্য হিচাপে ২০২১ ৰ ১ জানুৱাৰীৰপৰা আৰম্ভ হ’বলগীয়া ভাৰতৰ কাৰ্যকালত লক্ষ্য হ’ব বৈশ্বিক শাসনত আকাংক্ষিত পৰিৱৰ্তন সাধন কৰিবলৈ ‘সংশোধিত বহুপাক্ষিকতা’ বিষয়বস্তুৰে কাম কৰি যোৱা। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বদ্ধমূল বিশ্বাসসমূহ যথাঃ আঞ্চলিক শান্তি, সুৰক্ষা আৰু সমৃদ্ধি আৰু সন্ত্ৰাসবাদ, অবৈধ অস্ত্ৰ, ড্ৰাগছৰ সৰবৰাহ, ধন-শৰাধৰ বিৰুদ্ধে সবল কণ্ঠৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে ভাৰতৰ সাহসী জোৱানসকলে ৰাষ্ট্ৰসংঘৰ প্ৰায় ৫০ শান্তিৰক্ষাকাৰী অভিযানত অংশগ্ৰহণ কৰিছে আৰু মহামাৰীটোৰ সময়ছোৱাত ভাৰতৰ ফাৰ্মা উদ্যোগে ১৫০ ৰোধিক দেশলৈ নিত্যপ্ৰয়োজনীয় মেডিচিন যোগান ধৰিছে। প্ৰধানমন্ত্ৰীয়ে এছচিঅ’ অঞ্চলৰ সৈতে ভাৰতৰ শক্তিশালী সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰে আৰু ইন্টাৰনেশ্যনেল নৰ্থ-ছাউথ ট্ৰেন্সপ’ৰ্ট কৰিডৰ, চাবাহৰ প’ৰ্ট আৰু আশাগাবাত চুক্তিৰ দৰে প্ৰচেষ্টাৰে অঞ্চলটোত যোগাযোগক শক্তিশালী কৰিবলৈ ভাৰতৰ ঐকান্তিক অংগীকাৰৰ কথা দোহাৰে। তদুপৰি তেখেতে ২০২১ ত এছচিঅ’ৰ ২০ সংখ্যক বাৰ্ষিকী “এছচিঅ’ ইয়েৰ অৱ কালচাৰ” হিচাপে উদযাপনত পূৰ্ণ সমৰ্থন আগবঢ়াই আৰু ভাৰতৰ নিজা পদক্ষেপৰ কথা সদৰী কৰি কয় যে নেশ্যনেল মিউজিয়াম অৱ ইণ্ডিয়াৰদ্বাৰা শ্বেয়াৰড বৌদ্ধ হেৰিটেজ সন্দৰ্ভত প্ৰথমখনি এছচিঅ’ প্ৰদৰ্শনী, অহা বৰ্ষত ভাৰতত এছচিঅ’ ফুড ফেষ্টিভেল অনুষ্ঠিত আৰু দহ আঞ্চলিক ভাষাৰ সাহিত্য কৰ্মক ৰাছিয়ান আৰু চাইনীজলৈ অনুবাদ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ৩০ নৱেম্বৰ, ২০২০ত ভাৰ্চুৱেল ফৰ্মেটত এছচিঅ’ চৰকাৰৰ মুৰব্বী পৰিষদৰ পৰৱৰ্তী নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা ব্যক্ত কৰে। তদুপৰি ভাৰতে এছচিঅ’ত উদ্ভাৱন আৰু ষ্টাৰ্টআপক লৈ এটা স্পেচিয়েল ৱৰ্কিং গ্ৰুপ আৰু পৰম্পৰাগত মেডিচিনক লৈ এটা চাব গ্ৰুপ গঠনৰ প্ৰস্তাৱ জনাইছে। তেখেতে মহামাৰী-পৰৱৰ্তী বিশ্বখনত “আত্ম নিৰ্ভৰ ভাৰত”ৰ লক্ষ্যৰ কথা উল্লেখ কৰি কয় যে ই এছচিঅ’ অঞ্চলত বৈশ্বিক অৰ্থনীতি আৰু অৰ্থনৈতিক প্ৰগতিৰ অৰ্থে বল গুণক হিচাপে পৰিগণিত হ’ব। প্ৰধানমন্ত্ৰী তাজিকিস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইম’মালি ৰহমনক এছচিঅ’ৰ পৰৱৰ্তী বৰ্ষৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ বাবে অভিনন্দন জনাই আৰু ভাৰতৰপৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

অধিক বিৱৰণৰ বাবে

 

ভিড মহামাৰীৰ সময়ছোৱাত কৰা উল্লেখযোগ্য কৰ্মৰ বাবে চিএলচি, ইপিএফঅ আৰু ইএছআইচিৰ বিষয়া-বৰ্গক শ্ৰী গংৱাৰৰ সম্বৰ্ধনা

অধিক বিৱৰণৰ বাবে

 

জীৱনত আত্মনিৰ্ভৰ হৈ উঠাত চৰকাৰে পেঞ্চনাৰসকলক সহায় কৰি আছেঃ ডাঃ জিতেন্দ্ৰ সিং

অধিক বিৱৰণৰ বাবে

 

ভাৰতীয় ৰেলৱেৰ স্বাস্থ্য সেৱা ব্যৱস্থাত এইচএমআইএছ ৰূপায়ণ কৰিবলৈ ৰেলটেলক জড়িতকৰণ

অধিক বিৱৰণৰ বাবে

 

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অসমঃ যোৱা ২৪ ঘন্টাত অসমত ২৫৩৩৯ টা টেষ্ট সম্পন্ন কৰা হৈছে আৰু ২৭১ টা কভিড-১৯ ঘটনা চিনাক্ত কৰা যায়। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ১.০৭%
  • মহাৰাষ্টঃ মহাৰাষ্ট্ৰত মঙলবাৰে নতুন কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৩,৭৯১ টা। ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৭.২৭ লাখলৈ বৃদ্ধি পালে। আৰোগ্য লাভৰ বৰ্ধিত সংখ্যাৰ পৰিপ্ৰেক্ষিতত ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা ১ লাখৰ অৱনমিত হৈ পৰিছে। বৰ্তমান ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৯২,৪৬১।
  • গুজৰাটঃ গুজৰাট চৰকাৰে ২৩ নৱেম্বৰৰপৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰখনে। এই সন্দৰ্ভত ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে জনাই যে ইতিমধ্যে নীতি-নিৰ্দেশনা চূড়ান্ত কৰা হৈছে।
  • ৰাজস্থানঃ মঙলবাৰে ৰাজস্থানত ১,৯০২ টা নতুন কভিড-১৯ৰ ঘটনা চিনাক্ত কৰা হৈছে। একে সময়তে আৰু ১০ জন কভিড আক্ৰান্তৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত মৃত্যুৰ সংখ্যা ২,০০৮ লৈ বৃদ্ধি পালে।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত মঙলবাৰে নতুন কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৯০০ টা। ইয়াৰ ফলত ৰাজ্যখনত মুঠ কভিড আক্ৰান্তৰ সংখ্যা ১,৭৯,০৬৮ লৈ বৃদ্ধি পালে। একে সময়ছোৱাত ৰাজ্যখনত আৰু আঠজন কভিড আক্ৰান্তৰ মৃত্যু হৈছে।
  • চত্তীশগড় মঙলবাৰে চত্তীশগড়ত নতুনকৈ কভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,৬৭৯ টা। ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা ২,০৪,২০২ লৈ বৃদ্ধি পালে। ইফালে আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা ১,৮০,৯৯৫ লৈ বৃদ্ধি পাইছে।
  • কেৰালাঃ কেৰালা কেবিনেটে আজি ৰাজ্যখনৰ ৰাজ্যপালক কেৰালা পঞ্চায়তীৰাজ আইন আৰু পৌৰ আইন সংশোধনৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ জৰিয়তে কভিড-১৯ত আক্ৰান্তসকলক সকাহ প্ৰদান কৰা আৰু স্থানীয় পৌৰ নিৰ্বাচন অনুষ্ঠিতৰ পথ প্ৰশস্ত হৈ পৰিব। ইফালে, ৰাজ্যখনৰ মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰখনে সিদ্ধান্ত গ্ৰহণ কৰা নাই।
  • তামিল নাডুঃ ৰাজ্যখনৰ পৰ্যটন স্থানসমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিল নাডু চৰকাৰে। ইয়াত কভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সীমান্তবৰ্তী অঞ্চলসমূহত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আজি এই কথা সদৰী কৰিছে।
  • কৰ্ণাটকঃ কৰ্ণাটকৰ বিদ্যালয়সমূহ ১ ডিচেম্বৰৰপৰা পুনৰ মুকলিৰ পৰামৰ্শেৰে বিভাগীয় আয়ুক্তই ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। সকলো পক্ষৰে আলোচনা কৰি বিভাগে এই পৰামৰ্শ আগবঢ়াইছে। ইফালে ৰাজ্য চৰকাৰখনক আৰু দুই ৰাউণ্ড ছেৰ ছাৰ্ভে সম্পন্ন কৰাৰ পৰামৰ্শ আগবঢ়ায়।
  • অন্ধ্ৰ প্ৰদেশঃ আইআইটি-তিৰুপতিয়ে পুনৰ ব্যৱহাৰযোগ্য এন-৯৫ ৰ সমতুল্য মাস্ক প্ৰস্তুত কৰিবলৈ আমাৰা ৰাজা গ্ৰুপৰ সৈতে লগ লাগিছে। 
  • তেলেংগানাঃ তেলেংগানাত যোৱা ২৪ ঘন্টাত নতুন ঘটনাৰ সংখ্যা হৈছে ১১৯৬ টা। আৰোগ্য লাভৰ সংখ্যা হৈছে ১৭৪৫ টা আৰু মৃত্যুৰ সংখ্যা হৈছে ০৫ টা।

 

 

ফেক্ট চেক

Image

*******

YB



(Release ID: 1672113) Visitor Counter : 120