শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ইএছআইচিৰ অটল বীমিত ব্যক্তি কল্যাণ যোজনা(এবিভিকেৱাই)ৰ অধীনত এতিয়াৰে পৰা শপতনামা প্ৰ-পত্ৰৰ জৰিয়তে দাবী কৰাৰ প্ৰয়োজন নাই

অনলাইন প্ৰক্ৰিয়াৰে স্কেন কৰা যাৱতীয় তথ্য-পাতিৰ সৈতে দাবী পূৰণ কৰিব পাৰিব

Posted On: 08 NOV 2020 2:07PM by PIB Guwahati

ইএছআই কৰ্পৰেশ্যনৰ যোৱা ২০আগষ্টত অনুষ্ঠিত বৈঠকত অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ ম্যাদ এক জুলাই ২০২০ৰ পৰা বৃদ্ধি কৰি ৩০ জুন, ২০২১ পর্যন্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছেনিগমৰ বৈঠকত এই সিদ্ধান্তও লোৱা হৈছে যে  আঁচনিৰ অধীনত সাহায্যৰ বর্তমান হাৰ গড় দৈনিক আয়ৰ ২৫ শতাংশৰ পৰা বৃদ্ধি কৰি গড় দৈনিক আয়ৰ ৫০ শতাংশ কৰা হইয়াৰ উপৰি আঁচনিৰ যোগ্যতাৰ চর্তাৱলীৰ ম্যাদ শিথিল কৰি ২০২০ৰ ২৪ মার্চৰ পৰা ২০২০ৰ ৩১ ডিচেম্বৰ পর্যন্ত কৰা হৈছেইয়াৰ ফলত কভিড-১৯   মহামাৰীৰ সময়ত যিসকল শ্রমিক-কর্মচাৰী কর্মহীন হৈ পৰিছিল তেঁওলোকে সকাহ পাব।

 

আঁচনিৰ সুযোগ সুবিধাৰ অধীনত হিতাধিকাৰীসকলৰ প্রতিক্রিয়া বিশ্লেষণ কৰি জানিব পৰা গৈছে যে, শপতনামা দাখিলৰ জৰিয়তে দাবী সংক্রান্তীয় কাগজপত্র জমা দিয়াৰ ক্ষেত্রত আৱেদনকাৰীসকলে সমস্যাৰ সন্মুখীন হৈছেসেয়ে হিতাধিকাৰীসকলৰ সমস্যাৰ বিষয়টি বিবেচনা কৰি সিদ্ধান্ত লোৱা হৈছে যে অটল বীমিত ব্যাক্তি কল্যাণ যোজনাৰ অধীনত কোনো হিতাধিকাৰীয়ে সোশৰীৰে গৈ প্রাপ্য দাবীৰ ক্ষেত্রত শপতনামা দাখিল কৰিব নালাগিবঅনলাইনৰ জৰিয়তে প্রয়োজনীয় নথিপত্রৰ স্কেন কপি আপলোড কৰিব লাগিব। আধাৰ আৰু বেংকৰ বিস্তাৰিত বিৱৰণো অনলাইনত উল্লখ কৰিব লাগিবঅৱশ্যে অনলাইনৰ জৰিয়তে দাবী দাখিলৰ সময়ত যদি নথিপত্র আপলোড কৰা নহয় সেইক্ষেত্রত শপতনামা দাখিলকাৰীয়ে নিজৰ স্বাক্ষৰ সম্বলিত প্রয়োজনীয় নথিপত্রসমূহৰ প্রিন্টআউট জমা কৰিব লাগিবশপতনামা প্ৰ-পত্ৰত দাবী দাখিলৰ চৰ্ত পৰিহাৰ কৰা হৈছে

 

উল্লেখ্য যে, কর্মচাৰী ৰাজ্যিক বীমা যোজনা আঁচনি বর্তমান ৩৪খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৬৬খন জিলাত কাৰ্যকৰী হৈ আছে

   

 *****

RCJ/RNM/IA/KG



(Release ID: 1671353) Visitor Counter : 167