ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

তৃণমূলস্তৰৰ সমস্যাৰ সমাধানত সমগ্ৰ ভাৰতৰ ১৩০০ৰো অধিক উজ্বলমনস্ক যুৱচামে গভ টেক-থন ২০২০ত যোগ দিছে

ৰাষ্ট্ৰজোৰা ভাৰ্চুৱেল হেকাথনত যোগ দিছে এনআইচি, আইইইই আৰু অৰাকল

ঘোষিত হৈছে বিজয়ী; অট’মেটিং বাহন ফিটনেছ পৰীক্ষণৰ বাবে এক উদ্ভাৱনীমূলক সমাধান প্ৰট’টাইপ প্ৰদৰ্শন কৰিছে ফিট ফৰ ফিউচাৰ দলে

Posted On: 06 NOV 2020 12:31PM by PIB Guwahati

কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত নেচনেল ইনফৰমেটিক্স চেন্টাৰ (এনআইচি), আইইইই কম্পিউটাৰ ছ’চাইটী তৰা অৰাকলৰ সহযোগিতাত আয়োজিত গভ টেক-থন, ২০২০ সফল ভাবে ১ নৱেম্বৰত সামৰণি পৰে। ৩৬ ঘন্টা ধৰি সমগ্ৰ ভাৰতবর্ষ জুৰি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এই হেকাথনৰ আয়োজন কৰা হয়। ইয়াত ৩৯০টা দলৰ ১,৩০০ ৰো অধিক উজ্জ্বলমনস্ক যুবচামে নাম নথিভুক্ত কৰিছিল। বিগত দুসপ্তাহে এই হেকাথনৰ ৱেবপেজ প্রত্যক্ষ কৰিছে ১৫ হাজাৰতকৈও অধিক মানুহে।

 

কেন্দ্রীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয় তথা শিক্ষা মন্ত্রালয়ৰ পাঁচটা সমস্যাৰ সমাধানত ১০০টা দলৰ ৪৪৭ জনৰ নাম নথিভুক্ত হৈছিল। চৰকাৰ, শিক্ষাবিদ তথা শিল্প সংস্থাৰ ২৭ জনৰ এটি জুৰিৰ পেনেলে তেওঁলোকৰ উত্থাপিত বিষয়সমূহ মূল্যায়ন কৰে৷

 

এইবাৰৰ গভ টেক-থন ২০২০-ত যি পাঁচটি সমস্যাৰ সমাধানৰ বাবে উদ্ভাৱনী সমাধান তুলি ধৰাৰ বাবে আহ্বান জনোৱা হৈছিল সেইসমূহ হ’ল – (১) কৃষিক্ষেত্রত উপাদনশীলতা বৃদ্ধি, বিভিন্ন বতৰত কৃষকৰ বাবে বিকল্প ফচলৰ ব্যৱস্থা; (২) বীজ সৰবৰাহৰ শৃঙ্খল ঠিক ৰখা, বীজৰ মানোন্নয়ন; (৩) ম’বাইল / ৱেবভিত্তিক এপ্লিকেছনত স্কেন আৰু আপলোড কৰাৰ পদ্ধতিৰ উন্নয়ন; (৪) ৰিমোট ছুপাৰভিজন ছফ্টৱেৰ তথা ৱেবকেমৰ মাধ্যমত ঘৰ অথবা প্রতিষ্ঠানত অনলাইন পৰীক্ষা ব্যৱস্থাপনাৰ ওপৰত নজৰ; (৫) যান-বাহনৰ ফিটনেচ পৰীক্ষা পদ্ধতিত স্বয়ংক্রিয় ব্যৱস্থাপনা সৰঞ্জাম নির্মাণ।

 

ৰবার্ট বসু ইঞ্জিনিয়াৰিং তথা বিজনেছ ছলিউচন প্রাইভেট লিমিটেডৰ 'ফিট ফৰ ফিউচাৰে' এই হেকাথনত প্রথম স্থান অধিকাৰ কৰিছে। যান-বাহনৰ ফিটনেচ পৰীক্ষাত স্বয়ংক্রিয় ব্যৱস্থাপনা ক্ষেত্রত উদ্ভাৱনী সমাধানৰ নমুনা প্রদর্শনৰ বাবে তেওঁলোকে প্রথম স্থান অর্জন কৰিছে। ইণ্ডিয়ান ইনষ্টিটিউট অব্ ইনফৰমেছন টেকনলজী, বদোদৰাৰ 'হেক ডেমনচে' দ্বিতীয় স্থান অর্জন কৰিছে।

 

গভ টেক-থন ২০২০-ৰ সমাপ্তি অনুষ্ঠানৰ ভাষণত এনআইতি-ৰ মহানির্দেশক ডঃ নীতা ভার্মাই জনায়, এই ভাৰ্চুৱেল হেকাথনে সামাজিক ক্ষেত্র তথা উদীয়মান প্রযুক্তিৰ ক্ষেত্রত এক অনন্য সমন্বয় গঢি তুলিছে। সামাজিক অন্তর্ভুক্তি, সাধাৰণ মানুহৰ ক্ষমতা তথা দেশৰ সামগ্রিক উন্নয়নত এই হেকাথনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

 

আইইইই কম্পিউটাৰ ছ’চাইটীৰ কার্যনির্বাহী অধিকর্তা মেলিচা ৰাচেলে কয়, তেওঁলোকৰ এই প্রতিষ্ঠানে অৰাকল আৰু এনআইচি-ৰ লগত একজোঁট হৈ কাম কৰি পেছাদাৰী ভিত্তিত সমস্যাৰ সমাধানৰ পথ সন্ধান কৰাত বিশেষ সাহায্য লাভ কৰিছে। অৰাকল ইণ্ডিয়াৰ আঞ্চলিক মেনেজিং ডিৰেক্টৰ শ্রী শৈলেন্দ্র কুমাৰে জনায় যে এই হেকাথনে উদ্ভাৱনী ক্ষেত্রত যুৱ সমাজৰ নিজৰ প্রতিভা বিকাশৰ অপাৰ সুযোগ আনি দিছে।

 

*********

RCJ/M/MANN



(Release ID: 1670872) Visitor Counter : 160