পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ইন্ধন হিচাপে ‘এলএনজি’ ব্যৱহাৰৰ লাভসমূহৰ বিষয়ে গ্ৰাহকক অৱগত কৰিব পৰাকৈ এক অভিযান চলোৱাৰ আহ্বান শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Posted On: 06 NOV 2020 2:24PM by PIB Guwahati

ইন্ধন হিচাপে এলএনজি ব্যৱহাৰৰ লাভসমূহৰ বিষয়ে গ্ৰাহকক অৱগত কৰিব পৰাকৈ এক অভিযান চলোৱাৰ আহ্বান জনাইছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এলএনজি এজ এ ট্ৰেন্সপোৰ্ট ফুৱেল শীৰ্ষক এক ৱেবিনাৰত ভাষণ প্ৰদান কৰি এলএনজিখণ্ডৰে জড়িত পক্ষসমূহক তেওঁ আজি এই আহ্বান জনায়। তেওঁ কয়, ইন্ধন হিচাপে এলএনজি-ৰ ভৱিষ্যত আছে, আন সমূহ ইন্ধনৰ তুলনাত ইয়াৰ ব্যয়-কুশলতা আৰু অন্যান্য উপকাৰিতাসমূহৰ কথা গ্ৰাহক ৰাইজৰ মাজত সজোৰে প্ৰচাৰত গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। উচিত ভাবে তথ্য প্ৰচাৰৰ দিহা কৰিব পাৰিলে এলএনজিৰ কম দামে স্বাভাৱিকতেই বিপুল সংখ্যক গ্ৰহাকক আকৰ্ষিত কৰিব পাৰিব বুলি তেওঁ অভিমত প্ৰকাশ কৰে।

শ্ৰী প্ৰধানে কয় যে দেশত এলএনজিৰ বিশাল ভাণ্ডাৰ মজুত থকাৰ লগতে চৰকাৰে ইয়াৰ বিকাশসাধনৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে। তেওঁ কয় যে পচন্দৰ ইন্ধন হিচাপে এলএনজিক প্ৰতিস্থা কৰিবলৈ অনতি বিলম্বে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে।

এলএনজি-ৰ ব্যৱহাৰৰ সৈতে জড়িত হৈ থকা পাৰিৱেশিক, অৰ্থনৈতিক লভ্যাংশৰ লগতে সুবিধাসমূহৰ কথা বিশেষভাবে উল্লেখ কৰাতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ৱেবিনাৰত পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ সচিব শ্ৰী তৰুণ কাপুৰেও ভাষণ প্ৰদান কৰে। গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেড, কণ্ট্ৰোলাৰ অব এক্সপ্লচিভছ আৰু ছিয়ামৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে অটমোবাইল কোম্পানী আৰু অন্যান্য পক্ষসমূহৰ প্ৰতিনিধিবৰ্গয়ো অংশগ্ৰহণ কৰে।

 

*******

YB/SK/KB



(Release ID: 1670866) Visitor Counter : 97