স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
শেহতীয়া ৫টা সপ্তাহত একেৰাহে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই নতুন আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে
সক্ৰিয় ৰোগীৰ সংখ্যা নিৰন্তৰ ভাবে অৱনমিত হৈছে, আজিৰ তাৰিখত এই সংখ্যা ৫.২লাখ হৈছেহি
प्रविष्टि तिथि:
06 NOV 2020 11:19AM by PIB Guwahati
শেহতীয়া ২৪ ঘণ্টাত দেশত ৫০,০০০তকৈ কম লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দিনটোত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৫৪,০০০ৰ সীমা অতিক্ৰম কৰিছে। শেহতীয়া ৫টা সপ্তাহত দেশত একেৰাহে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই নতুন আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে।
যোৱা ২৪ ঘণ্টাত ৫৪,১৫৭ গৰাকী লোকে আৰোগ্য লাভ কৰি হাস্পটাল এৰাৰ অনুমতি লাভ কৰাৰ বিপৰীতে এইখিনি সময়ত নতুনকৈ নিশ্চিত হোৱা ৰোগীৰ সংখ্যা ৪৭,৬৩৮ বুলি তথ্য প্ৰকাশ কৰা হৈছে।

যোৱা ৫ সপ্তাহত নতুন আক্ৰান্তৰ সংখ্যা দিনৌ হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে। অক্টোবৰৰ প্ৰথমটো সপ্তাহত নতুন আক্ৰান্তৰ সংখ্যা ৭৩,০০০তকৈ অধিক থকাৰ বিপৰীতে শেহতীয়া ভাবে ইয়াৰ দৈনিক হাৰ ৪৬,০০০লৈ অৱনমিত হৈছে।

প্ৰতি দিনে ক’ভিড ৰোগী আৰোগ্য হোৱাৰ বৰ্দ্ধিত হাৰে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত কৰাত সহায় কৰিছে। আজিৰ তাৰিখ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫,২০,৭৭৩ গৰাকী। মুঠ আক্ৰান্তৰ মাত্ৰ ৬.১৯% লোকৰ দেহতহে ৰোগবিধে সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।

প্ৰতি দিনে ক’ভিড ৰোগী আৰোগ্য হোৱাৰ বৰ্দ্ধিত হাৰে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত কৰাত সহায় কৰিছে। আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৭৭,৬৫,৯৬৬ গৰাকী হৈছেগৈ। আৰোগ্য লোকৰ সংখ্যা আৰু সক্ৰিয়ভাবে আক্ৰান্ত লোকৰ সংখ্যাৰ মাজৰ ব্যৱধান হৈছেগৈ প্ৰায় ৭২.৫লাখ(৭২,৪৫,১৯৩)। দিনৌ উচ্চ হাৰত আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৯২.৩২% হৈছেগৈ।
নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮০%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, মহাৰাষ্ট্ৰই সৰ্বাধিক ১১,০০০ৰৰো অধিক আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে।

নতুনকৈ আক্ৰান্তৰ ৭৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ১০,০০০ৰৰো অধিক আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৯০০০ৰৰো অধিক আক্ৰান্তৰে দ্বিতীয় স্থানত আছে কেৰালা।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৬৭০ গৰাকী লোকে মৃত্যু সাৱটি লৈছে।
এইক্ষেত্ৰতো প্ৰায় ৮৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, কালি ৩৮% মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ২৫৬গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে দিল্লীত মৃত্যু হৈছে ৬৬গৰাকী লোকৰ।

****
MV/SJ/KB
(रिलीज़ आईडी: 1670857)
आगंतुक पटल : 208
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam