উপ-ৰাষ্ট্ৰপতি সচিবালয়

‘আন্তঃৰাষ্ট্ৰীয় সতাৱধনম’ শীৰ্ষক এক অনন্য সাহিত্যানুষ্ঠানৰ শুভাৰম্ভ ঘোষণা কৰিলে উপ ৰাষ্টপতিয়ে

‘ভাষা আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক, ই আমাৰ সম্পদ’

‘ইয়াক সংৰক্ষিত কৰোটো আমাৰ দায়িত্ব হোৱা উচিত’ বুলিলে উপ ৰাষ্ট্ৰপতিয়ে

ভাষাৰ সংৰক্ষণ আৰু মৃত পৰম্পৰাৰ পুনৰুথ্থানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰয়াসক ভূয়সী প্ৰশংসা

Posted On: 05 NOV 2020 5:08PM by PIB Guwahati

সাহিত্য সম্পৰ্কীয় অন্যন্য পদক্ষেপ হিচাপে অৱধনম-য়ে তেলেগু ভাষাৰ গৌৰৱোজ্জ্বল পৰম্পৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত বিশেষ ভাবে অৰিহণা আগবঢ়াই আহিছে। এই অনুভৱ প্ৰকট কৰিছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুয়ে। অৱধনমক কোনো কবিৰ বৌদ্ধিক প্ৰতিভা, পাৰদৰ্শিতা আৰু কৌশলৰ পৰীক্ষাৰ দৰেই গণ্য কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। তেওঁ তেনেই কম সংখ্যক ভাষাই বহণ কৰা এই অনন্য কৌশল, এক ঐতিহাসিক আৰু অনন্য বৈশিষ্ট্যৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলিও পৰামৰ্শ আগবঢ়ায়।

তিৰুপতিৰ শ্ৰী কৃষ্ণদেৱাৰায়া সত্সংগৰ সৌজন্যত ড০ মেডাছানী মোহনে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় সতাৱধনম শীৰ্ষক কাৰ্যক্ৰমৰ ভাৰ্চুৱেল ব্যৱস্থাৰে আজি শুভাৰম্ভ ঘোষণা কৰি উপ ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শ আগবঢ়ায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত  তেওঁ কয় অৱধনম এক উদ্দীপক বৌদ্ধিক প্ৰদৰ্শন- যত, কৌশলপূৰ্ণ ভাবে ৰছনা কৰা সাহিত্যৰ সাঁথৰৰ সমাধান দাঙি ধৰা, কবিতাৰ মানৰ উত্তৰণ সাধান কৰা আৰু একে সময়তে বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কোনো ব্যক্তিৰ সামৰ্থ্যৰ পৰীক্ষাণৰ দৰে প্ৰসংগসমূহ অন্তৰ্ভুক্ত হৈ থাকে। 

শ্ৰী নাইডুয়ে কয়, আমাৰ মাতৃভাষা আমাৰ সম্পদ। প্ৰতিগৰাকী লিখক, কবি, ভাষাবিদ আৰু এই ক্ষেত্ৰৰে জড়িতসকলোৱে ইয়াৰ ঐতিহ্য সংৰক্ষণৰ বাবে অধিক দায়বদ্ধতাৰে প্ৰয়াস কৰাৰ লগতে ইয়াক ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰিত কৰিব লাগিব। বিদেশত ভাৰতীয় ভাষাসমূহৰ লগতে ইয়াৰ ঐতিহ্য সংৰক্ষণ আৰু উত্তৰণৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই কাৰ্যক্ৰমৰ প্ৰশংসা কৰাৰ লগতে এনে অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাই তেওঁ আনন্দ অনুভৱ কৰাৰ কথা উল্লেখ কৰে। তেওঁ অংশগ্ৰহণকাৰীসকলক বিদেশী ভাষাৰ অন্বেষণ কৰাৰ সময়ত তেওঁলোকৰ মাতৃভাষাৰ মূল নাপহৰাৰ বাবে আহ্বান জনায়।

ভাষা কেৱল আৱেগৰ প্ৰকাশেই নহয়, বৰঞ্চ ভাষাই এগৰাকী ব্যক্তিৰ ৰাষ্ট্ৰীয়তা আৰু সাংস্কৃতিক বৈভৱকো অৱগত কৰে। তেওঁ অৱশ্যে, মাতৃভাষাৰ সংৰক্ষণ আৰু শ্ৰীবদ্ধিৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ প্ৰয়োজনীতা দোহৰাৰ সময়তে সকলো ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰটোও অতিকে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মাতৃভাষা, ভাৰতীয় সংস্কৃতি, প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ জৰিয়তেহে এক সভ্যতা হিচাপে আমি সমৃদ্ধ হব পাৰিম বুলি অভিমত প্ৰকাশ কৰে উপ ৰাষ্ট্ৰপতিয়ে। 

তেওঁ শ্ৰী মেডাশানী মোহন আৰু তেওঁ সতীৰ্থসকলে তেলেগু ভাষাৰ পৰম্পৰাৰ উত্তৰণ সাধনৰ বাবে কৰা প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে।

তেওঁ অৱধনমন কাৰ্যক্ৰমত প্ৰায় ২০খন দেশৰ বিদ্বান আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰা কাৰ্যৰো শলাগ লয়।

****

VRRK/MS/DP/KB



(Release ID: 1670492) Visitor Counter : 229