PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 NOV 2020 5:49PM by PIB Guwahati

বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

 

ভাৰতত সক্ৰিয় ঘটনা হ্ৰাসৰ ধাৰা অব্যাহত, ২৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনা ২০,০০০ৰ নিম্ন, ১০ ৰাজ্যৰ সক্ৰিয় ঘটনা মুঠ এনে ঘটনাৰ ৭৮%

ভাৰতত সক্ৰিয় ঘটনা হ্ৰাসৰ ধাৰা অব্যাহত আছে। ইয়াত একেৰাহে সপ্তমটো দিনৰ বাবে ৬ লাখৰ নিম্ন সক্ৰিয় ঘটনা আৰু বৰ্তমানে ইয়াৰ পৰিমাণ ৫,২৭,৯৬২ হৈছে। বৰ্তমানে দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৬.৩১%। ৰাষ্ট্ৰীয় প্ৰৱণতাকে অনুসৰণ কৰি, ২৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনা ২০,০০০ৰ নিম্ন হৈ পৰিছে। ১০ ৰাজ্যৰ সক্ৰিয় ঘটনা মুঠ এনে ঘটনাৰ ৭৮%। মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী আৰু পশ্চিম বংগৰ সক্ৰিয় ঘটনাৰ হাৰ এনে মুঠ ঘটনাৰ ৫১% ৰোধিক। প্ৰতিদিনেই সক্ৰিয় ঘটনাৰ সংখ্যা আৰোগ্য লাভৰ ঘটনাতকৈ কমি আহিছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ পাৰ্থক্য হৈছে প্ৰায় ৭২ লাখ। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৰ্তমান এই হাৰ হৈছে ৯২.২০%। যোৱা ২৪ ঘন্টাত ৫৫,৩৩১ ক’ভিড আক্ৰান্ত ৰোগীয়ে আৰোগ্য আৰু ডিচাৰ্জ লাভ কৰাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫০,২১০।

অধিক বিৱৰণৰ বাবে

 

বৰ্ষটোৰ শেষত কভিডৰ গতি ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ জন আন্দোলন সফলতাৰে ৰূপায়ণৰ অৰ্থে দিল্লীক পৰামৰ্শ প্ৰদান ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰ শ্ৰী অনিল বৈজাল আৰু দিল্লীৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী সত্যেন্দ্ৰ কুমাৰ জৈনেৰে মত-বিনিময় কৰে। এই মত-বিনিময় অনুষ্ঠানত দিল্লীৰ জ্যেষ্ঠ বিষয়াসকল, পৌৰ নিগমৰ মেয়ৰ আৰু জিলা দণ্ডাধীশসকল উপস্থিত থাকে। ইয়াত মন্ত্ৰীজনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা জন আন্দোলনক প্ৰশংসা কৰে। এই আন্দোলনৰ আহ্বান অনুসৰি, প্ৰতিজন লোকেই যাতে মাস্ক পৰিধান কৰাৰ সমান্তৰালভাৱে শাৰীৰিক দূৰত্ব বজাই চলে তথা সঘনাই হাত মাজি থাকে তাত গুৰুত্ব আৰোপ কৰে। এনে দৃষ্টিকোণেৰে ডাঃ হৰ্ষ বৰ্ধনে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ দিল্লীয়েও যাতে প্ৰধানমন্ত্ৰীৰ জন আন্দোলনটো সাফল্যমণ্ডিত কৰি তোলে, সেই আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে

 

কৰ্ণাটকৰ কভিড-১৯ৰ বিৰুদ্ধে প্ৰস্তুতি আৰু কভিড সন্দৰ্ভত যথোচিত আচৰণ নিশ্চিত কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা ডাঃ হৰ্ষ বৰ্ধনৰ

কৰ্ণাটকৰ ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰস্তুতি আৰু ক’ভিড সন্দৰ্ভত যথোচিত আচৰণ নিশ্চিত কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কালি এখনি বৈঠকত অংশগ্ৰহণ কৰে। ইয়াত কৰ্ণাটকৰ স্বাস্থ্য আৰু মেডিকেল শিক্ষা মন্ত্ৰী ডাঃ কে. সুধাকৰ আৰু ৰাজ্য চৰকাৰখনৰ আন-আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
উক্ত পৰ্যালোচনা বৈঠকত ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভৰ দিশে অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰে কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰীজনে। ইয়াত ডাঃ হৰ্ষ বৰ্ধনে কয়, “আমি শীঘ্ৰেই ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজখনৰ ১০ মাহ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছো। বৰ্তমান দেশখনত ক’ৰোনাৰ বিৰুদ্ধে যথেষ্ঠখিনি অগ্ৰগতি লাভ কৰা হৈছে।“

অধিক বিৱৰণৰ বাবে

 

বিহাৰৰ বিধানসভা নিৰ্বাচন (০৫-০৭ নৱেম্বৰ, ২০২০)ৰ অৰ্থে ইন্টাৰনেশ্যনেল ভাৰ্চুৱেল ইলেকশ্যন ভিজিটৰ্ছ প্ৰগ্ৰেম, ২০২০ৰ সূচনা ইচিআইৰ

ভাৰতৰ নিৰ্বাচন আয়োগে বিদেশী ইলেকশ্যন মেনেজমেন্ট ব’ডী (EMBs)/সংস্থাসমূহৰ বাবে ইন্টাৰনেশ্যনেল ভাৰ্চুৱেল ইলেকশ্যন ভিজিটৰ্ছ প্ৰগ্ৰেম, ২০২০ (IEVP)ৰ আৰম্ভ কৰিছে। বিহাৰৰ চলিত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা এই কাৰ্যক্ৰমৰ সূচনা হয় ৫ নৱেম্বৰত আৰু ৭ নৱেম্বৰত ইয়াৰ অন্ত পৰিব। উল্লেখযোগ্য যে বিহাৰৰ মুঠ ভোটাৰৰ সংখ্যা ৭২ নিযুতৰো অধিক, যাৰ পৰিমাণ বিশ্বৰ ভিতৰতে সৰ্বাধিকসমূহৰ অন্যতম। অথচ, সাম্প্ৰতিক ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইমানসংখ্যক ভোটাৰৰ সুৰক্ষাৰ দিশটো বিবেচনা কৰিয়েই এই ব্যৱস্থা কৰা হৈছে। ইয়াত সমগ্ৰ বিশ্বখনৰ ৪০ ৰো অধিক দেশৰ প্ৰতিনিধি, ৩ আন্তঃৰাষ্ট্ৰীয় সংস্থাক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

অধিক বিৱৰণৰ বাবে

 

“সংগ্ৰহালয়, কলা বীথিকা আৰু প্ৰদৰ্শনীৰ পুনৰ-মুকলি”ৰ বাবে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত এছঅ’পি জাৰি সাংস্কৃতিক মন্ত্ৰালয়ৰ

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আনলক ৫.০ গাইডলাইনৰ ভিত্তিত আৰু সাংস্কৃতিক আৰু সৃষ্টিশীলতা উদ্যোগটোৰ ভিন্ন পক্ষসমূহৰপৰা লাভ কৰা পৰামৰ্শ অনুসৰি, সংগ্ৰহালয়, কলা বীথিকা আৰু প্ৰদৰ্শনীৰ পুনৰ-মুকলিৰ বাবে কভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বিস্তৃত এছঅপি জাৰি কৰিলে সাংস্কৃতিক মন্ত্ৰালয়ে। এই নীতি-নিৰ্দেশনাখনি সংগ্ৰহালয়, কলা বীথিকা আৰু প্ৰদৰ্শনী (স্থায়ী আৰু অস্থায়ী)সমূহৰ পৰিচালনামণ্ডলী তথা ইয়ালৈ আগমন ঘটা দৰ্শনাৰ্থীসকলে অনুসৰণ কৰিব লাগিব। এই বিস্তৃত নীতি-নিৰ্দেশনাত সংগ্ৰহালয়, কলা বীথিকা আৰু প্ৰদৰ্শনীৰ ষ্টাফ তথা দৰ্শনাৰ্থীসকলৰ সুৰক্ষাৰ দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে কন্টেইনমেন্ট জ’নৰ ভিতৰত থকা সংগ্ৰহালয়, কলা বীথিকাসমূহ পুনৰ মুকলি কৰিব পৰা নাযাব। তদুপৰি, এই গাইডলাইনৰ সৈতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে সংশ্লিষ্ট ক্ষেত্ৰ মূল্যায়ন সাপেক্ষে প্ৰয়োজনবোধ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ সংযোজন ঘটাব পাৰিব।

অধিক বিৱৰণৰ বাবে

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত ক’ভিড-১৯ৰ বাবে শেহতীয়াভাৱে আৰু এজন আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰ বাবে ৰাজ্যখনত মৃত্যুৰ সংখ্যা ৪৩লৈ বৃদ্ধি পায়। সম্প্ৰতি, ইয়াত সক্ৰিয় পজিটিভ ঘটনাৰ সংখ্যা হৈছে ১,৬৪৫টা। ক’ভিড-১৯ৰপৰা আৰোগ্য লাভৰ হাৰ হৈছে ৮৮.৮৬ শতাংশ।
  • অসমঃ অসমত শেহতীয়াভাৱে ২৯,০২৬ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে নতুন ঘটনাৰ সংখ্যা হৈছে ৩৮০ টা। ৰাজ্যখনৰ পজিটিভিটি হাৰ হৈছে ১.৩১%। শেহতীয়াভাৱে ৬৫৫ জন ৰোগীক ডিচাৰ্জ দিয়া হৈছে। ৰাজ্যখনত মুঠ ঘটনাঃ ২,০৭,৭৪১, আৰোগ্য লাভৰ হাৰ ৯৫.৬৪% ও সক্ৰিয় ঘটনাৰ হাৰ ৩.৯০%।
  • মণিপুৰঃ ক’ভিড-১৯ সম্পৰ্কীয় সমস্যাৰে মোকাবিলা কৰিবলৈ মণিপুৰে নতুন ব্যৱস্থা হাতত লৈছে। ৰাজ্যখনত নিশ্চিত ঘটনাৰ সংখ্যাই ১৯,৫০০ অতিক্ৰম কৰাতে এনে ব্যৱস্থা গ্ৰহণ কৰা যায়।
  • মেঘালয়ঃ মেঘালয়ত, মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৯৫৯ টা। মুঠ আৰোগ্য লাভৰ পৰিমাণ হৈছে ৮৭৫২ টা ও নতুন ঘটনা ৬০ টা।
  • মিজোৰামঃ মিজোৰামত নতুন ঘটনাৰ সংখ্যা হৈছে ১০১ টা। ইয়াৰ বাবে ৰাজ্যখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ২,৮৯৩ লৈ বৃদ্ধি পালে। মিজোৰামৰ ক’ভিড-১৯ ঘটনাৰ ৭৭% ই হৈছে পুৰুষ। আজি পুৱা মিজোৰামৰ জেদএমচিত এগাৰাকী ৭৮ বছৰ বয়সীয়া ক’ভিড-১৯ত আক্ৰান্ত বৃদ্ধাৰ মৃত্যু হয়। এয়া হৈছে ৰাজ্যখনত ক’ভিড-১৯ ত আক্ৰান্ত হৈ দ্বিতীয়টো মৃত্যুৰ ঘটনা।
  • নাগালেণ্ডঃ নাগালেণ্ডত মুঠ ক’ভিড-১৯ ঘটনাৰ সংখ্যা ৯২০৭ লৈ বৃদ্ধি পাইছে। শেহতীয়াভাৱে ৰাজ্যখনত আৰু দুজন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,১৪৩ টা আৰু আৰোগ্য লাভৰ পৰিমাণ হৈছে ৭,৯৩৪ টা।
  • ছিকিমঃ শেহতীয়াভাৱে ছিকিমত ২৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৪০ টা। এতিয়ালৈকে ৰাজ্যখনত ৩,৬৫৭ লোকে ক’ৰোনাভাইৰাছৰপৰা আৰোগ্য লাভ কৰিছে। বিপৰীতে মৃত্যু হৈছে ৭৩ জন লোকৰ। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,০৯৩।
  • কেৰালাঃ কেৰেলাত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী কে.কে. শৈলজাই জনসাধাৰণক ‘ছেল্ফ-লকডাউন’ পালন কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ আগন্তুক পৌৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীজনে জনসাধাৰণক অতিশয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। উল্লেখযোগ্য যে ৰাজ্যখনত ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৌৰ নিৰ্বাচন পিছুৱাই দিয়াৰ আৰ্জিৰে দাখিল কৰা এখন আবেদন কেৰালা উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।
  • তামিল নাডুঃ তামিল নাডু চৰকাৰে ৯ম, ১০ম, ১১শ আৰু ১২শ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল যদিও শেহতীয়াভাৱে থমকি ৰৈছে চৰকাৰখন। এই সন্দৰ্ভত চৰকাৰে সদৰী কৰিছে যে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ পূৰ্বে অহা ৯ নৱেম্বৰত এখনি সভাৰ আয়োজন কৰা হৈছে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ, অভিভাৱক, অভিভাৱিকাসকল তথা পিতৃ-মাতৃ আৰু শিক্ষক সংস্থাসমূহৰ প্ৰতিনিধিসকলে ভাগ ল’ব। ইয়াতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
  • কৰ্ণাটকঃ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰ্চুৱেলী অনুষ্ঠিত “বেংগালুৰু টেকন’ল’জিকেল ছামিট-২০২০”ৰ প্ৰতি ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। ইয়াত উদ্যোগ খণ্ডৰ বিশিষ্ট লোকসকলকে প্ৰমুখ্য কৰি বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই সন্মিলনখনি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত মুঠ ক’ভিড পজিটিভ ঘটনাৰ সংখ্যা ৮,৩৩,২০৮ লৈ বৃদ্ধি পাইছে। বুধবাৰে ৰাজ্যখনত আক্ৰান্ত হৈছে ২৪৭৭ জন লোক।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হৈছে ১৫৩৯ টা। আৰোগ্য লাভৰ সংখ্যা ৯৭৮ আৰু মৃত্যু হয় ৫ জনৰ। শেহতীয়াভাৱে আক্ৰান্ত হোৱাসকলৰ ভিতৰত জিএইচএমচিত চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ২৮৫ টা। ৰাজ্যখনত মুঠ ঘটনাঃ ২,৪৫,৬৮২, সক্ৰিয় ঘটনাঃ ১৮,৬৫৬, মৃত্যুঃ ১৩৬২ আৰু ডিচাৰ্জঃ ২,২৫,৬৬৪ টা। ইয়াত আৰোগ্য লাভৰ হাৰ হৈছে ৯১.৮৫ শতাংশ।
  • মহাৰাষ্ট্ৰঃ ৫০ শতাংশ আসনেৰে চিনেমা হল আৰু থিয়েটাৰসমূহ পুনৰ মুকলি কৰিবলৈ ইয়াৰ কৰ্তৃপক্ষসমূহক মহাৰাষ্ট্ৰ চৰকাৰে অনুমতি প্ৰদান কৰিছে। মহাৰাষ্ট্ৰত আৰোগ্য লাভৰ হাৰ হৈছে ৯০.৬৮%। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা ১,১২ লাখৰ নিম্ন হৈছে।
  • গুজৰাটঃ গুজৰাটত ক’ভিড-১৯ ত আক্ৰান্তৰ ঘটনা ১,৭৬,৬০৮ লৈ বৃদ্ধি পাইছে। বুধবাৰে ৰাজ্য়খনত আক্ৰান্ত হৈছে ৯৭৫ জন লোক। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই তথ্য সদৰী কৰিছে। শেহতীয়াভাৱে ইয়াত ছজন আক্ৰান্তৰ মৃত্যু হৈছে। ৰাজ্যখনত এতিয়ালৈকে মৃত্যু হৈছে ৩,৭৪০ জনৰ। বুধবাৰে ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১,০২২। মুঠ আৰোগ্য লাভৰ কৰিছে ১,৬০,৪৭০ জন লোকে। ৰাজ্যখনৰ আৰোগ্য লাভৰ হাৰ ৯০.৮৬ শতাংশলৈ বৃদ্ধি পাইছে।
  • ৰাজস্থানঃ ৰাজস্থানত নতুন ক’ভিড ঘটনাৰ সংখ্যা হৈছে ১,৭৭০ টা। ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২.০৩ লৈ বৃদ্ধি পালে। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,৩২৩ টা।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত এতিয়ালৈকে সম্পন্ন কৰা টেষ্টৰ সংখ্যা ৩০ লাখৰো অধিক। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৭০০। একে সময়ছোৱাতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮৮৪ জন। ইয়াত পজিটিভিটি হাৰ ২.৬ শতাংশলৈ অৱনমিত হৈছে।

 

ফেক্ট চেক

 

********

YB



(Release ID: 1670491) Visitor Counter : 108