কেবিনেট

টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ ক্ষেত্রত সহযোগিতাৰ বাবে ভাৰত আৰু ব্রিটেইনৰ মাজত বুজাবুজিৰ চুক্তিপত্রত স্বাক্ষৰত অনুমোদন কেবিনেটৰ

Posted On: 04 NOV 2020 3:35PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ ক্ষেত্রত সহযোগিতাৰ বাবে কেন্দ্রীয় যোগাযোগ মন্ত্রালয় আৰু ব্রিটেইনৰ ডিজিটেল, সংস্কৃতি, সংবাদ মাধ্যম আৰু ক্রীড়া বিভাগৰ মাজত বুজাবুজিৰ পত্রত স্বাক্ষৰত অনুমোদন জনাইছে।

টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ ক্ষেত্রত দ্বি-পাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক বুজাপৰা এই বুজাবুজিৰ পত্রৰ জৰিয়তে শক্তিশালী হব। ব্রেক্সিট পৰৱর্তী সময়ত এই বুজাবুজি পত্র স্বাক্ষৰৰ লক্ষ্য হৈছে ভাৰতৰ বাবে সহযোগিতা আৰু সুযোগ বৃদ্ধি কৰা। দুয়ো পক্ষই যিসমূহ বিষয়ত কাম কাম কৰিব সেইসমূহ হৈছে

ক) টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা নীতি আৰু নির্দেশনা

খ) স্পেকট্রাম ব্যৱস্থাপনা

গ) মোবাইল ৰোমিঙক সামৰি টেলিকমিউনিকেশ্যন সংযোগ

ঘ) টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ কাৰিকৰী মানদণ্ডকৰণ আৰু পৰীক্ষা আৰু প্ৰমাণ পত্ৰ প্ৰদান

ঙ) বেতাৰহীন যোগাযোগ ব্যৱস্থা

চ) ৫জি, ইন্টাৰনেট অৱ থিংছ/মেচিনৰ পৰা মেচিনলৈ, ক্লাউড কম্পিউটিং, বিগ ডাটা ইত্যাদিসহ ক্ষেত্রত টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা ক্ষেত্ৰত কাৰিকৰী বিকাশ

ছ) টেলিকমিউনিকেশ্যন ক্ষেত্রৰ আন্তঃগাঁথনিৰ নিৰাপত্তা আৰু টেলিকমিউনিকেশ্যন সেৱাৰ নিৰাপত্তা

জ) উন্নত প্রযুক্তিবিদ্যা ক্ষেত্ৰত ক্ষমতা নির্মাণ কৰা আৰু যত সম্ভৱ  তাত বিশেষজ্ঞৰ বিনিময় কৰা

ঝ) অত্যাধুনিক প্রযুক্তিৰ গৱেষণা আৰু উন্নয়নৰ বাবে তথ্যৰ আদান-প্রদান

ঞ) টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ বাবে নতুন নতুন সম্ভাৱনাক আৰু অধিক বিকশিত কৰা

ট) পাৰস্পৰিক সন্মতি অনুসৰি টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা উদ্যোগৰ প্ৰতিনিধি আৰু ভ্ৰমণ, অনুষ্ঠান, প্ৰদৰ্শনী ইত্যাদিৰ মাধ্যমেৰে ব্যৱসায়-বাণিজ্য, বিনিয়োগ আৰু প্রযুক্তিগত কাৰ্যকলাপ সহজতৰ কৰা

ঠ) বুজাবুজি পত্র অনুসৰি, টেলিকমিউনিকেশ্যন/তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা ক্ষেত্রত পাৰস্পৰিক বুজাবুজিৰ ওপৰত ভিত্তি কৰি অন্যান্য সহযোগিতা

       

 ******************************************************

VRRK/KG



(Release ID: 1670240) Visitor Counter : 190