কেবিনেট

মন্ত্ৰীসভাই ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত চিকিৎসা উৎপাদনৰ নিয়মাৱলীৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজি চুক্তি অনুমোদন কৰে

Posted On: 04 NOV 2020 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী সভাই কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (চিডিএছচিঅ'), ভাৰত আৰু ইউনাইটেড কিংডম চিকিৎসা তথা স্বাস্থ্যৰ যতনৰ উৎপাদন নিয়ামক সংস্থা (ইউকে এমএইচআৰএ)ৰ মাজত চিকিৎসা উৎপাদনৰ নিয়মাৱলীৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত বুজাবুজি চুক্তিক অনুমোদন কৰিছে।

এই বুজাবুজি চুক্তি অনুসৰি দুয়োখন দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা মতে চিকিৎসা সামগ্ৰী বিনিয়মন সম্পৰ্কীয় বিষয়ত সাৰ্থক সহযোগিতা আৰু কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (চিডিএছচিঅ') ভাৰত আৰু ইউনাইটেড কিংডম চিকিৎসা তথা স্বাস্থ্যৰ যতনৰ উৎপাদন নিয়ামক সংস্থা (ইউকে এমএইচআৰএ)ৰ মাজত তথ্যৰ আদান-প্ৰদানত সহায়ক হ'ব। উভয় বিনিয়ামক প্ৰাধিকৰণৰ মাজত নিম্নোল্লিখিত ক্ষেত্ৰত সহযোগিতাৰ প্ৰধান বিন্দু এনেধৰণৰ-

ক) ফাৰ্মাৰ ক্ষেত্ৰত সতৰ্কতা (ফাৰ্মাকোভিজিলেঞ্চ) সুৰক্ষা সম্বন্ধীয় তথ্যৰ আদান-প্ৰদান বিশেষকৈ য'ত দ্বিতীয় পক্ষক ইয়াৰ বিশেষ প্ৰয়োজন হয়, তেনে ক্ষেত্ৰত ঔষধি আৰু চিকিৎসা সামগ্ৰীৰ সৈতে জড়িত সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত আছে।

খ) ভাৰত আৰু ইউনাইটেড কিংডমৰ ফালৰ পৰা আয়োজন কৰা বৈজ্ঞানিক তথা প্ৰয়োগাত্মক বৈঠক, সন্মিলন, ছেমিনাৰ আদিত সহযোগিতা।

গ) উন্নত প্ৰয়োগাত্মক বিধি (জিএলপি), উন্নত চিকিৎসা সম্পৰ্কীয় পদ্ধতি (জিচিপি), উন্নত বিনিৰ্মাণ বিধি (জিএমপি), উন্নত বিতৰণ বিধি (জিডিপি) আৰু উন্নত ফাৰ্মা পৰ্যবেক্ষণ সম্পৰ্কীয় বিধি (জিপিভিপি)ৰ ক্ষেত্ৰত সহযোগিতা আৰু তথ্যৰ আদান-প্ৰদান।

ঘ) পাৰস্পৰিক সন্মতিযুক্ত ক্ষেত্ৰত ক্ষমতা নিৰ্মাণ।

ঙ) প্ৰত্যেক পক্ষৰ বিনিয়ামক আন্তঃগাঁথনিৰ মাজত পাৰস্পৰিক বুজাপৰাক উৎসাহিত কৰা, আৱশ্যকতা আৰু বিধিৰ ওপৰত মনোযোগ দিয়া আৰু উভয় পক্ষৰ মাজত ভৱিষ্যতে বিনিয়মনক শক্তিশালী কৰি তোলা।

চ) ঔষধি আৰু চিকিৎসা উপকৰণৰ সন্দৰ্ভত আইন আৰু বিনিয়মনৰ বিষয়ে তথ্যৰ আদান-প্ৰদান।

ছ) লাইচেঞ্চ-বিহীন আমদানি আৰু ৰপ্তানিৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰতি সমৰ্থন দিবলৈ তথ্যৰ আদান-প্ৰদান।

জ) আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগ কৰা।

এই বুজাবুজি চুক্তিৰ ফলত উভয় পক্ষৰ মাজত নিয়ামক সম্পৰ্কীয় বিষয়বিলাক ভালদৰে বুজি পোৱাত সহায় হ'ব আৰু ই চিকিৎসা উৎপাদনৰ বিনিয়মন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত উন্নত সমন্বয়ত সহায় কৰিব পাৰে।

 

*******

VRRK



(Release ID: 1670233) Visitor Counter : 176