হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

হৰদীপ সিংহ পুৰীয়ে ১৩তম আৰবান মবিলিটী ইণ্ডিয়া সন্মিলন-২০ৰ উদ্বোধন কৰিব

ডেনমাৰ্কৰ প্ৰখ্যাত বাস্তু শিল্পী, নগৰ পৰিকল্পনাকাৰী, অধ্যাপক আৰু মডাৰ্ণ আৰবান প্লেনিঙৰ প্ৰতিষ্ঠাপক অধ্যাপক জেন গেলে মুখ্য ভাষণ দিব

সন্মিলনৰ বিষয়-'নগৰীয়া গতিশীলতাৰ ঊৰ্ধমুখী ধাৰা', ইয়াত জনসাধাৰণক প্ৰাপ্তি আৰু সহজ পৰিবহন প্ৰদান কৰিবলৈ কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ চৰ্চা হ'ব

Posted On: 03 NOV 2020 1:55PM by PIB Guwahati

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে অহা ৯ নবেম্বৰ, ২০২০ত ১৩তম আৰবান মবিলিটী ইণ্ডিয়া (ইউএমআই) সন্মিলনৰ আয়োজন কৰিছে। দিনজোৰা এই সন্মিলন ভিডিঅ' কনফাৰেঞ্চ/ৱেবিনাৰৰ মাধ্যমত অনলাইন আয়োজন কৰা হ'ব। এই বছৰৰ সন্মিলনৰ মুখ্য বিষয় হৈছে 'ইমাৰ্জিং ট্ৰেণ্ডছ ইন আৰবান মবিলিটী' অৰ্থা নগৰীয়া গতিশীলতাৰ ঊৰ্ধমুখী ধাৰা। ইয়াৰ প্ৰধান বিন্দু হৈছে জনসাধাৰণক তেওঁলোকৰ প্ৰাপ্তিৰ ভিতৰত আৰু সুগম পৰিবহন সুবিধা উপলব্ধ কৰোৱাত কোভিড-১৯ মহামাৰীৰ দ্বাৰা সৃষ্ট প্ৰত্যাহ্বান আৰু তাৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত নতুন উপায় উলিওৱাত ধ্যান কেন্দ্ৰীভূত কৰা। গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিংহ পুৰীয়ে উদ্বোধনী ভাষণ দিব আৰু মেছাৰ্ছ গেল আৰ্কিটেক্টছৰ প্ৰতিষ্ঠাপক তথা জ্যেষ্ঠ পৰামৰ্শদাতা অধ্যাপক জেন গেলে মুখ্য ভাষণ দিব। পৰিবহন মন্ত্ৰীৰ সৈতে সংশ্লিষ্ট মন্ত্ৰী প্ৰতিনিধি (মিনিষ্টাৰ ডেলিগেটছ) জ্যাঁ বেপ্টিষ্ট ডেবাৰী আৰু জাৰ্মানীৰ অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ মন্ত্ৰালয়ৰ এছিয়া, দক্ষিণ-পূব অঞ্চল আৰু পূব ইউৰোপ, মধ্য এছিয়া, লেটিন আমেৰিকা, চিভিল ছ'চাইটী, চাৰ্চৰ মহানিৰ্দেশক ড৹ ক্লডিয়া ৱৰ্নিঙেও উদ্বোধনী সভাত নিজৰ বক্তব্য ৰাখিব। গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই 'ইমাৰ্জিং ট্ৰেণ্ডছ ইন আৰবান মবিলিটী' বিষয়ক সভাত অধ্যক্ষতা কৰিব।

 

এতিয়ালৈকে এনেকুৱা ১২খন সন্মিলন নিম্নোল্লিখিত বিষয়ৰ ওপৰত আয়োজিত কৰা হৈছে। এই সন্মিলনসমূহত অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্য চৰকাৰ, নগৰীয়া প্ৰশাসন আৰু অন্য অংশীদাৰসকল যথেষ্ট লাভবান হৈছে।

 

 

ক্ৰঃ নং

বৰ্ষ

বিষয়

স্থান

i.

২০০৮

আৰবান মবিলিটী

প্ৰগতি ময়দান, নতুন দিল্লী

ii.

২০০৯

দীৰ্ঘস্থায়ী নগৰ পৰিবহন

ইণ্ডিয়া হেবিটেট চেণ্টাৰ, নতুন দিল্লী

iii.

২০১০

স্থায়ী নগৰ

হোটেল গ্ৰেণ্ড, নতুন দিল্লী

iv.

২০১১

দীৰ্ঘস্থায়ী গতিশীলতা

মানেকশ্ব চেণ্টাৰ, নতুন দিল্লী

v.

২০১২

স্মাৰ্ট চিটী

মানেকশ্ব চেণ্টাৰ, নতুন দিল্লী

vi.

২০১৩

পৰিবহনৰ সৈতে নগৰৰ ৰূপান্তৰ

মানেকশ্ব চেণ্টাৰ, নতুন দিল্লী

vii.

২০১৪

দীৰ্ঘস্থায়ী নগৰৰ বাবে দীৰ্ঘস্থায়ী পৰিবহন

মানেকশ্ব চেণ্টাৰ, নতুন দিল্লী

viii.

২০১৫

বাসোপযোগী কৰিবলৈ ৰূপান্তৰণ গতিশীলতা

মানেকশ্ব চেণ্টাৰ, নতুন দিল্লী

ix.

২০১৬

নগৰৰ স্থিৰতাৰ বাবে যোজনা গতিশীলতা

মহাত্মা মন্দিৰ, গান্ধী নগৰ, গুজৰাট

x.

২০১৭

বুদ্ধিমান, সমাবেশী আৰু স্থায়ী গতিশীলতা

হায়দৰাবাদ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰ, তেলেংগানা

xi.

২০১৮

গ্ৰীণ আৰবান মবিলিটী

চিটনাৱিছ চেণ্টাৰ, নাগপুৰ, মহাৰাষ্ট্ৰ

xii.

২০১৯

সুলভ আৰু বাসোপযোগী নগৰ

ইন্দিৰা গান্ধী প্ৰতিষ্ঠান, লক্ষ্ণৌ

 

১২তম ইউএমআই সন্মিলন ২০১৯

 

১২তম আৰবান মবিলিটী ইণ্ডিয়া সন্মিলন (ইউএমআই) ১৫ৰ পৰা ১৭ নবেম্বৰ ২০১৯ত ইন্দিৰা গান্ধী প্ৰতিষ্ঠান, লক্ষ্ণৌত আয়োজিত কৰা হৈছিল। এই সন্মিলনৰ বিষয় ''সুলভ আৰু বাসোপযোগী নগৰ'' আছিল। সন্মিলন আৰু প্ৰদৰ্শনীৰ উদ্বোধন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ দ্বাৰা কৰা হৈছিল, এই উপলক্ষে ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) মাননীয় শ্ৰী হৰদীপ সিংহ পুৰী আৰু উত্তৰ প্ৰদেশৰ গৃহ আৰু নগৰ পৰিকল্পনা ৰাজ্য মন্ত্ৰী শ্ৰী গিৰিশ চন্দ্ৰ যাদবো উপস্থিত আছিল। নগৰ পৰিবহন প্ৰতিষ্ঠান (ভাৰত)য়ে সন্মিলনৰ আয়োজনত কাৰিকৰী আৰু অন্য সহযোগিতা প্ৰদান কৰিছিল। এই সন্মিলনত ১০খন দেশৰ বিদেশী প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন, ছাত্ৰ-ছাত্ৰী, নগৰ পৰিবহন বিশেষজ্ঞ, চিকিসক, সম্পদ সহায়ক, গৱেষক, বিদ্বান তথা ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে ১,০০০তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

 

ভাৰতত দ্ৰুত নগৰীকৰণ হোৱাটো ২১শ শতিকাৰ এক বৃহ সত্য, যি ভাৰতৰ বিকাশক পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনৈতিক ব্যৱস্থাৰ ৰূপত স্থাপিত কৰিছে। পৰিবহন ক্ষেত্ৰ নগৰীয়া অৰ্থনৈতিক ব্যৱস্থাৰ এটা মহত্বপূৰ্ণ ঘটক। সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পোৱা গতিশীলতা তথা প্ৰয়োজনীয়তা আৰু প্ৰযুক্তিৰ উপলব্ধতাৰ লগে লগে মাল্টি মডেল আধাৰিত অবাধ অহাযোৱা আৰু স্বচ্ছ গতিশীলতাৰ ওপৰত অধিক জোৰ দিয়াৰ আৱশ্যকতাই এতিয়া বাহন স্বামীত্বৰ পৰা মনোযোগ আঁতৰাই বাহন পৰামৰ্শ কৰা আৰু তাক সাৰ্বজনীন পৰিবহনৰ দৰে স্থানান্তৰিত কৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই জাগ্ৰত পৰিদৃশ্যৰ জৰিয়তে এতিয়া যাত্ৰাৰ ধাৰণাতো পৰ্যাপ্ত পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে আৰু আমাৰ নগৰসমূহ দ্ৰুতগতিত পৰিৱৰ্তন হোৱা গতিশীলতাৰ আৱশ্যকতাৰ অনুকূল হোৱা দৰকাৰ। এই সকলো বিষয়ৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নগৰ পৰিবহন নীতি-২০০৬ (এনইউটিপি) জাৰি কৰিছে। এই নীতিৰ উদ্দেশ্য হৈছে আমাৰ নগৰসমূহৰ ভিতৰত থকা বৰ্ধিত সংখ্যা, চাকৰি, শিক্ষা, মনোৰঞ্জন আৰু এনেকুৱা আন সকলো প্ৰয়োজনীয়তাৰ বাবে সুৰক্ষিত, সস্তা, দ্ৰুত, আৰামদায়ক, বিশ্বাসযোগ্য আৰু স্থায়িত্ব উপলব্ধ কৰোৱা। ৰাষ্ট্ৰীয় নগৰ পৰিবহন নীতিৰ ৰূপায়ণৰ এটা অংশ হিচাপে মন্ত্ৰালয়ে আৰবান মবিলিটী ইণ্ডিয়াৰ ওপৰত এখন বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন-সহ-প্ৰদৰ্শনী আয়োজন কৰাৰ পোষকতা কৰে, যাক সাধাৰণতে ইউএমআই হিচাপে জনা যায়। এই সন্মিলনৰ প্ৰাথমিক উদ্দেশ্য হৈছে সেই নগৰসমূহলৈ তথ্য প্ৰচাৰ কৰা, যাৰ বিষয়াই সন্মিলনত অংশগ্ৰহণ কৰে আৰু যি বিশ্ব স্তৰত নবীনতম তথা সৰ্বশ্ৰেষ্ঠ নগৰ পৰিবহন কাৰ্য প্ৰনালীক বুজিপোৱাত সহায় কৰে। ইউএমআই সন্মিলন দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ বৃত্তিধাৰী, প্ৰযুক্তিগত আৰু অন্য সেৱা প্ৰদানকাৰীৰ সৈতে কথা-বতৰা পতাৰ সুযোগ প্ৰদান কৰে, যাতে প্ৰতিনিধিয়ে ইয়াত আলোচিত বিষয়বোৰৰ মুনাফা আহৰণ কৰি নিজৰ দেশত নগৰ পৰিবহনক দীৰ্ঘস্থায়ী ৰূপত বিকশিত কৰাৰ নীতি প্ৰস্তুত কৰিব পাৰে। এই আয়োজন নগৰ পৰিবহন ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিশেষজ্ঞ, প্ৰযুক্তিগত আৰু সেৱা প্ৰদানকাৰী, নীতি নিৰ্মাতা, চিকিসক আৰু বিষয়াসকলক একেটা স্থানত একত্ৰিত কৰে।

 

*******

RJ/DM



(Release ID: 1669906) Visitor Counter : 199