বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সোণালী জয়ন্তী উপলক্ষে ডাক বিভাগৰ বিশেষ কভাৰ উন্মোচন কৰিলে ডাঃ হর্ষ বর্ধন আৰু শ্রী সঞ্জয় ধোত্ৰেই
প্ৰধানমন্ত্ৰীৰ ‘বৈজ্ঞানিক সামাজিক দায়বদ্ধতা’ৰ আহ্বানৰ কথা দাঙি ধৰিলে ডাঃ হর্ষ বর্ধনে
আমাৰ বিজ্ঞানীসকলে আন্তৰ্জাতিক স্তৰত বিজ্ঞানৰ সকলো ক্ষেত্ৰতেই তেওঁলোকৰ দক্ষতা প্ৰমাণ কৰিছেঃ ডাঃ হর্ষ বর্ধন
শ্রী সঞ্জয় ধোত্ৰেই লোকসকলক লাভান্বিত কৰাৰ বাবে নিকট বাস্তৱ সময়ত সেৱা প্ৰদান কৰাটো অধিক গতিশীল কৰিবলৈ ডাক বিভাগৰ সৈতে ঘনিষ্ঠভাৱে সহযোগ কৰিবলৈ এছ এণ্ড টী বিভাগক আহ্বান জনায়
ভাৰতৰ উন্নয়নত সিংহভাগ অৱদান আগবঢ়াইছে আমাৰ বিজ্ঞানীসকলেঃ শ্রী সঞ্জয় ধোত্ৰে
Posted On:
02 NOV 2020 5:07PM by PIB Guwahati
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ভূ-বিজ্ঞান আৰু বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রী ডাঃ হর্ষ বর্ধন আৰু ডাক, শিক্ষা, ইলেকট্ৰ’নিকছ আৰু তথ্য প্রযুক্তিবিদ্যা মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্ৰেই আজি নতুন দিল্লীত বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সোণালী জয়ন্তী উপলক্ষে ডাক বিভাগৰ বিশেষ কভাৰ মুকলি কৰে।
অনুষ্ঠানত ভাষণ দি ডাঃ হর্ষ বর্ধনে কয়, দেশৰ বিজ্ঞানীসকলে আন্তর্জাতিক স্তৰত বিজ্ঞানৰ ক্ষেত্রত দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। কৃত্রিম বুদ্ধিমত্তা, নেনো প্রযুক্তি, তথ্য বিশ্লেষণ, এষ্ট্ৰো ফিজিক্স, এষ্ট্ৰোনমি, এটোমিক ক্লক সহ বিভিন্ন ক্ষেত্রত বিজ্ঞানীসকলে কাম কৰি আহিছে। তেওঁ কয়, সম্প্ৰতি ভাৰতে বিভিন্ন বৈজ্ঞানিক ক্ষেত্রত ৮০ৰো অধিক দেশৰ সৈতে আন্তর্জাতিক সহযোগিতাৰে কাম কৰি আছে। বিগত ৬ বছৰ ধৰি বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী হিচাপে তেওঁ দেশৰ বিভিন্ন পৰীক্ষাগাৰ পৰিদর্শন কৰা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। বিজ্ঞানীসকলে যিভাদৰে প্রতিকূল পৰিস্থিতিৰ মাজতো অক্লান্ত পৰিশ্রম কৰি আহিছে তাৰ বাবে তেওঁলোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। বর্তমান কভিড-১৯ পৰিস্থিতিত দেশৰ বিজ্ঞানীসকলে এক নতুন দৃষ্টান্ত দাঙি ধৰা বুলিও তেওঁ মন্তব্য কৰে।
কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রীগৰাকীয়ে কয়, বিজ্ঞানীসকলৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে প্রধানমন্ত্রীয়ে যি কথা বাৰে বাৰে কৈছিল, সেই কথা অনুসৰণ কৰি বিজ্ঞানীসকলে কাম কৰি যোৱা প্রয়োজন। তেওঁ কয়, বিজ্ঞানৰ প্রতিটো কাম যেন মানুবৰ ভালৰ বাবে হৈ থাকে। ইয়াৰ ফলত জীৱন যাত্রাৰ মান বৃদ্ধি পাব। বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সোণালী জয়ন্তীৰ সোঁৱৰণত ডাক বিভাগৰ এই ঐতিহাসিক বিশেষ কভাৰ প্রকাশৰ বাবে ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্ৰেক বিশেষভাৱে ধন্যবাদ জনায়। তেওঁ কয়, দেশৰ প্রত্যন্ত অঞ্চলৰ মানুহৰ সৈতে নিবিড় যোগাযোগ ৰক্ষা কৰি আহিছে ডাক বিভাগে। ডাক বিভাগক জনগণৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু বুলি অভিহিত কৰে তেওঁ। অনুষ্ঠানত শ্রী সঞ্জয় ধোত্ৰেই দেশক আগুৱাই নিয়াৰ বাবে আৰু দৰিদ্র মানুহৰ সাহায্যার্থে বিজ্ঞানীসকলৰ ভূমিকাক প্রশংসা কৰে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সচিব অধ্যাপক আশুতোষ শর্মাই কয়, বিজ্ঞানৰ বিভিন্ন ক্ষেত্রত ভাৰতে আন্তর্জাতিক স্তৰত সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে ।
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগে চলিত বছৰৰ তিনি মেৰ পৰা ২০২১ৰ তিনি মেলৈকে সোণালী জয়ন্তী উদযাপনৰ পৰিকল্পনা কৰিছে। এই সোণালী জয়ন্তী বৰ্যৰ একাধিক অনুষ্ঠানৰ আয়োজনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বিভাগটোৱে।
অনুষ্ঠানত বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ শীর্ষ বিষয়াবৰ্গ, সঞ্চালক প্ৰধান (ডাক বিভাগ) শ্রী বিনিত কুমাৰ পাণ্ডে সহ ডাক বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।
********
NB/KGS/KG
(Release ID: 1669688)
Visitor Counter : 204