প্ৰতিৰক্ষা মন্ত্ৰালয়

কেনিয়াৰ চিডিএফৰ সপ্তাহজোৰা ভাৰত ভ্ৰমণ

আফ্ৰিকাৰ বাহিৰত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ

Posted On: 02 NOV 2020 4:00PM by PIB Guwahati

কেনিয়াৰ চীফ অব্ ডীফেন্স ফ’ৰ্চ জেনেৰেল ৰবাৰ্ট কিবচিয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আমন্ত্ৰণক্ৰমে ২ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰ ২০২০ তাৰিখলৈ ভাৰত ভ্ৰমণৰ বাবে উপস্থিত হৈছে৷ চলিত বৰ্ষৰ মে’ মাহত তেওঁ কাৰ্যভাৰ চম্ভালাৰ পিছত আফ্ৰিকাৰ বাহিৰত এয়া তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে বিবেচিত হৈছে৷ ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, ছাৰ্ভিচ চীফ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব৷

জেনেৰেল অফিচাৰগৰাকীয়ে আগ্ৰা, মৌ আৰু বেংগালুৰুও ভ্ৰমণ কৰিব৷  

জেনেৰেল অফিচাৰগৰাকীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু কেনিয়াৰ মাজৰ সম্পৰ্ক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত কেনিয়া ভ্ৰমণ কৰিছিল আৰু কেনিয়াৰ ৰাষ্ট্ৰপতি কেনায়াট্টাইও ২০১৭ চনত ভাৰত ভ্ৰমণ কৰিছিল৷

 

****

AA/VY/KV/MANN



(Release ID: 1669683) Visitor Counter : 164