ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

কাৰ্গিল আৰু লেহত কৰ্ম সংস্থাপনৰ দিহা কৰি ৰাইজৰ মুখত হাঁহি বিৰিঙাইছে খাদীয়ে

Posted On: 02 NOV 2020 3:51PM by PIB Guwahati

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ(কেভিআইচি)ৰ উদ্যোগত কাৰ্গিল আৰু লেহত আৰম্ভ হোৱা উত্পাদনী কাৰ্যক্ৰম আৰু তাৰ শুভ পৰিণতিত সৃষ্টি হোৱা স্ব-স্থায়ী কৰ্মসংস্থাপনৰ জৰিয়তে হিমালয়ৰ শান্ত-সমাহিত অঞ্চল দুটাত এতিয়া এক উচ্চল-মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

কেভিচিআই-য়ে ইয়াৰ ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী কৰ্ম-সংস্থাপন সৃজন কাৰ্যক্ৰম(পিএমইজিপি)ৰ জৰিয়তে কাৰ্গিল আৰু লেহত প্ৰায় ১০০০টা ক্ষুদ্ৰ আৰু মজলীয়া পৰিসৰৰ উত্পাদন গোট স্থাপন কৰি ৮২০০ৰৰো অধিক সংখ্যক স্থানীয় যুৱক-যুৱতীক নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে। মাত্ৰ চাৰে তিনিটা বছৰৰ ভিতৰতে সম্পন্ন কৰা এই কাৰ্যক্ৰমৰ জৰিয়তে স্থাপন কৰা উত্পাদনী গোটসমূহক সহযোগিতা আগবঢ়োৱাৰ বাবে কেভিআইচিয়ে ইতিমধ্যে ৩২.৩৫ কোটি টকা পৰিমাণৰ মাৰ্জিন মানী মোকলাই দিছে।

চিমেণ্টৰ ব্লক তৈয়াৰ কৰাৰ পৰা লো আৰু ষ্টীল সামগ্ৰী নিৰ্মাণ কৰালৈ, যান-বাহন মেৰামতি কেন্দ্ৰৰ পৰা চিলাই প্ৰতিষ্ঠান, কাঠৰ চকী মেজ সজা গোট, চাইবাৰ কেফে, বিউটী পাৰ্লাৰ আৰু সোণৰ গহণালয়ৰ দৰে গোট স্থাপনৰ লগতে এই গোটবোৰ চলোৱাৰ বাবে সহযোগিতা পুঁজিৰ দিহা কৰি কেভিআইচি-য়ে স্থানীয় লোকসকলক সন্মানজনক ভাবে জীৱিকা নিৰ্বাহৰ সুযোগ প্ৰদান কৰিছে।

প্ৰণিধানযোগ্য যে, ২০১৭-১৮ৰ পৰা ২০২০-২১(৩০ ছেপ্টেম্বৰ পৰ্যন্ত) কেভিআইচিয়ে কাৰ্গিলত মুঠ ৮০২টা আৰু লেহত ১৯১টা প্ৰকল্পগোট স্থাপন কৰাৰ লগতে কাৰ্গিল আৰু লেহত ক্ৰমে ৬৭৮১ আৰু ১৪২১টা কৰ্ম সংস্থান সৃষ্টি কৰিছে। ইফালে, এইছোৱা সময়ত দুয়োটা অঞ্চলৰ প্ৰকল্প-গোটসমূহলৈ মোকলাই দিয়া মাৰ্জিন মানীৰ পৰিমাণ হল ক্ৰমে ২৬.৬৭ কোটি আৰু ৫.৬৮কোটি টকা।

২০১৭-১৮ ৰ পৰা ২০২০-২১(৩০ ছেপ্টেম্বৰ পৰ্যন্ত) কাৰ্গিল আৰু লেহ স্থাপিত প্ৰকল্প আৰু দিহা কৰা কৰ্ম সংস্থাপনৰ সংখ্যা

 

ক্ৰমিক

নং

বছৰ

প্ৰকল্পৰ সংখ্যা

মোকলাই দিয়া মাৰ্জিন মানী(লাখৰ হিচাপত)

কৰ্ম সংস্থাপনৰ দিহা

01

2017-18

172

417.12

1099

02

2018-19

462

1491.63

4252

03

2019-20

309

1122.94

2501

04

2020-20

(30.09.2020 পৰ্যন্ত)

50

204.00

350

05

মুঠ

993

3235.69

8202

 

******

RCJ/RNM/IA/KB



(Release ID: 1669680) Visitor Counter : 147