PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 NOV 2020 5:52PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

Image

৭৫ লাখৰো অধিক সৰ্বাধিক আৰোগ্য লাভেৰে টপ গ্লৱেল ৰেংকিং অক্ষুণ্ণ ভাৰতৰ, যোৱা ২ মাহত সক্ৰিয় ঘটনাৰ শতাংশ ৩ গুণৰো অধিক হ্ৰাস,
১১ কোটি মুঠ টেষ্টৰ লেণ্ডমাৰ্ক অতিক্ৰম ভাৰতৰ

সৰ্বাধিক আৰোগ্য লাভৰ সংখ্যাৰে টপ গ্লৱেল স্থানত থকা দেশসমূহৰ ভিতৰত ভাৰতে নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আজি মুঠ আৰোগ্য লাভে ৭৫ লাখ (৭,৫৪৪,৭৯৮) অতিক্ৰম কৰে। যোৱা ২৪ ঘন্টাত দেশখনত আৰোগ্য লাভৰ সংখ্যা ৫৩,২৮৫। সক্ৰিয় ঘটনাৰ সংখ্যা ধাৰাবাহিকভাৱে নিম্ন হৈ আছে। ভাৰতত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫,৬১,৯০৮। দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৬.৮৩% মাত্ৰ দুই মাহৰ ব্যৱধানত, সক্ৰিয় ঘটনাৰ শতাংশ ৩ গুণৰো অধিক হ্ৰাস পায়। ৩ ছেপ্টেম্বৰত, সক্ৰিয় ঘটনাৰ হাৰ আছিল ২১.১৬% ২০২০ৰ জানুৱাৰীৰপৰাই ভাৰতৰ কভিড-১৯ৰ মুঠ টেষ্টৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাবলৈ ধৰে। বিস্তৃত টেষ্টিঙে আৰম্ভণিতে চিনাক্তকৰণ আৰু যথোচিত চিকিৎসা সুগম কৰি তোলে। আজি মুঠ টেষ্টে ১১ কোটিৰ লেণ্ডমাৰ্ক (১১,০৭,৪৩,১০৩) অতিক্ৰম কৰে। কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ সমন্বিত প্ৰচেষ্টাত দেশখনৰ টেষ্টিং সামৰ্থ্য বহুগুণে বৃদ্ধি হৈ সমগ্ৰ দেশখনত লেবৰ সংখ্যা হয় ২০৩৭ টা। আৰোগ্য লাভৰ অধিক সংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰৰ ধাৰাবাহিক বৃদ্ধিকো প্ৰতিফলিত কৰিছে। বৰ্তমানে এই হাৰ হৈছে ৯১.৬৮% যোৱা ২৪ ঘন্টাত নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৮% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৮,০০০ ৰোধিক অধিকৰ আৰোগ্য লাভেৰে শীৰ্ষস্থানত আছে কেৰালা আৰু কৰ্ণাটক। ৪,০০০ ৰোধিক অধিকৰ আৰোগ্য লাভেৰে ইয়াৰ পাছতেই আছে দিল্লী আৰু পশ্চিম বংগ। যোৱা ২৪ ঘন্টাত দেশখনত নিশ্চিত ঘটনাৰ সংখ্যা হয় ৪৫,৩২১। নতুন ঘটনাৰ ৮০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৭,০২৫ নতুন ঘটনাৰে শীৰ্ষস্থানত আছে কেৰালা। ইয়াৰ পাছতেই থকা দিল্লী আৰু মহাৰাষ্ট্ৰৰ প্ৰত্যেকৰে দৈনিক নতুন ঘটনাৰ সংখ্যা হৈছে ৫০০০ ৰোধিককৈ। যোৱা ২৪ ঘন্টাত ৪৯৬ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে। যোৱা ২৪ ঘন্টাত সংঘটিত মুঠ মৃত্যুৰ ঘটনাৰ ৮২% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কালি মুঠ মৃত্যুৰ ২২% হৈছে মহাৰাষ্ট্ৰৰ। ইয়াত মৃত্যু হয় ১১৩ জন ৰোগীৰ। ইয়াৰ পাছতে থকা পশ্চিম বংগত মৃত্যুৰ সংখ্যা ৫৯ টা।

অধিক বিৱৰণৰ বাবে

 

দিল্লীৰ কভিড-১৯ পৰিস্থিতিৰ বুজ ললে কেন্দ্ৰীয় গৃহ সচিবে

আজি কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ভাল্লাই দিল্লীৰ কভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনিত উপস্থিত থাকে নিটি আয়োগৰ সদস্য ডাঃ ভি.কে. পাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW)ৰ সচিব, আইচিএমআৰৰ সঞ্চালক প্ৰধান, দিল্লী চৰকাৰৰ মুখ্য় সচিব আৰু আন জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু দিল্লীৰ আৰক্ষী আয়ুক্ত। ইয়াত দিল্লীৰ সাম্প্ৰতিক কভিড-১৯ সন্দৰ্ভত যুগুত কৰি উলিওৱা প্ৰেজেনটেশ্যন উপস্থাপন কৰা হয়। বৰ্তমানেও টেষ্টিং, কনটেক্ট ট্ৰেচিং আৰু ট্ৰিটমেন্টত বিশেষ গুৰুত্ব আৰোপ কৰি থকা হৈছে বুলি কেন্দ্ৰীয় গৃহ সচিবক অৱগত কৰা যায়।

অধিক বিৱৰণৰ বাবে

 

ষ্ট্ৰেটেজিক পলিচী ইউনিটঃ আয়ুস খণ্ডক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ আয়ুস মন্ত্ৰালয়ৰদ্বাৰা আৰম্ভ কৰা এটি অন্যতম প্ৰচেষ্টা

ষ্ট্ৰেটেজিক পলিচী ও ফেচিলিটেশ্যন ব্যুৰ(SPFB)” শীৰ্ষক ষ্ট্ৰেটেজিক পলিচী ইউনিট প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে আয়ুস মন্ত্ৰালয়ে। ইয়াৰ বাবে মন্ত্ৰালয়ক সহযোগিতা আগবঢ়াইছে মেছাৰ্চ ইনভেষ্ট ইণ্ডিয়া নামৰ সংস্থাটোৱে। ইয়াৰ জৰিয়তে আয়ুস খণ্ডৰ পৰিকল্পিত আৰু প্ৰণালীবদ্ধ বিকাশ প্ৰশস্ত কৰা যাব। ই হৈছে আয়ুস খণ্ডটোক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ আয়ুস মন্ত্ৰালয়ৰদ্বাৰা আৰম্ভ কৰা প্ৰচেষ্টাসমূহৰ অন্যতম।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ বিৰুদ্ধে জন আন্দোলনে আয়ুস খণ্ডত লাভ কৰিছে সঁহাৰি

ভিড-১৯ৰ বিৰুদ্ধে জন আন্দোলনত আয়ুস খণ্ডৰ হাজাৰ-হাজাৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছে। যাৰ জৰিয়তে ঔষধৰ পৰম্পৰাগত পদ্ধতিটোত এই আন্দোলনে লক্ষ্যণীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আয়ুসৰ ডিছপেনেছেৰী, চিকিৎসালয়, শৈক্ষিক প্ৰতিষ্ঠান, ৱেলনেছ চেন্টাৰ আৰু আন-আন ইউনিটসমূহত এই আন্দোলন সাফল্যমণ্ডিত কৰি তোলা গৈছে। তৃণ মূল পৰ্যায়ত আয়ুস খণ্ডটোত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে জনাসাধাৰণৰ সৈতে নিবিৰভাৱে কাম কৰিছে।

অধিক বিৱৰণৰ বাবে

 

সংহত প্ৰাথমিক পাঠ্যক্ৰম আৰম্ভৰ দ্বিতীয় সংস্কৰণত ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে গুজৰাটৰ কেভাদিয়াৰপৰা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলেৰে মত-বিনিময় কৰে। এয়া হৈছে ২০১৯ ত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা আৰম্ভ শীৰ্ষক সংহত প্ৰাথমিক পাঠ্যক্ৰমৰ এটি অংশ। প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থী বিষয়াসকলে আগবঢ়োৱা প্ৰেজেনটেশ্যন প্ৰত্যক্ষ কৰে। ইয়াৰ পাছত তেখেতে প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্য কৰি ভাষণ আগবঢ়ায়।

অধিক বিৱৰণৰ বাবে

 

আৰম্ভ ২০২০ত অসামৰিক সেৱাৰ প্ৰৱেশ্যনাৰসকলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

আহমেদাবাদত কেভাদিয়া আৰু সবৰমতী ৰিভাৰফ্ৰন্টৰ মাজত সমুদ্ৰ-বিমান সেৱা উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে কেভাদিয়াত এৰড্ৰোম আৰু আহমেদাবাদত সবৰমতী ৰিভাৰফ্ৰন্টেৰে কেভাদিয়াস্থিত ষ্টেচু অৱ ইউনিটীক সংযোজিত কৰা সমুদ্ৰ-বিমান সেৱা উদ্বোধন কৰে। শ্ৰী মোদীয়ে আহমেদাবাদত সবৰমতী ৰিভাৰফ্ৰন্টটো ৱাটাৰ এৰড্ৰোম মুকলি কৰে তথা সবৰমতী ৰিভাৰফ্ৰন্টৰপৰা কেভাদিয়ালৈ সমুদ্ৰ-বিমান সেৱাৰ উদ্বোধন কৰে। অন্তিম বিন্দুলৈকে যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰি তুলিবলৈ পৰিকল্পনা কৰা এলানি ৱাটাৰ এৰড্ৰোম সেৱাৰ ই হৈছে এটা অংশ। উল্লেখযোগ্য যে ই হৈছে দেশৰ প্ৰথম সমুদ্ৰ-বিমান ব্যৱস্থা।

অধিক বিৱৰণৰ বাবে

 

গুজাৰাটৰ কেভাদিয়াত আৰোগ্য বন, আৰোগ্য কুটীৰ, একতা মল আৰু চিলড্ৰেন নিউট্ৰিশ্যন পাৰ্ক উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গুজৰাটৰ কেভাদিয়াৰ সংহত উন্নয়নৰ অংশস্বৰূপে ভিন্ন প্ৰকল্প উদ্বোধন কৰে। শ্ৰী মোদীয়ে আৰোগ্য বন আৰু আৰোগ্য কুটীৰ উদ্বোধন কৰে। তেখেতে তদুপৰি একতা মল আৰু চিলড্ৰেন নিউট্ৰিশ্যন পাৰ্ক মুকলি কৰে। উল্লেখযোগ্য যে আৰোগ্য বনখনি ১৭ একৰ ভূমিৰে পৰিবেষ্টিত। ইয়াত আছে ৩৮০ ভিন্ন প্ৰজাতিৰ ৫ লাখ উদ্ভিদ।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাদিয়াত শুকুৰবাৰে চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক আৰু জিঅডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেখেতে কেভাদিয়াৰ সংহত উন্নয়নৰ অংশ হিচাপে ১৭ টা প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ নেভিগেশ্যন চেনেল, নিউ গোৰা ব্ৰীজ, গুৰুদেশ্বৰ ৱেইৰ, চৰকাৰী কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনেল, একতা নাছাৰ্ৰী, খলৱানী ইক টুৰিজিম, ট্ৰাইবেল হম ষ্টে।

অধিক বিৱৰণৰ বাবে

 

জনতাৰ কল্যাণৰ অৰ্থে চৰকাৰী আঁচনি যুগুত কৰি আছে কিন্তু ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ গুৰুত্বপূৰ্ণ- উপ ৰাষ্ট্ৰপতি

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে শনিবাৰে সাধাৰণ লোকৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰে। ইয়াকে কৰিবলৈ যাঁওতে ডেলিভাৰী চিষ্টেমটোৱে যাতে সচেষ্টতা অৱলম্বন কৰে, সেই আশা ব্যক্ত কৰে উপ ৰাষ্ট্ৰপতিজনে। ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেশ্যন (IIPA) ৰ ৬৬ সংখ্যাক বাৰ্ষিক বৈঠকত পৌৰহিত্য কৰিয়েই উপ ৰাষ্ট্ৰপতিজনে এই আশা ব্যক্ত কৰে। তেওঁ সেৱাৰ হস্তান্তৰকৰণ, ন্যায় প্ৰদান আৰু সাধাৰণ লোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যাওঁতে প্ৰশাসনৰ কাঠামোৰ পৰিৱৰ্তন সাধনৰ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে

 

চৰকাৰে এমাহলৈ সম্প্ৰসাৰিত কৰিলে ইমাৰ্জেন্সী ক্ৰেডিট লাইন গ্য়াৰেন্টী আঁচনি

কেন্দ্ৰীয় চৰকাৰখনে ইমাৰ্জেন্সী ক্ৰেডিট লাইন গ্য়াৰেন্টী আঁচনি (ECLGS) খনি এমাহ বৃদ্ধিৰে ৩০ নৱেম্বৰ, ২০২০লৈ সম্প্ৰসাৰিত কৰিছে। বা এই আঁচনিখনৰ অধীনত ৩ লাখ কোটি টকাৰ অনুমোদনৰ সময়লৈকে যিটো আগতে হয় সেই অনুসৰি ব্যৱস্থা কৰা গৈছে। চলিত উৎসৱৰ বতৰত অৰ্থনীতিৰ ভিন্ন খণ্ডৰ মুকলি আৰু চাহিদাৰ প্ৰত্যাশিত বৰ্ধনৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সম্প্ৰসাৰণে অদ্যপি উক্ত আঁচনিখনৰ সুবিধা লাভ নকৰা ঋণগ্ৰহণকাৰীসকলক সুযোগ আগবঢ়াব।

অধিক বিৱৰণৰ বাবে

 

৩১ অক্টোবৰত এক মাহ সম্পূৰ্ণ কৰিলে ই-ইনভয়চ শীৰ্ষক যুগান্তকাৰী ব্যৱস্থাই

৩১ অক্টোবৰত এমাহ সম্পূৰ্ণ কৰা যুগান্তকাৰী ই-ইনভয়চ ব্যৱস্থা, বাণিজ্যৰ পাৰস্পৰিক বিনিময়ৰ পদ্ধতিত আমোল পৰিৱৰ্তন সাধন কৰিছে। এনআইচিৰ তথ্য অনুসৰি, ইয়াক প্ৰৱৰ্তনৰ এটা মাহৰ ভিতৰতে, এনআইচি পৰ্টেলত ২৭,৪০০ কৰদাতাৰদ্বাৰা ৪৯৫ লাখৰো অধিক ই-ইনভয়চ প্ৰস্তুত কৰা হৈছে। জিএছটি প্ৰণালীটোত চিত্ৰপট পৰিৱৰ্তনকাৰী হিচাপে পৰিগণিত হোৱা ই-ইনভয়চ প্ৰণালীটোৰ শুভাৰম্ভ কৰা হৈছিল ২০২০ৰ ১ অক্টোবৰত। বিত্তীয় বৰ্ষটোত ৫০০ কোটি টকাৰো অধিক সামগ্ৰিক টাৰ্ণঅভাৰৰ ব্যৱসায়ৰ অৰ্থে ইয়াক শুভাৰম্ভ কৰা হয়। ভাৰতৰ ইজ অৱ ডুয়িং বিজনেছ প্ৰশস্তকৰণৰ অৰ্থে যাত্ৰাত ই আন এটা মাইলৰ খুঁটি হৈ ৰব। ইনভয়চ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত মজুত হোৱা তথ্যৰ জিএছটি কমন পৰ্টেল (gst.gov.in)ত কৰদাতাসকলৰদ্বাৰা জিএছটিআৰ১ ৰিটাৰ্ণলৈ প্ৰৱাহ অব্যাহত থাকিব, যিয়ে সন্মতিৰ সমস্যা লাঘৱ কৰি তুলিব। ১ অক্টোবৰ, ২০২০ত ৮.৪ লাখ ই-ইনভয়চেৰে আৰম্ভ হৈ, ইয়াৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আৰু ৩১ অক্টোবৰ, ২০২০ত এদিনতে প্ৰায় ৩৫ লাখ ই-ইনভয়চ প্ৰস্তুত কৰাটো প্ৰদৰ্শন কৰে। অক্টোবৰ, ২০২০ মাহটোত ৬৪১ লাখ ই-ৱে বিল প্ৰস্তুতেৰে (ই-ৱে বিল প্ৰণালীৰ যাত্ৰাৰ আঢ়ৈ বছৰত এতিয়ালৈকে এমাহত সৰ্বাধিক), প্ৰণালীটোৰ বলিষ্ঠতাক প্ৰদৰ্শিত কৰিলে। কৰদাতাসকলৰপৰা লাভ কৰা মতামত অনুসৰি, প্ৰণালীটোৰ সঁহাৰি সন্তোষজনক আৰু আইআৰএন প্ৰস্তুত প্ৰক্ৰিয়াটো অসুবিধা-মুক্ত। কৰদাতাসকলেৰে এনআইচি হেল্প ডেস্কৰ অতিশয় সক্ৰিয় যোগাযোগে ক্ৰুটি সীমিতকৰণৰ অৰ্থে তেওঁলোকৰ প্ৰণালীসমূহ চূড়ান্তকৰণত সহায় আগবঢ়ায়। সম্প্ৰতি, এনআইচি প্ৰণালীত আইআৰএন প্ৰস্তুতৰ পদ্ধতি হৈছে তিনিটা। প্ৰথমটো হৈছেঃ এনআইচি প্ৰণালীৰ সৈতে কৰদাতাসকলৰ ইআৰপি প্ৰণালীৰ প্ৰত্যক্ষ এপিআই ইন্টাৰফেচ। দ্বিতীয়তে, এনআইচি প্ৰণালীৰ সৈতে জিএছপিৰ জৰিয়তে কৰদাতাসকলৰ ইআৰপি প্ৰণালীৰ এপিআই ইন্টাৰফেচ। তৃতীয়টো হৈছে, ইনভয়চসমূহৰ বাক আপলডিং আৰু আইআৰএন প্ৰস্তুতৰ অৰ্থে অফলাইন টুলৰ ব্যৱহাৰ। প্ৰায় ১৫% কৰদাতাই আইআৰএন প্ৰস্তুতৰ অৰ্থে অফলাইন টুলটো ব্যৱহাৰ কৰে আৰু ৮৫%ই এপিআইৰ জৰিয়তে সংহত কৰে। অনাগত দিনসমূহত চৰকাৰখনে কৰদাতাসকলৰদ্বাৰা আইআৰএন প্ৰস্তুতৰ অৰ্থে সমুদায় টাৰ্ণ অভাৰ ১০০ কোটি টকালৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰি আছে। ইতিমধ্যে এনআইচিয়ে এনে কৰদাতাসকলৰ বাবে এপিআই আৰু অফলাইন টুল নিৰ্ভৰ ট্ৰায়েল চাইট কাৰ্যক্ষম কৰি তুলিছে আৰু এই কৰদাতাসকলৰপৰা ই-ইনভয়চৰ প্ৰস্তুত প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি যুগুত কৰিছে। ক্ষুদ্ৰ কৰদাতাসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, যিসকলে এদিনত ৫-১০ বি২বি ইনভয়চ প্ৰস্তুত কৰাটো আৱশ্যকীয়, তেওঁলোকৰ বাবে এনআইচিয়ে অফলাইন এক্সেল নিৰ্ভৰ আইআৰএন প্ৰিপেৰেশ্যন আৰু আইআৰএন প্ৰিন্টিং টুলো যুগুত কৰি উলিয়াইছে যাৰ জৰিয়তে তেওঁলোকে ইনভয়চ সৱিশেষ জানিব, এনআইচি আইআৰএন পৰ্টেলত আপলড কৰিবলৈ ফাইল সাজু, কিউআৰ কডসহ আইআৰএন ডাউনলড আৰু কিউআৰ কডসহ ই-ইনভয়চ প্ৰিন্ট কৰিবলৈ সক্ষম হব। বৰ্তমান, ৫০০ কোটি টকাৰো অধিক সামগ্ৰিক টাৰ্ণঅভাৰৰ ব্যৱসায়, জিএছপি আৰু চমু তালিকাৰ্ভুক্ত ইআৰপিৰ অৰ্থে এপিআই ইন্টাৰফেচ ব্যৱহাৰেৰে আইআৰএন প্ৰস্তুতৰ সুবিধা আগবঢ়োৱা হৈছে। এতিয়া, ই-ৱে বিল এপিআই ইন্টাৰফেচ ব্যৱহাৰেৰে কৰদাতাসকললৈ প্ৰত্যক্ষ অন্তৰ্ভুক্তি আগবঢ়োৱা হব। সাধাৰণতে, বৃহৎ ব্যৱসায়সমূহে ইনভয়চসমূহ প্ৰস্তুতৰ অৰ্থে তেওঁলোকৰ যোগানধাৰী আৰু ক্লাইন্টসকলক তেওঁলোকৰ ইআৰপি/এছএপি প্ৰণালী ব্যৱহাৰ কৰিবলৈ সক্ষম হব। সেয়েহে, তেওঁলোককক তেওঁলোকৰ সংহত চেনেলসমূহ যাতে তেওঁলোকৰ যোগানধাৰী আৰু ক্লাইন্টসকলে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে প্ৰস্তুত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

ভিডে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৰ্ধন আৰু সুস্থ জীৱন-প্ৰণালীৰ অৰ্থে বিশ্বজুৰি যোগ, আয়ুৰ্বেদ আৰু নেছাৰপেথীৰ গুৰুত্ব বৃদ্ধি কৰিলেঃ ডাঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে ভিডে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৰ্ধন আৰু সুস্থ জীৱন-প্ৰণালীৰ অৰ্থে বিশ্বজুৰি যোগ, আয়ুৰ্বেদ আৰু নেছাৰপেথীৰ গুৰুত্ব বৃদ্ধি কৰিলে। ভাৰ্চুৱেলী অনুষ্ঠিত কৰা গ্লৱেল আয়ুস মেলাত উদ্বোধনী ভাষণ আগবঢ়াই মন্ত্ৰীজনে এইদৰে কয়। তেওঁ কয় যে যোৱা ৪-৫ মাহে পশ্চিমীয়া দেসসমূহে বিকল্প ঔষধ বিচাৰি ভাৰতলৈ চাই আছে। নতুন ভাৰত হেল্থ কেয়াৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈ উঠিব বুলি মন্ত্ৰীজনে কয়।

অধিক বিৱৰণৰ বাবে

 

অক্টোবৰ, ২০২০ মাহত ১,০৫,১৫৫ কোটি টকাৰ মুঠ জিএছটি ৰাজহ সংগ্ৰহ

অক্টোবৰ, ২০২০ মাহত সংগৃহীত মুঠ জিএছটি ৰাজহৰ পৰিমাণ হৈছে ১,০৫,১৫৫ কোটি টকা। ইয়াৰ ভিতৰত চিজিএছটিৰ পৰিমাণ ১৯,১৯৩ কোটি টকা। ইফালে এছজিএটিৰ পৰিমাণ হৈছে ২৫,৪১১ কোটি টকা। আকৌ সংগৃহীত আইজিএছটিৰ পৰিমাণ হৈছে ৫২,৫৪০ কোটি টকা।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • মহাৰাষ্ট্ৰঃ দেওবাৰে মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা হৈছে ৫,৬৩৩ টা। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,২৫ লাখ। এতিয়ালৈকে ইয়াত ৯০.২৪ ৰো অধিক কভিড টেষ্ট সম্পন্ন কৰা হৈছে।
  • গুজৰাটঃ দেওবাৰে গুজৰাটত নতুনকৈ ৯০০ লোক কভিড-১৯ত আক্ৰান্ত হৈছে। ৰাজ্যখনত অদ্যপি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১,৭৩,৮০৪। ইফালে মৃত্যু হৈছে ৩,৭২৪ জনৰ। সক্ৰিয় ঘটনাঃ ১২,৮৩৩।
  • ৰাজস্থানঃ কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত আগন্তুক পোহৰৰ পৰ্ব দিপাৱলীত ফটকাৰ বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে। একেদৰে ৰাজ্য চৰকাৰখনে ১৬ নৱেম্বৰ পৰ্যন্ত ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • মধ্য প্ৰদেশঃ দেওবাৰে মধ্য প্ৰদেশত নতুন ঘটনাৰ সংখ্যা হয় ৭৩৫ টা। কেৱল ভূপালতে ১০০ ৰোধিক কভিড-১৯ত আক্ৰান্ত হৈছে।
  • গোৱাঃ গোৱাৰ প্ৰসিদ্ধ সংগীত আৰু নৃত্য ফেষ্টিভেল- চানবাৰ্ণ এইবাৰ মাত্ৰ ২০ শতাংশ আসন ক্ষমতাৰে অনুষ্ঠিত হব। বৰদিনৰ পাছত, ২৭-২৯ ডিচেম্বৰত উত্তৰ গোৱাৰ ভেক্টৰ বীচ্চত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
  • কেৰালাঃ ৰাজ্যখনত কভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১৩ লৈ বৃদ্ধি পায়। দেওবাৰে কোচিত এজন আক্ৰান্তৰ মৃত্যু হৈছে। কালি ৰাজ্যখনত আক্ৰান্ত হৈছে ৭০২৫ লোক।
  • তামিল নাডুঃ তামিল নাডুৱে দেওবাৰে আৰটি-পিচিআৰ কিট ব্যৱহাৰ কৰি এক কোটি টেষ্টৰ মাইলৰ খুঁটি স্থাপন কৰে। ১০ নৱেম্বৰত এছঅপি অনুসৰেণেৰে তামিল নাডুৰ থিয়েটাৰ, মাল্টিপ্লেক্সসমূহ পুনৰ মুকলি কৰা হব।
  • কৰ্ণাটকঃ কৰ্ণাটকত শেহতীয়াভাৱে আৰোগ্য লাভ কৰা ঘটনাৰ সংখ্যা হৈছে ৮,০৫৩ টা। নতুন ঘটনাৰ সংখ্যাঃ ৩,৬৫২ টা।
  • তেলেংগানাঃ তেলেংগানাত যোৱা ২৪ ঘন্টাত কভিড-১৯ৰ পৰিসংখ্যা হৈছে-নতুন ঘটনাঃ ৯২২ টা। আৰোগ্য লাভৰ ঘটনাঃ ১৪৫৬ টা আৰু মৃত্যু হৈছে ৭ জন লোকৰ।
  • অসমঃ অসমত শেহতীয়াভাৱে ১১,৫৭৬ টেষ্টৰ বিপৰীতে চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ১৬৬ টা। ৰাজ্যখনৰ পজিটিভিটি হাৰ হৈছে ১.৪৩%ইফালে ৭৩০ ৰোগীক ডিচাৰ্জ দিয়া যায়। মুঠ ঘটনাঃ ২০৬৫১৭, আৰোগ্য লাভঃ ৯৫.২৮% ও সক্ৰিয় ঘটনাঃ ৪.২৬%
  • মিজোৰামঃ পঞ্চম দিনৰ বাবে মিজোৰাম-অসম সীমান্তৰ প্ৰৱেশ পথ বন্ধ কৰি ৰখা হৈছে। অসম চৰকাৰে কৰা অভিযোগ অনুসৰি মিজোৰামৰ সীমাৰ ভিতৰত বাংকাৰ-সদৃশ ব্যৱস্থা স্থাপন কৰা হৈছে।
  • নাগালেণ্ডঃ ২৮ নতুন ঘটনাৰে নাগালেণ্ডত কভিড-১৯ পজিটিভ ঘটনাই ৯,০৭৫ স্পৰ্শ কৰিছে।
  • ছিকিমঃ ছিকিমত কভিড-১৯ সম্পৰ্কীয় মৃত্যুৰ ঘটনা ৭৩লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা হৈছে ৩,৯৫৮।

 

 

 

 

 

 

 

ফেক্ট চেক

Image

***

YB


(Release ID: 1669601) Visitor Counter : 204