বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বৈভৱ সন্মিলনঃ ভাৰতীয় আৰু প্ৰবাসী ভাৰতীয় বিজ্ঞানী/শিক্ষাবিদসকলৰ সমাৰোহৰ সফল সামৰণি

এই সন্মিলনত মুকলি হৈছে বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ ন ন ক্ষেত্ৰ

বিশ্বজনীন উন্নতিৰ বাবে উদ্ভাসিত প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাৰ বাবে বৈভৱত ভাৰতীয় গৱেষকসকলৰ জ্ঞান/উৎকৃষ্টতাৰ এক ৰোডমেপৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে

Posted On: 01 NOV 2020 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰ ২০২০ তাৰিখে গান্ধী জয়ন্তীৰ দিনা মুকলি কৰা বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক সন্মিলন (বৈভৱ)ৰ  কালি সামৰণি পৰে৷ এই সন্মিলনত প্ৰায় ২৬০০ গৰাকী প্ৰবাসী ভাৰতীয় অনলাইনযোগে পঞ্জীকৃত হয়৷ মাহজোৰা এই ৱেবিনাৰখনত প্ৰায় ৩২০০ পেনেলিষ্ট আৰু ২২,৫০০ গৰাকী শিক্ষাবিদ তথা বিজ্ঞানী ভাৰত আৰু বিদেশৰ পৰা অংশগ্ৰহণ কৰে৷ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলন ৩১ অক্টোবৰ ২০২০ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তীৰ দিনা সামৰণি পৰে৷  সন্মিলনখনত বিভিন্ন বিষয়ত প্ৰায় ৭২২ ঘণ্টাৰ আলোচনা সম্পন্ন হয়৷ আৰু সন্মিলনৰ ফলাফলসমূহ পৰীক্ষণ কৰে নিটি আয়োগৰ সদস্য ড০ বি কে শাৰস্বত, ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে বিজয় ৰাঘৱনে৷

তাৰোপৰি চিএছআইআৰ, ডিএছটি, ডিআৰডিঅ’, আইচিএআৰ, ডিঅ’এছ, ডিএই, ডিবিটি, স্বাস্থ্য, ফাৰ্মা, এমইএ, এমঅ’ইএছ, এমইআইটিৱাই, এমঅ’ই আৰু আইচিএমআৰৰ সচিবসকলো এই পৰিষদৰ সদস্য হোৱাৰ লগতে বিভিন্ন অংশগ্ৰহণকাৰীৰ পৰা চেম্পিয়ন ইনষ্টিটিউটসমূহে  গুৰুত্বপূৰ্ণ সঁহাৰি লাভ কৰে৷ 

****

NB/MANN



(Release ID: 1669412) Visitor Counter : 159