প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আৰম্ভ, ২০২০ত অসামৰিক সেৱাৰ প্ৰৱেশ্যনাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

Posted On: 31 OCT 2020 4:46PM by PIB Guwahati

শাসন ব্যৱস্থাত বহুত ডাঙৰ ভূমিকা পালন কৰিবলগীয়া আমাৰ যুৱ প্ৰজন্মই দায়িত্ব পালনৰ বাবে সাজু হৈছে। নতুন কিবা এটা কৰাৰ সংকল্প লৈছে। এই কথাবোৰে মোৰ মনত এক নতুন আশাৰ সঞ্চাৰ হৈছে আৰু ইয়াৰ বাবে আপোনালোকক অভিনন্দন জনাইছো। যোৱা বাৰ এই দিনটোতে কেৱড়িয়াত আপোনালোকৰ সৈতে প্ৰথম অফিচাৰ্চ ট্ৰেইনিঙত মোৰ সৈতে বিস্তৃত আলোচনা হৈছিল। প্ৰতিবছৰে এই বিশেষ আয়োজন আৰম্ভ কৰাৰ বাবে এই চৰ্দাৰ পেটেলৰ যি ষ্টেছ্যু অৱ ইউনিটী, মা নৰ্মদাৰ যি উপকূল আছে তাতে আমি মিলিত হম আৰু একেলগে থাকি আমি সকলোৱে চিন্তন মন্থন কৰিম আৰু প্ৰাৰম্ভিক অৱস্থাত আমি নিজৰ চিন্তাধাৰাৰ এক আকাৰ দিয়াৰ প্ৰয়াস কৰিম। কিন্তু কৰোনাৰ বাবে এইবাৰ এইটো সম্ভৱ নহল। এইবাৰ আপোনালোক মিচৌৰীত আছে, সেয়েহে আমি ভাৰ্চুৱেলী সংযোগ হৈছো। এই ব্যৱস্থাৰ সৈতে জড়িত সকলোৰে প্ৰতি মোৰ আহ্বান এই যে যেতিয়াই ক’ৰোনাৰ প্ৰভাৱ আৰু কমিব, মই সকলো বিষয়াক কৈ থৈছো যে আপোনালোকৰ সৈতে এটা শিৱিৰ এই চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিৰ কাষত লগাম, অলপ অসম কটাম, ভাৰতৰ এখন চহৰ এক পৰ্যটনস্থলী হিচাপে কিদৰে উন্নয়ন হৈছে আমি অনুভৱ কৰিম।

বন্ধুসকল,

এবছৰৰ পূৰ্বে যি স্থিতি আছিল, আজি যি স্থিতি তাৰ মাজত বৃহ পাৰ্থক্য আছে। মোৰ বিশ্বাস যে এই সংকটকালত, দেশে যিদৰে কাম কৰিছে, দেশৰ ব্যৱস্থাত যিদৰে কাম হৈছে, তাৰপৰা আপোনালোকে যথেষ্টখিনি শিকিছো। কৰোনাৰ বিৰুদ্ধে যুঁজত বহু বস্তু, যিবোৰৰ বাবে দেশে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, আজি ভাৰতে সেইবোৰৰ বহুখিনি ৰপ্তানি কৰিব পৰা স্থিতি উপনীত হৈছে। এয়া সংকল্প জৰিয়তে সিদ্ধিৰ এক ডাঙৰ উদাহৰণ।

বন্ধুসকল,

আজি ভাৰতৰ বিকাশ যাত্ৰাৰ যি গুৰুত্বপূৰ্ণ সময়ত আপোনালোক আছে, যিসময়ত আপোনালোক অসামৰিক সেৱালৈ আহিছে, সেয়া বহু বিশিষ্ট। আপোনালোকৰ বেটছে, যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছিল, যেতিয়া আপুনি প্ৰকৃতাৰ্থত ফিল্ডলৈ যাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোক সেই সময়ত উপনীত হব, তেতিয়া দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত উপনীত হব। এয়া এক ডাঙৰ মাইলৰ খুঁটি। অৰ্থা আপোনালোকে এই ব্যৱস্থাত প্ৰৱেশ কৰিব আৰু ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা। আপোনালোকেই সেই সৌভাগ্যবান বিষয়া। এই কথা ৰুমত গৈ ডায়েৰীত লিখি থব। আৰু আপোনালোকেই সেইসকল বিষয়া, যিসকলৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত দেশে ১০০সংখ্যক স্বাধীনতা দিৱস পালন কৰিব। স্বাধীনতাৰ ৭৫ৰ পৰা ১০০ বছৰলৈ এই সময়ছোৱা দেশৰ বাবে গুৰুত্বপূৰ্ণ সময়। এই সূদীৰ্ঘ ২৫ বছৰত প্ৰশাসনিক সেৱাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অহা ২৫ বছৰত দেশৰ ৰক্ষা-সুৰক্ষা, দুখীয়াসকলৰ কল্যান, কৃষকৰ কল্যান, মহিলা-নৱপ্ৰজন্মৰ হিত সাধন, বিশ্ব পৰ্যায়ত ভাৰতৰ এক উচিত স্থান বহু ডাঙৰ দায়িত্ব আপোনালোকৰ ওপৰত আছে। আমাৰ মাজৰ বহু লোক তেতিয়া আপোনালোকৰ মাজত নাথাকিব, কিন্তু আপোনালোক থাকিব, আপোনালোকৰ সংকল্প থাকিব, আপোনালোকৰ সংকল্পৰ সিদ্ধিত থাকিব, সেইবাৰে আজিৰ এই পবিত্ৰ দিনটোত আপোনালোকে নিজে বহু প্ৰতিশ্ৰুতি লব লাগিব। এই প্ৰতিশ্ৰুতিৰ সাক্ষীও কেৱল আপোনালোক আৰু আপোনালোকৰ আত্মাহে হব। মোৰ আহ্বান এই যে আজি নিশা শোৱাৰ পূৰ্বে নিজকে আধা ঘণ্টা নিশ্চয় দিব। মনত যি চলি আছে, যি নিজৰ কৰ্তব্য, নিজৰ দায়িত্ব, নিজৰ প্ৰণৰ বিষয়ে আপোনালোকে ভাৱি আছে, সেয়া লিখি ৰাখিব।

বন্ধুসকল,

যিটুকুৰা কাগজত আপুনি নিজৰ সংকল্প লিখিব, যিটুকুৰা কাগজত আপুনি নিজৰ সপোন লিখিব, সেই টুকুৰা কেৱল কাগজ নহয়, আপোনালোকৰ বুকুৰ এটা টুকুৰা হ’ব। এই টুকুৰাটোৱে জীৱনজুৰি আপোনাৰ সংকল্পক বাস্তৱ কৰাৰ বাবে আপোনাৰ হৃদয়ৰ ধপধপনি হৈ আপোনাৰ সৈতে থাকিব। যিদৰে আপোনাৰ হৃদয়ে শৰীৰত ধাৰাবাহিকভাৱে প্ৰৱাহিত লয়, সেইদৰে এই কাগজত লিখা প্ৰতিটো শব্দই আপোনাৰ জীৱনক সংকল্পৰ সেই প্ৰৱাহৰ দিশে নিৰন্তৰ গতি প্ৰদান কৰি থাকিব। তেতিয়া আপোনাক নতুন প্ৰেৰণা, কোনো শিক্ষাৰ প্ৰয়োজন নহ’ব। আপুনি লিখি কাগজে আপোনাৰ হৃদয়ৰ ভাৱৰ পৰা প্ৰকট হোৱা শব্দই আপোনাৰ মন মন্দিৰ পৰা ওলোৱা এটা এটা কথাই আপোনালোকক আজিৰ দিনটোৰ মনত পেলাই দিব, আপোনালোকৰ সংকল্পক মনত পেলাই দিব।

বন্ধুসকল,

চৰ্দাৰ বল্লভভাই পেটেল হৈছে দেশৰ অসামৰিক সেৱাৰ জন৷ ১৯৪৭চনৰ ২১ এপ্ৰিলত প্ৰশাসনিক সেৱা বিষয়াৰ প্ৰথমটো বেটচৰ সম্বোধিত কৰি চৰ্দাৰ পেটেলে ছিভিল চাৰ্ভিছক দেশৰ ষ্টীল ফ্ৰেম বুলি কৈছিল৷ সেই অসামৰিক বিষয়াসকলৰ প্ৰতি চৰ্দাৰ পেটেল জী পৰামৰ্শ আছিল যে দেশৰ নাগৰিকসকলৰ সেৱা আগবঢ়োৱাই এতিয়া আপোনালোকৰ সৰ্বোচ্চ কৰ্তব্য৷ অসামৰিক বিষয়াসকলৰ প্ৰতি মোৰো আহ্বান এই যে অসামৰিক বিষয়াসকলে যি সিদ্ধান্ত, সেয়া ৰাষ্ট্ৰহিত, দেশৰ একতা অখণ্ডতাক যাতে শক্তিশালী কৰাধৰণৰ হয়৷ সংবিধানৰ মৰ্যাদা বৰ্তাই ৰাখে৷ আপোনালোকৰ ক্ষেত্ৰত সৰু হ’লেও, আপোনালোকে চম্ভালি লোৱা বিভাগৰ পৰিসৰ কম হ’লেও আপোনালোকৰ সিদ্ধান্তত সদায় দেশৰ হিত, জনসাধাৰণৰ হিত সাধন হ’ব লাগিব, ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত হ’ব লাগিব৷

বন্ধুসকল, ষ্ট্ৰীল ফ্ৰেমৰ কাম কেৱল আধাৰ দিয়া, কেৱল চলি থকা ব্যৱস্থাক চম্ভালা নহয়৷ ষ্ট্ৰীল ফ্ৰেমৰ কামে দেশক এনে অনুভৱ জাগ্ৰত কৰাব লাগিব যে ডাঙৰ সংকটেই হওক বা ডাঙ পৰিৱৰ্তন সাধন কৰাই হওক, আপোনালোকে এক শক্তি হৈ দেশক আগুৱাই নিয়াৰ নিজৰ দায়িত্ব পালন কৰিব৷ ফিল্ডত যোৱাৰ পাছত, বিভিন্ন ধৰণৰ লোকৰ সৈতে মিলিত হোৱাৰ পাছত, আপোনালোকে এই ভূমিকাক সদায় স্মৰণ কৰিব লাগিব৷ আপোনালোকে মনত ৰাখিব লাগিব যে ফ্ৰেম যিয়েই নহওক, গাড়ীৰ, চচমাৰ যিকোনো ছবিয়েই যেতিয়া সেইবোৰ একেলগে থাকে, তেতিয়া সাৰ্থকহে জানিব পাৰি৷ আপোনালোকে যিটো ষ্টীল ফ্ৰেমৰ প্ৰতিনিধিত্ব কৰিছে, তাৰ প্ৰভাৱ অধিক তেতিয়াই হ’ব, যেতিয়া টীম হিচাপে থাকিব, টীম হিচাপে কাম কৰিব৷ ভৱিষ্যতে আপোনালোকে এখন সম্পূৰ্ণ জিলা চম্ভালিব লাগিব, পৃথক বিভাগৰ নেতৃত্ব প্ৰদান কৰিব লাগিব৷ ভৱিষ্যতে আপোনালোকে এনে সিদ্ধান্ত গ্ৰহণ কৰিব, যাৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যত পৰিব, সমগ্ৰ দেশত পৰিব৷ সেই সময়ত আপোনালোকৰ এই টীম ভাৱনা অধিক কামত আহিব৷ যেতিয়া আপোনালোকে ব্যক্তিগত সংকল্পৰে, দেশৰ হিতৰ বৃহ লক্ষ্যৰ সৈতে জড়িত হ’ব, তেতিয়া টীম হিচাপে কাম কৰি আপোনালোক সফল হ’ব পাৰিব আৰু মোৰ বিশ্বাস দেশ কেতিয়াও বিফল নহয়৷

বন্ধুসকল, চৰ্দাৰ পেটেলে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন দেখিছিল৷ তেওঁৰ সেই সপোন ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সৈতে জড়িত আছিল৷ ক’ৰোনা বিশ্ব মহামাৰীৰ সময়তো আমি আটাইতকৈ ডাঙৰ শিক্ষা লাভ কৰিছো, সেয়াও আত্মনিৰ্ভৰতাৰে৷ আজি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনা ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ভাৱনা, এক ‘নতুন ভাৰত’ৰ নিৰ্মাণৰ দিশত দেখা গৈছে৷ নতুন ভাৰত হোৱাৰ কেইবাটাও অৰ্থ হ’ব পাৰে, বিভিন্ন ভাৱনা থাকিব পাৰে৷ কিন্তু মোৰ বাবে নতুনৰ অৰ্থ এইটো নহয় যে আপোনালোকে কেৱল পুৰণিবোৰ আতঁৰ কৰিব আৰু কিবা নতুনত্ব আনিব৷ মোৰ বাবে নতুনৰ অৰ্থ হৈছে কায়াকল্প কৰা, সৃষ্টিশীল হোৱা, সতেজ, আৰু কৰ্মক্ষম হোৱা৷ মোৰ বাবে নতুনৰ অৰ্থ হৈছে, যিবোৰ পুৰণি, সেইবোৰক  আৰু অধিক প্ৰাসংগিক কৰা, যিবোৰ ম্যাদ উকলিছে, সেইবোৰ বাদ দিয়া৷  ত্যাগ কৰাৰ বাবেও সাহসৰ প্ৰয়োজন আৰু সেইবাবে আজি নতুন, শ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে কি প্ৰয়োজন সেয়া আপোনালোকৰ জৰিয়তে কিদৰে পুৰণ হ’ব, সেই ক্ষেত্ৰত আপোনালোকে নিৰন্তৰ মন্থন কৰিব লাগিব৷ বন্ধুসকল, এই কথা সত্য যে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পুৰণ কৰাৰ বাবে আমাক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন, সম্পদ আৰু বিত্তৰ প্ৰয়োজন, কিন্তু এইটোও গুৰুত্বপূৰ্ণ যে এই সপোন পুৰণ কৰাৰ বাবে অসামৰিক সেৱাৰ বিষয়া হিচাপে আপোনালোকৰ ভূমিকা কি হ’ব৷ জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পুৰণ কৰাৰ বাবে নিজৰ কাম গুণাগুনত, গতিৰ দিশত আপোনালোকে নিৰন্তৰ ২৪ ঘণ্টাই লক্ষ্য ৰাখিব লাগিব৷

বন্ধুসকল,

দেশত নতুন পৰিৱৰ্তনৰ বাবে, নতুন লক্ষ্যপ্ৰাপ্তিৰ বাবে, নতুন মাৰ্গ আৰু নতুন কৌশল গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰু দক্ষতাৰ ডাঙৰ ভূমিকা আছে৷ আগতে এই দিশত অধিক গুৰুত্ব দিয়া নাছিল৷ প্ৰশিক্ষণৰ আধুনিক দৃষ্টিভংগী কিদৰে আহিব, সেইবিষয়ে অধিক ভৱা নহৈছিল৷ কিন্তু এতিয়া দেশত মানৱ সম্পদৰ সঠিক আৰু আধুনিক প্ৰশিক্ষণতো বহুত জোৰ দিয়া হৈছে৷ আপোনালোকে নিজেও দেখিছে যে কিদৰে দুই-তিনি বছৰতে অসামৰিক সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ স্বৰূপ কিমান সাল-সলনি কৰা হৈছে৷ এই ‘আৰম্ভ’ কেৱৰ আৰম্ভ নহয়, এক প্ৰতীকো আৰু এক নতুন পৰম্পৰা৷ চৰকাৰে কেইদিনমান পূৰ্বে আৰু এটা অভিযান আৰম্ভ কৰিছিল-মিচন কৰ্মযোগী৷ মিচন কৰ্মযোগীয়ে সক্ষমতা গঢ় দিয়াৰ দিশত এক নতুন কৌশল৷ এই মিচনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে, তেওঁলোকৰ দৃষ্টিভংগী আধুনিক কৰি তোলা, তেওঁলোক দক্ষতা কৌশলৰ সংশোধন কৰি তেওঁলোকক কৰ্মযোহী হোৱাৰ সুযোগ প্ৰদান কৰা৷

বন্ধুসকল,

গীতা ভগৱান কৃষ্ণই কৈছে-यज्ञ अर्थात् कर्मणः अन्यत्र लोकः अयम् कर्म बंधनः অৰ্থা যজ্ঞ মানে সেৱাৰ বাহিৰে, স্বাৰ্থৰ বাবে কৰা কাম, কৰ্তব্য নহয়৷ সেয়াই কৰ্ম, যি এক ডাঙৰ সপোন লৈ কৰা হয়, এক ডাঙৰ লক্ষ্যৰ বাবে কৰা হয়৷ আমি এই কামৰ কৰ্মযোগী হ’ব লাগিব, মইও হ’ব লাগিব, আপুনিও হ’ব লাগিব৷ বন্ধুসকল, আপোনালোক সকলো যি বৃহ আৰু দীঘলীয়া যাত্ৰাৰ বাবে ওলাই আহিছে, তাত নিয়মৰ ডাঙৰ ভূমিকা আছে৷ কিন্তু ইয়াৰ লগতে আপোনালোকৰ ভূমিকাকো অধিক গুৰুত্ব দিব লাগিব৷ নিয়ম আপু ভূমিকাৰ মাজত নিৰন্তৰ সংঘৰ্ষ হ’ব, সদায় প্ৰভাৱ থাকিব৷ নিয়মৰ নিজৰ মহত্ব আছে, ভূমিকাৰো নিজৰ দায়বদ্ধতা আছে৷ এই দুয়োটাৰ মাজত ভাৰসাম্যতা বজাই ৰখাটো আপোনালোকৰ বাবে এডাল কঠিন ৰচিৰ ওপৰত যোৱাৰ দৰে খেল৷ বিগত সময়ছোৱাত চৰকাৰে ভূমিকাভিত্তিক দৃষ্টিভংগীৰ ওপৰত অধিক জোৰ দি আহিছে৷ ইয়াৰ ফলো পৰিলক্ষিত হৈছে৷ প্ৰথমে অসামৰিক বিষয়াসকলৰ সক্ষমতা আৰু দক্ষতাই তেওঁলোকৰ মাজত সৃষ্টিশীলতা বৃদ্ধি কৰিছে৷ দ্বিতীয়তে শিকাৰ কৌশল গণতান্ত্ৰিক হৈছে৷ তৃতীয়তে প্ৰতিগৰাকী বিষয়াৰ বাবে তেওঁলোকৰ ক্ষমতা আৰু অপেক্ষাৰ হিচাপত তেওঁলোকৰ দায়িত্বও নিৰ্ণয় হৈছে৷ এই দৃষ্টিভংগীৰে কাম কৰাৰ মুলতে হৈছে যেতিয়া আপোনালোকে নিজৰ ভূমিকা ভালদৰে পালন কৰিব, তেতিয়া আপোনালোকে নিজৰ সামগ্ৰিক জীৱনো ইতিবাচক হৈ থাকিব৷ এই ইতিবাচকতাই আপোনালোকৰ সফলতাৰ পথ মুকলি কৰিব, আপুনি এগৰাকী কৰ্মযোগী হিচাপে জীৱনৰ সন্তুষ্টিত জাঙৰ কাৰণ হৈ পৰিব৷

বন্ধুসকল, কোৱা হয় যে জীৱন এক গতিশীল পৰিস্থিতি৷ প্ৰশাসনো এক গতিশীল ঘটনা প্ৰবাহ৷ সেইবাবে আমি প্ৰতিক্ৰিয়াশীল প্ৰশাসনৰ কথা কও৷ এক অসামৰিক বিষয়াৰ বাবে আটাইতকৈ প্ৰয়োজনীয় এই যে আপোনালোকে দেশৰ সাধাৰণ জনতাৰ সৈতে নিৰন্তৰ জড়িত হৈ থাকিব৷ যেতিয়া আপোনালোক জনতাৰ সৈতে জড়িত হৈ থাকিব, তেতিয়া গণতন্ত্ৰত কাম কৰা আৰু অধিক সহজ হৈ পৰিব৷ আপোনালোকে ফাউণ্ডেশ্যন ট্ৰেইনিং আৰু প্ৰফেচনেল ট্ৰেইনিঙৰ পাছত ফিল্ড ট্ৰেইনিঙৰ বাবে যাব৷ আপোনালোকৰ প্ৰতি মই আকৌ পৰামৰ্শ এই যে আপোনালোকে ফিল্ড লোকসকলৰ সৈতে জড়িত হওক, আঁতৰি নাথাকিব৷ মগজুত কেতিয়াও বাবু ভাৱ আহিবলৈ নিদিব৷ আপোনালোক যিখন পৃথিৱীৰ পৰা ওলাইছে, যিটো পৰিয়াল, সমাজৰ পৰা ওলাইছে, সেয়া কেতিয়াও নাপাহৰিব৷ সমাজৰ সৈতে জড়িত হৈ আগবাঢ়ক৷ এক কথাত সমাজ জীৱনৰ সৈতে বিলীন হৈ যাওক, সমাজ আপোনালোকৰ শক্তিত পৰিণত হ’ব৷ আপোনালোক দুয়োহাত সশস্ত্ৰত পৰিণত হ’ব৷ এই সশস্ত্ৰ বাহুৱেই জনশক্তি, তেওঁলোকক বুজি পোৱা, তেওঁলোকৰ পৰা শিকাৰ চেষ্টা নিশ্চয় কৰিব৷ মই প্ৰায়ে কও যে চৰকাৰ শীৰ্ষৰ পৰা নচলে৷ নীতি যিসকল জনতাৰ বাবে, তেওঁলোকৰ সমাৱেশ অতি জৰুৰী৷ জনতাই কেৱল চৰকাৰৰ নীতি, আঁচনিৰ গ্ৰহণকৰ্তা নহয়, জনতা জনাৰ্দনেই প্ৰকৃততে চালিকা শক্তি৷ সেইবাবে আমি চৰকাৰৰ পৰা প্ৰশাসনৰ দিশে আগুৱাই যোৱাটো প্ৰয়োজন৷

বন্ধুসকল,

এই একাডেমীৰ পৰা যেতিয়া আপোনালোক ওলাই আগুৱাই যাব, তেতিয়া আপোনালোকৰ সন্মুখত দুটা পথ থাকিব৷ এটা পথ সহজ, সুবিধাযুক্ত, নাম আৰু খ্যাতিৰ পথ৷ আনটো পথ হ’ব প্ৰত্যাহ্বান, জটিলতা, সৰ্ঘৰ্ষ আৰু সমস্যাৰে পৰিপূৰ্ণ৷ কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকক এটা কথা কও যে আপোনালোক প্ৰকৃত জটিলতা তেতিয়াই হ’ব, যেতিয়া আপোনালোকে সহয পথ বাছনি কৰিব৷ আপোনালোকে দেখিছে, যি পথ পোন, কোনো কেঁকুৰি নাথাকে, তাত হঠাতে দুৰ্ঘটনা হয়৷ কিন্তু যিবোৰ পথ বেকা-বেকি তাত চালক অধিক সাৱধান হয় আৰু ঘটনাও কম হয়৷ সেইবাবে পোন-সৰল পথ কেতিয়াবা ভীষণ জটিল হৈ পৰে৷ ৰাষ্ট্ৰ নিৰ্মাণৰ আত্মনিৰ্ভৰ ভাৰতৰ যি দিশত আপুনি খোজ দিব, তাত সহ পথ পোৱাটো জৰুৰী নহয়, মনেৰে সেয়া কেতিয়াও কামনা কৰিব নালাগে৷ সেইবাবে যেতিয়া আপোনালোকে প্ৰতিটো প্ৰত্যাহ্বান সমাধান কৰিব আগুৱাই যাব, লোকসকলে সহজ জীৱন-যাপনৰ দিশত আগুৱাই নিয়াৰ দিশত কাম কৰিব, তাৰ লাভ আপোনালোকেই নহয়, সমগ্ৰ দেশে লাভ কৰিব আৰু আপোনালোকৰ দৃষ্টিৰ সন্মুখতে স্বাধীনতা ৭৫ বছৰৰ পৰা ১০০ বছৰৰ যাত্ৰা হিন্দুস্থানে চাবলৈ সক্ষম হ’ব৷ বৰ্তমান দেশে যিদৰে কাম কৰি আছে, তাত সকলো আমোলাৰ ভূমিকা ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসনে৷ আপোনালোকে এইটো সুনিশ্চিত কৰিব লাগিব যে নাগৰিকসকলৰ জীৱনত আপোনালোকৰ দখল কিদৰে কম হয়, সাধাৰণ জনতা কিদৰে সবলীকৰণ হয়৷

আমাৰ ইয়াৰ ঊপনিষদত কৈছে  तत् द्वतीयम् अस्ति অৰ্থা, দ্বিতীয়জন বুলি কোনো নাই, মোতকৈ কোনো পৃথক নহয়৷ যি কাম কৰিব, যাৰ বাবে কৰিব, নিজৰ বুলি কৰিব৷ মই মোৰ অভিজ্ঞতাৰ পৰাই কও যে আপোনালোকে আপোনালোকৰ বিভাগ, সাধাৰণ জনতাক নিজৰ পৰিয়াল হিচাপে ভাৱি কাম কৰিলে, কেতিয়াও অস্বস্তি অনুভৱ নহয়, সদায় আপুনি নতুন শক্তিৰে পৰিপূৰ্ণ হৈ থাকিব৷ বন্ধুসকল, ফিল্ড পোষ্টিঙৰ সময়ত আমি এইটো দেখিবলৈ পাও যে বিষয়াসকলৰ পৰিচয় এই কথাৰে হয়, তেওঁ অত্যাধিক কি কাম কৰিছে, যি চলি আছে, তাৰ পৃথক কি কাম কৰিছে৷ আপোনালোকেও ফিল্ডত ফাইলৰ পৰা বাহিৰ হৈ ৰুটিনৰ পৰা পৃথক হৈ নিজৰ অঞ্চলটোৰ বিকাশৰ বাবে, জনতাৰ বাবে যি কৰিব, তাৰ প্ৰভাৱ পৃথক হ’ব৷  উদাহৰণস্বৰূপে, আপোনালোকে যিসমূহ জিলা, ব্লকত কাম কৰিব, তাত এনে বস্তুও থাকিব, এনে কেতবোৰ সামগ্ৰীও থাকি, যিবোৰৰ বিশ্ব পৰ্যায়ত সম্ভাৱনা আছে৷ কিন্তু সেই সামগ্ৰী, সেই কলা, তেওঁলোকৰ শিল্পীসত্তাক বিশ্বজনীৰ কৰাৰ বাবে স্থানীয় লোকৰ সমৰ্থন লাগে৷ সেই সমৰ্থন আপোনালোকে কৰিব লাগিব৷ সেই সপোন আপোনালোকেই জগাব লাগিব৷ সেইদৰে আপোনালোকে কোনো স্থানীয় উদ্ভাৱকৰ সন্ধান কৰিব, তেওঁৰ কামত এগৰাকী সতীৰ্থৰ দৰে সহায় কৰিব পাৰে৷ আপোনাৰ সমৰ্থনত সেই উদ্ভাৱনে সমাজৰ বাবে ডাঙৰ অৱদানত পৰিণত হ’ব পাৰে৷ মই জানো যে আপোনালোকে চাগৈ ভাৱিছে, এই কাম কৰি থকাৰ মাজতে যদি বদলি হৈ যাও, তেতিয়া কি হ’ব? মই আৰম্ভণিতে টীম ভাৱনাৰ কথা এইবাবেই কৈছো৷ আপুনি যদি আজি এটা স্থানত আছে, কাইলৈ অন্য স্থানত থাকিব, তেতিয়াও সেই স্থানত আপোনাৰ প্ৰচেষ্টা ত্যাগ নকৰিব, নিজৰ লক্ষ্যক নাপাহৰিব৷ আপোনাৰ পাছত যিজন আহিব, তেওঁক বিশ্বাসত লওক৷ তেওঁৰ বিশ্বাস বৃদ্ধি কৰক৷ তেওঁৰ উসাহ বৃদ্ধি কৰক৷ তেওঁ য’তে আছে, তাতে সহায় কৰক৷ আপোনাৰ সপোন আপোনাৰ পৰৱ্ৰ্তী প্ৰজন্মই পুৰণ কৰিব৷ যি নতুন বিষয়া আহিব, আপুনি তেওঁলোক আপোনাৰ সপোনৰ অংশীদাৰ কৰিব পাৰে৷

বন্ধুসকল,

আপোনালোক য’লৈকে যাব, এটা কথা ধ্যান দিব৷ আপুনি যিটো কাৰ্যালয়ত থাকিব, তাৰ বোৰ্ডত লিখা আপোনাৰ কাৰ্যকালেই চিনাকী হ’ব নালাগিব৷ আপোনাৰ পৰিচয় আপোনাৰ কামেৰে হ’ব লাগিব৷ আপোনাৰ বৰ্ধিত পৰিচয় মিডিয়া আৰু ছ’চিয়েল মিডিয়াও বহু আকৰ্ষিত কৰিব৷ কামৰ কথা মিডিয়াত চৰ্চা হোৱাটো এটা কথা আৰু মিডিয়াৰ চৰ্চাৰ বাবে কাম কৰাটোও এটা পৃথক কথা৷ আপুনি দুয়োটাৰে পাৰ্থক্য বুজি আগুৱাই যাব লাগিব৷ আপুনি মনত ৰাখিব লাগিব যে অসামৰিক সেৱাৰ বিষয়াৰ এক পৰিচয় লৈ আপুনি কাম কৰি আছে৷ 

বন্ধুসকল, মই যেতিয়া মোৰ ন-জোৱা ৰাজনৈতিক সতীৰ্থ- যেনে বিধায়ক, সাংসদক লগ পাও, তেতিয়া মই কথাই কও যে ‘দেখা’ আৰু ‘চোৱা’ এই দুটা ৰোগৰ পৰা দূৰত থাকিব৷ মই আপোনালোকক এই কথাও কও যে দেখা আৰু চোৱা টিভিৰ তা আৰু বাতৰিকাকতত ছপা হোৱা দেখা আৰু চোৱা, এই দেখা আৰু চোৱা ৰোগ যাৰ লাগিব, তেতিয়া তেওঁ আৰু লক্ষ্যত উপনীত হ’ব নোৱাৰে, যিটো লৈ আপোনালোক অসামৰিক সেৱালৈ আহিছে৷

বন্ধুসকল,

মোৰ ভৰসা এই যে আপোনালোক সকলো নিজৰ সেৱা, নিজৰ সমৰ্পনেৰে দেশৰ বিকাশ যাত্ৰাত, দেশক আত্ননিৰ্ভৰ ভাৰত গঢ় দিয়াত বহুত অৱদান আগবঢ়াব৷ মোৰ ভাষণ সামৰাৰ পূৰ্বে আপোনালোকক এটা কাম দিও, আপোনালোকে সকলোৱে কৰিবনে, হাত ওপৰলৈ দাঙিলে মই ভাৱিম, আপোনালোকে কৰিব, সকলোৱে হাত ওপৰলৈ কৰক৷ ঠিক আছে, এতিয়া শুনক আপোনালোকৰো ভোকেল ফল লোকেলৰ কথা শুনি ভাল নিশ্চয় লাগে৷ আপোনালোকে এটা কাম কৰিব, অহা দুই চাৰিদিন আপোনালোকে আপোনালোকৰ লগত যিবোৰ সামগ্ৰী আছে, যিবোৰ সদায় ব্যৱহাৰ হয়, তাৰ কিমান ভাৰত নিৰ্মাণ কৰা চাওক৷ যিবোৰত ভাৰতৰ ন-জোৱানৰ প্ৰতিভা পৰিলক্ষিত হয়, সেই সামগ্ৰী এখন তালিকা প্ৰস্তুত কৰক আৰু দ্বিতীয়তে আপোনাৰ জোৰা পৰা বেৰত ওলোমাই ৰখা সামগ্ৰীলৈকে কিমান বিদেশী সামগ্ৰী আছে তাৰো এখন তালিকা প্ৰস্তুত কৰক৷ এতিয়া সিদ্ধান্ত লওক, এইবোৰৰ যিবোৰ একেবাৰে ভাৰতত নাই সেইবোৰ ৰাখি, যিবোৰ ভাৰতত উপলব্ধ সেইবোৰ যিমান পাৰি ব্যৱহাৰ বৃদ্ধি কৰি বিদেশী সামগ্ৰী যিমান পাৰি কম কৰাৰ ওপৰত গুৰুত্ব দিয়ক৷

চাব, আত্মনিৰ্ভৰতাৰ আৰম্ভণি নিজৰ পৰা হ’ব লাগিব৷ আপোনালোকে ভোকেল ফল লোকেল আৰম্ভণি কৰিব পাৰে৷ দ্বিতীয়তে, যিটো সংস্থাৰ নাম লালবাহাদূৰ শাস্ত্ৰীৰ সৈতে জড়িত, সেই সমগ্ৰ চৌহদ, আপোনালোকৰ কোঠা, আপোনালোকৰ সভাকক্ষ, আপোনালোকৰ শ্ৰেণী কোঠা, প্ৰতিটো স্থানত কিমান বিদেশী সামগ্ৰী আছে, নিশ্চিতভাৱে তাৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু আপোনালোকে ভাৱক যে আমি যিখন দেশক আগুৱাই নিয়াৰ বাবে আগবাঢ়ি আহিছো, য’ৰ পৰা দেশৰ আগুৱাই নিবলগীয়া এক সম্পূৰ্ণ প্ৰজন্ম সাজু হয়, য’ত বীজ ধাৰণ কৰা হয়, সেই স্থানতো ভোকেল ফৰ লোকেলৰ এই জীৱনচৰ্যাৰ অংশ নহয়নে, আপোনালোকে দেখিব কিমান ভাল লাগিব৷ মই এইটো নকওঁ যে আপোনালোকে নিজৰ বন্ধুৰ বাবেও এই পথ খোলক, নিজৰ বাবে কৰক৷ চাওক ভাৰতক আত্মনিৰ্ভৰ কৰাৰ বাবে আমি সকলোৱে নিজৰ পৰা আৰম্ভ কৰি দেশক এই লক্ষ্যত উপনীত কৰাব লাগিব৷

মোৰ মৰমৰ বন্ধুসকল, নৱপ্ৰজন্মৰ মোৰ বন্ধুসকল, দেশৰ স্বাধীনতাৰ ১০০ বছৰৰ সপোন, সংকল্প, স্বাধীনতা প্ৰদান কৰা প্ৰজন্মই আপোনালোকৰ হাতত অৰ্পণ কৰিছে৷ দেশক আপোনালোকৰ হাতত অহা ২৫-৩৫ বছৰৰ বাবে অৰ্পণ কৰিছে৷ ইমান ডাঙৰ উপহাৰ আপোনালোকে লাভ কৰিছে৷ আপোনালোকে তাক জীৱনৰ পৰম সৌভাগ্য হিচাপে মানি লৈ গ্ৰহণ কৰিব৷ কৰ্মযোগী ভাৱ জগাওক৷ কৰ্মযোগৰ পথত চলাৰ বাবে আপোনালোক আগুৱাই যাওক, এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷ মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো৷ মই আপোনালোকৰ বিশ্বাস দিছো মই প্ৰতিটো মুহূৰ্তত আপোনালোকৰ সৈতে আছো৷ যেতিয়াও প্ৰয়োজন হ’ব, মোৰ ওচৰলৈ আহিব পাৰে৷ যেতিয়ালৈকে মই আছো, য’তেই থাকো, মই আপোনালোকৰ বন্ধু, আপোনালোকৰ সতীৰ্থ, আমি সকলোৱে মিলি আজাদীৰ ১০০ বছৰৰ সপোন পুৰণ কৰাৰ বাবে এতিয়াৰে পৰা কাম আৰম্ভ কৰো, আহক আমি সকলো আগুৱাই যাও৷

বহুত বহুত ধন্যবাদ৷

*****

VRRK/VJ/BM/DB



(Release ID: 1669383) Visitor Counter : 368