স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
এক মাইলৰখুঁটি অতিক্ৰম ভাৰতৰ
৮৫ দিনৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তললৈ নামিল
মুঠ আক্ৰান্তৰ কেৱল ৭.৩৫% ৰোগীহে চিকিৎসাধীন হৈ আছে
Posted On:
30 OCT 2020 11:13AM by PIB Guwahati
ক’ভিডৰ বিৰুদ্ধে যুঁজত ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰখুঁটি উপনীত হৈছে৷ ৮৫দিনৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তললৈ নামিছে৷ আজি দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫.৯৫লাখ হৈছে৷ ৬ আগষ্টত দেশত ৫.৯৫লাখ লোক চিকিৎসাধীন হৈ আছিল৷
অৰ্থাৎ বৰ্তমান মুঠ আক্ৰান্তৰ ৭.৩৫% ৰোগী চিকিৎসাধীন হৈ আছে আৰু এই সংখ্যা ৫,৯৪,৩৮৬জন৷
ভাৰতত ধাৰাবাহিকভাৱে চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে৷

কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰা মেডিকেল আন্তঃগাঁথনি, চিকিৎসা পদ্ধতিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ-প্ৰশাসনে সুচাৰুৰূপে পালন কৰা আৰু চিকিৎসক, পেৰামেডিকেল কৰ্মী আৰু আগশাৰীৰ কৰ্মচাৰীসকলৰ সমৰ্পিত কাম-কাজে আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰো হ্ৰাস কৰাৰ ইন্ধন যোগাইছে৷

ভাৰতত সৰ্বাধিক সংখ্যক ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ৭৩,৭৩,৩৭৫জনলৈ বৃদ্ধি পাইছে৷ আজি চিকিৎসাধীন আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান ৬৭,৭৮,৯৮৯জনলৈ বৃদ্ধি পাইছে৷
বিগত ২৪ ঘণ্টাত দেশত ৫৭,৩৮৬জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৪৮,৬৪৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯১.১৫%লৈ উন্নীত হৈছে৷
নতুনকৈ আৰোগ্য হোৱা ৮০% ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
কেৰালাত সৰ্বাধিক ৮,০০০তকৈ অধিক হোৱাৰ বিপৰীতে মহাৰাষ্ট আৰু কৰ্ণাটকত ৭,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৫৪,৩৬৬জন ৰোগীৰ ভিতৰত ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক ৭,০০০ আৰু কৰ্ণাটকত ৫,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৫৬৩জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮১%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷
মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫৬ৰোগীৰ লগতে পশ্চিমবংগত ৬২জন ৰোগীৰ মৃত্যু হৈছে৷

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শক্ৰমে প্ৰতিদিনে প্ৰতি ১০ লাখৰ বিপৰীতে ১৪০টা নমূনা পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে৷ ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বা্স্থ্য আৰু সামাজিক ব্যৱস্থাৱলীৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সন্দেহজনক সংক্ৰমিত লোকৰ ক্ষেত্ৰত ব্যাপক নিৰীক্ষণ কৌশল অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে৷
দেশত ৩৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শতকৈ অধিক হাৰত নমূনা পৰীক্ষা সম্পন্ন হৈছে৷ দেশত প্ৰতি ১০লাখ লোকৰ বিপৰীতে দৈনিক নমূনা পৰীক্ষাৰ হাৰ ৮৪৪৷ দিল্লী আৰু কেৰালাত এই হাৰ ৩,০০০তকৈ অধিক৷

*****
(Release ID: 1668998)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam