ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

দেশত ঔষধৰ উৎপাদন আৰু চিকিৎসা সৰঞ্জামৰ উৎপাদনক উৎসাহিত কৰিবলৈ উৎপাদনভিত্তিক উৎসাহ প্ৰকল্পৰ নিৰ্দেশাৱলীৰ পৰিবৰ্তন

Posted On: 29 OCT 2020 12:48PM by PIB Guwahati

বিভিন্ন উদ্যোগ সংস্থাৰ পৰা লাভ কৰা পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰি দেশত ঔষধ আৰু চিকিৎসা সৰঞ্জামৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেলছ বিভাগে উৎপাদনভিত্তিক উৎসাহ প্ৰকল্পৰ নীতি নিৰ্দেশনাত কিছু পৰিৱৰ্তন আনিছে। এতিয়াৰে পৰা ন্যূনতম বিনিয়োগৰ পৰিবৰ্তে অঙ্গীকাৰবদ্ধ বিনিয়োগেৰ প্ৰস্তাব ৰখা হৈছে।

ফাৰ্মাচিউটিকেলছ বিভাগে ইয়াৰ পূৰ্বে উৎসাহভিত্তিক উৎপাদনৰ বিষয়ত যিবোৰ প্ৰস্তাৱ আগবঢ়াইছিল সেইবোৰ প্ৰস্তাৱ গৃহীত হৈছে।

এই প্ৰস্তাৱ অনুসৰি গুৰুত্বপূৰ্ণ ঔষধৰ উপাদান আৰু চিকিৎসা সংক্ৰান্তীয় সা-সৰঞ্জামৰ ক্ষেত্ৰত উৎপাদনভিত্তিক উৎসাহ প্ৰকল্প আৰম্ভ কৰা হৈছে। দেশত চিকিৎসা সংক্ৰান্তীয় সা-সৰঞ্জামৰ উৎপাদনত উৎসাহ প্ৰদানৰ বাবেই এই উদ্যোগ গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই বিগত ২০ মাৰ্চত এই সংক্ৰান্তীয় প্ৰস্তাৱত অনুমোদন দিছিল আৰু দপ্তৰে ২৭ জুলাইত সেই প্ৰস্তাৱ বাস্তৱায়িত কৰিবৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে।

 

এইক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আৰু প্ৰস্তাৱ সংশ্লিষ্ট উদ্যোগ মহলৰ পৰা অহাৰ পিছত সেইবোৰ কাৰিকৰী কমিটিয়ে বিবেচনা কৰিছে। এই কমিটিৰ প্ৰস্তাৱবোৰ ইয়াৰ পিছত বিশেষ ক্ষমতাসম্পন্ন গোটৰ সমূখত দাখিল কৰা হৈছে। কমিটিয়ে সেই প্ৰস্তাৱ নীতি আয়োগৰ মুখ্য কাৰ্যনিৰ্বাহক বিষয়াৰ সৈতে আলোচনা কৰিছে। আলোচনাৰ পিছত ক্ষমতা সম্পন্ন কমিটিয়ে ২৯ অক্টোবৰত পৰিৱৰ্তিত নীতি-নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নীতি নিৰ্দেশনা ফাৰ্মাচিউটিকেলছ দপ্তৰৰ ৱেবছাইটত 'স্কিমছ’ টেবত ক্লিক কৰিলে দেখা যাব।

যি ১০ বিধ ঔষধৰ উপাদানৰ ক্ষেত্ৰত বাৰ্ষিক উৎপাদন ক্ষমতাৰ পৰিবৰ্তন কৰা হৈছে, সেইবোৰ হ’ল :

টেট্ৰাছাইক্লিন, নিয়োমাইছিন, পেৰা এমাইনো ফেনাইল, মেৰোছেনাম, আৰ্টেছুনেট, লোছাৰটন, টেলমিছাৰ্টন, এছাইক্লোভিৰ, ছিপ্ৰোক্লোক্সাছিন আৰু এছপিৰিন। এই প্ৰকল্পত উল্লেখিত ঔষধবোৰৰ বাৰ্ষিক উৎপাদন ক্ষমতাৰ ভিত্তিত এইবোৰ প্ৰস্তুত কৰাৰ অনুমতি দিয়া হ’ব।

প্ৰকল্পৰ অধীনত আবেদন জমা দিয়াৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

একেদৰে, চিকিৎসা সংক্ৰান্তীয় সৰঞ্জাম উৎপাদনত উৎপাদনভিত্তিক উৎসাহ প্ৰকল্পৰ ক্ষেত্ৰতো নীতি-নিৰ্দেশনাত পৰিবৰ্তন ঘটোৱা হৈছে। এতিয়াৰে পৰা ন্যূনতম বিনিয়োগৰ পৰিৱৰ্তে অঙ্গীকাৰবদ্ধ বিনিয়োগ নিৰ্ধাৰিত কোনো কোনো আবেদনপত্ৰৰ ক্ষেত্ৰত বিবেচিত হ’ব। এই প্ৰকল্পৰ সময়সীমা এবছৰ বৃদ্ধি কৰা হৈছে। প্ৰকল্পৰ হিতাধিকাৰীসকলে ২০২১-২২ ৰ পৰিবৰ্তে ২০২২-২৩ বিত্তবৰ্ষৰ পৰা পৰৱৰ্তী পাঁচ বছৰলৈ এই সুবিধা লাভ কৰিব।

এই প্ৰকল্পৰ ক্ষেত্ৰতো আবেদন জমা দিয়াৰ শেষ তাৰিখ ৩০ নৱেম্বৰ পৰ্যন্ত বৃদ্দি কৰা হৈছে।

ভাৰতীয় ঔষধ নিৰ্মাণ উদ্যোগ বিশ্বৰ তৃতীয় বৃহত্তম। এই দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বৈদেশিক মুদ্ৰা আয়ৰ ক্ষেত্ৰত এই উদ্যোগৰ যথেষ্ট গুৰুত্ব আছে। চিকিৎসা সংক্ৰান্তীয় সামগ্ৰীৰ সৰঞ্জাম প্ৰস্তুত এক উদীয়মান ক্ষেত্ৰ বুলি বিবেচনা কৰা হৈছে। কেন্দ্ৰই এই দুটা উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত বেছ কিছু সহায়ক ব্যৱস্থা গ্ৰহণ কৰিছে যাতে আগন্তুক দিনবোৰত এই উদ্যোগবোৰে ইয়াৰ সম্ভাৱনাক পূৰ্ণকালীনভাৱে কামে কাজে লগাব পাৰে।

************

 

RCJ/RKM/RD



(Release ID: 1668760) Visitor Counter : 176