উপ-ৰাষ্ট্ৰপতি সচিবালয়

মিলাদ-উন-নবিৰ প্রাকমুহূৰ্তত দেশবাসীক উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

Posted On: 29 OCT 2020 2:21PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্রী এম ভেংকায়া নাইডুৱে মিলাদ-উন-নবিৰ প্রাকমুহূৰ্তত দেশবাসীক শুভেচ্ছা জনায়৷ তেওঁ সকলোকে ক’ভিড-১৯ৰ স্বাস্থ্য বিধি মানি মিলাদ-উন-নবি উদযাপনৰ আহ্বান জনায়৷

এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তাৰ পূৰ্ণপাঠঃ

হজৰত মহম্মদৰ জন্মদিন হিচাপে উদযাপিত মিলাদ-উন-নবিৰ শুভক্ষণত আমাৰ দেশৰ সকলো নাগৰিকৰ প্ৰতি মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো৷

মহান নবিয়ে মানৱতাক সহানুভুতি আৰু সার্বজনীন ভাতৃত্বৰ জৰিয়তে ন্যায়ৰ পথ দেখুৱাইছে৷ মিলাদ-উন-নবি পৰিয়াল আৰু বন্ধুবৰ্গৰ একত্রিত হৈ প্রার্থনা কৰাৰ বাবে এক বিশেষ অনুষ্ঠান। এই বছৰ ক’ভিড-১৯ মহামাৰীৰ কাৰণে মই মোৰ সহকর্মীসকলক ক’ভিড-১৯ স্বাস্থ্য বিধি কঠোৰভাৱে অনুসৰণ কৰাৰ লগতে সঠিক উপায়েৰে মিলাদ-উন-নবি উদযাপনৰ আহ্বান জনাইছো৷

আশা কৰো তেওঁৰ চিৰন্তন বার্তাই এক শান্তিপূর্ণ আৰু সমন্বয়ৰ সমাজ গঠনত মাৰ্গদৰ্শন কৰিব৷

****

VRRK/MS/DP/DB



(Release ID: 1668675) Visitor Counter : 141