স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতি ১০ লাখত সর্বনিম্ন আক্রান্ত আৰু মৃত্যুৰ সংখ্যাৰ হিচাপত ভাৰত অন্যান্য দেশৰ তুলনাত আগবাঢ়ি আছে

চিকিৎসাধীন ক’ৰোনা ৰোগীৰ হাৰ একেৰাহে হ্ৰাস পাই আছে

Posted On: 28 OCT 2020 12:02PM by PIB Guwahati

কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সুনির্দিষ্ট ৰণকৌশল আৰু অতি সক্রিয় পদক্ষেপৰ ফলত ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে ক’ৰোনাত আক্রান্তৰ হাৰ আৰু মৃত্যুৰ সংখ্যা অন্যান্য দেশৰ তুলনাত আপেক্ষিকভাৱে কম।

সমগ্ৰ বিশ্বত প্ৰতি ১০ লাখত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৫,৫৫২জনৰ বিপৰীতে ভাৰতৰ আক্রান্তৰ সংখ্যা ৫,৭৯০জন৷ মার্কিন যুক্তৰাষ্ট্ৰ, ব্রাজিল, ফ্রান্স, ব্রিটেইন, ৰাছিয়া আৰু দক্ষিণ আফ্রিকাত আক্রান্তৰ সংখ্যা তুলনামূলকভাৱে বহু বেছি৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001J3DL.jpg

ভাৰতত প্ৰতি ১০ লাখত ক’ৰোনাত মৃত্যুৰ সংখ্যা ৮৭। আনহাতে, সমগ্ৰ বিশ্বত ইয়াৰ গড় হাৰ ১৪৮। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ আৰু মোকাবিলা কৰাত ভাৰতৰ অতি সক্রিয় মনোভাৱ আৰু কার্যকৰী ৰণকৌশল গ্ৰহণৰ ফলত বিগত কেইটামান মাহত আশাপদ ফল লাভ কৰা হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image0024IEH.jpg

মুঠ নমুনা পৰীক্ষাৰ দিশতো ভাৰতে অন্যান্য দেশৰ তুলনাত তালিকাৰ শীৰ্ষ আছে। দেশত বিগত ২৪ ঘণ্টায় ১০,৬৬,৭৮৬টা নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে মুঠ নমুনা পৰীক্ষাৰ পৰিমাণ ১০,৫৪,৮৭,৬৮০লৈ বৃদ্ধি পাইছে৷

সময় মতে কৰা নমুনা পৰীক্ষা, ৰোগীৰ আগতীয়া চিনাক্তকৰণ আৰু ফলপ্ৰসূ চিকিসা সেৱা প্ৰদানৰ ফলত দেশত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৫০%লৈ হ্ৰাস পাইছে৷

ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে ৬,১০,৮০৩জন অৰ্থা ৭.৬৪% ৰোগীহে চিকিসাধীন হৈ আছে৷ বৰ্তমানলৈকে ৭২,৫৯,৫০৯জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৪৩,৮৯৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে ৫৮,৪৩৯জন৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৭%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাত ৭,০০০তকৈ অধিক ৰোগী আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003Y60P.jpg

নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৯% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image004EK2J.jpg

বিগত ২৪ ঘণ্টাত দেশত ৫০৮জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে প্ৰায় ৭৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১১৫জন ৰোগী মৃত্যু হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image005Q294.jpg

 

****

MV/SJ/DB

 



(Release ID: 1668291) Visitor Counter : 159