PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
27 OCT 2020 6:37PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
#Unite2FightCorona
#IndiaFightsCorona
৩ মাহৰ পাছত সৰ্বনিম্ন দৈনিক নতুন ঘটনাৰে অভিলেখ ভাৰতৰ, মুঠ সক্ৰিয় ঘটনা ৬.২৫ লাখ, যি ১১ সপ্তাহৰ পাছত সৰ্বনিম্ন
ক’ভিডৰ বিৰুদ্ধে যুঁজখনত ভাৰতে কেইবাটাও লক্ষ্যণীয় মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। তিনিমাহত প্ৰথমবাৰৰ বাবে যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত ঘটনা ৩৬,৫০০ (৩৬,৪৭০)ৰ অৱনমিত হৈছে। ১৮ জুলাই, ২০২০ত নতুন ঘটনাৰ সংখ্যা আছিল ৩৪,৮৮৪ টা। প্ৰতিদিনে অধিক সংখ্যক ক’ভিড ৰোগীৰ আৰোগ্য লাভ আৰু অবিৰত মৃত্যুৰ হাৰ হ্ৰাসৰ সমান্তৰালভাৱে ভাৰতত সক্ৰিয় ঘটনাৰো নিৰৱচ্ছিন্ন হ্ৰাসৰ ধাৰা অব্যাহত আছে। আন এটা সাফল্য হিচাপে, সক্ৰিয় ঘটনাৰ সংখ্যা ৬.২৫ লাখলৈ অৱনমিত হৈ পৰিছে। দেশখনত মুঠ পজিটিভ ঘটনাৰ সংখ্যা হৈছে ৬,২৫,৮৫৭ আৰু এতিয়া ইয়াৰ হাৰ হৈছে মুঠ ঘটনাৰ ৭.৮৮%। কেন্দ্ৰৰ বিস্তৃত আৰু ধাৰাবাহিক উচ্চ দেশজোৰা টেষ্টিং, ক্ষীপ্ৰ আৰু ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেকিং, শীঘ্ৰেই চিকিৎসালয়ত ভৰ্তিৰ কৌশলৰ অধীনত আৰু কেন্দ্ৰীয় চৰকাৰখনৰদ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড ট্ৰিটমেন্ট প্ৰট’কলৰ কাৰ্যকৰী ৰূপায়ণৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা সমন্বিত, সুস্পষ্ট আৰু প্ৰগতিশীল ব্যৱস্থাৰ বাবেই এনে ফলাফল লাভ কৰা হৈছে। তদুপৰি এনে উৎসাহজনক ফলাফললৈ বৰঙণি যোগান ধৰে দেশখনৰ সকলো অংশতে চিকিৎসক, পেৰামেডিক্স, ফ্ৰন্টলাইন কৰ্মী আৰু আন সকলোবোৰ ক’ভিড-১৯ যোদ্ধাৰ নিঃস্বাৰ্থ সেৱা আৰু আত্মোৎসৰ্গাই। আজি দেশখনৰ মুঠ সক্ৰিয় ঘটনাৰ ৩৫% হৈছে ১৮খন জিলাৰ। সক্ৰিয় ঘটনাৰ সংখ্যা হ্ৰাসে আৰোগ্য লাভৰ মাত্ৰা বৃদ্ধিকে সূচিত কৰিছে। মুঠ আৰোগ্য লাভৰ ঘটনাই অতিক্ৰম কৰিছে ৭২ লাখ (৭২,০১,০৭০)। যাৰ জৰিয়তে সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ ব্যৱধান বৃদ্ধি পায়। আজি এয়া হয় ৬৫,৭৫,২১৩। যোৱা ২৪ ঘন্টাত ৬৩,৮৪২ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯০.৬২%লৈ বৃদ্ধি পাইছে। নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৮% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। এদিনতে ৯,০০০ ৰোধিকৰ আৰোগ্য লাভেৰে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। ইয়াৰ পাছতেই থকা কৰ্ণাটকৰ আৰোগ্য লাভৰ পৰিমাণ ৮,০০০ ৰোধিক। নতুনকৈ নিশ্চিত ঘটনাৰ ৭৬% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। সৰ্বাধিক নতুন ঘটনা চিনাক্ত হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষস্থানত আছে কেৰালা আৰু পশ্চিম বংগ। ইয়াৰ প্ৰত্যেকতে নতুন ঘটনাৰ পৰিমাণ ৪,০০০ ৰোধিক। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ প্ৰত্যেকৰে নতুন ঘটনাৰ সংখ্যা হৈছে ৩,০০০ ৰোধিক। যোৱা ২৪ ঘন্টাত মৃত্যুৰ ঘটনা হৈছে ৪৮৮টা। ইয়াৰ ভিতৰত, ৮০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। একেৰাহে দ্বিতীয়টো দিনৰ বাবে মৃত্যুৰ ঘটনা ৫০০ৰ নিম্ন হৈছে। এদিনতে মহাৰাষ্ট্ৰত সৰ্বাধিক (৮৪) ৰোগী মৃত্যুমুখত পৰিছে। ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৫০%লৈ অৱনমিত হৈছে।
অধিক বিৱৰণৰ বাবে
পুনৰ-মুকলিৰ অৰ্থে নীতি-নিৰ্দেশনা সম্প্ৰসাৰণ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ, ক’ভিড-সন্দৰ্ভত যথোচিত আচৰণ মানি চলিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আহ্বান
আজি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৩০-০৯-২০২০ত জাৰি কৰা পুনৰ-মুকলিৰ অৰ্থে নীতি-নিৰ্দেশনা ৩০-১১-২০২০লৈ সম্প্ৰসাৰণ কৰে। ২৪ মাৰ্চ, ২০২০ত মন্ত্ৰালয়ে জাৰি কৰা লকডাউনৰ প্ৰথম নিৰ্দেশনাত বাধ্য-বাধাকতা আৰোপিত সকলো ক্ৰিয়া-কলাপ মাথো কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰে আন অঞ্চলসমূহত পৰ্যায়ক্ৰমে পুনৰ মুকলি কৰি অহা হৈছে। গৰিষ্ঠসংখ্যক ক্ৰিয়া-কলাপকে পুনৰ আৰম্ভৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে যিবোৰ ক্ৰিয়া-কলাপত অধিক সংখ্যক লোক জড়িত হৈ পৰাৰ সম্ভাৱনা আছে, তেনেবোৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আৰোপ কৰা হৈছে। মূলতঃ স্বাস্থ্য আৰু সুৰক্ষা সতৰ্কতাৰ দৃষ্টিকোণেৰেই এই ক্ৰিয়া-কলাপসমূহ এছঅ’পি সাপেক্ষে অনুষ্ঠিত কৰাৰ অনুমতি দিয়া যায়।
অধিক বিৱৰণৰ বাবে
পঞ্জাৱ নেশ্যনেল বেংকৰ ক’ভিড-১৯ৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় চিএছআৰ অভিযানৰ শুভাৰম্ভ কৰিলে ডাঃ হৰ্ষ বৰ্ধনে
কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি পঞ্জাৱ নেশ্যনেল বেংকৰ ক’ভিড-১৯ৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় চিএছআৰ অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ তদুপৰি পঞ্জাৱ নেশ্যনেল বেংকৰ ডিজিটেল চিএছআৰ এলবাম ও চিএছআৰ ভিডিঅ’ উদ্বোধন কৰে। ইয়াত ভাষণ প্ৰদান কৰি মন্ত্ৰীজনে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনৰ অংশ হিচাপে চিএছআৰ আঁচনিৰ অধীনত পঞ্জাৱ নেশ্যনেল বেংকে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয় যে বেংকটোৱে দেশখনৰ ৬৬২ খন জিলালৈ ১০ লাখ মাস্ক আৰু ছেনিটাইজাৰ যোগানৰ অৰ্থে চৰকাৰখনৰ প্ৰচেষ্টাৰে বৰঙণি যোগান ধৰিছে।
অধিক বিৱৰণৰ বাবে
উত্তৰ প্ৰদেশৰ পিএম স্বনিধি যোজনাৰ হিতাধিকাৰীসকলেৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ পিএম স্বনিধি যোজনাৰ হিতাধিকাৰীসকলেৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে। মত-বিনিময়ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক ডিজিটেল পেমেন্টৰ লাভা-লাভ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে কেছবেক লাভ-লাভ অৰ্জন কৰিব পাৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক সেই কথা ব্যক্ত কৰে। তেখেতে কয় যে এনে ধনৰ জৰিয়তে ব্যৱসায়ৰ বৰ্ধন নিশ্চিত কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এনে প্ৰচেষ্টা গ্ৰহণৰ বাবে বেংকসমূহৰ শলাগ লয়।
অধিক বিৱৰণৰ বাবে
উত্তৰ প্ৰদেশৰ পিএম স্বনিধি যোজনাৰ হিতাধিকাৰীসকলেৰে মত-বিনিময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ-পাঠ
অধিক বিৱৰণৰ বাবে
৪ৰ্থ ইণ্ডিয়া এনাৰ্জী ফৰামত উদ্বোধনী ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৪ৰ্থ ইণ্ডিয়া এনাৰ্জী ফৰামত উদ্বোধনী ভাষণ আগবঢ়ায়। ইয়াতে তেখেতে কয়, ভাৰত শক্তিৰে পৰিপূৰ্ণ আৰু ইয়াৰ শক্তিখণ্ডৰ ভৱিষ্যৎ উজ্জ্বল আৰু নিৰাপদ। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে একাধিক প্ৰত্যাহ্বান সত্বেও যোৱা বছৰ কেইটাত ভাৰত শীৰ্ষস্থানীয় শক্তি উপভোক্তা হৈ উঠিছে। ঘৰুৱা বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰত হৈছে তৃতীয় সৰ্ববৃহৎ আৰু দ্ৰুত বিকাশশীল এভিয়েশ্যন মাৰ্কেট। ভাৰতে বিশ্বাস কৰে যে শক্তি গ্ৰহণ প্ৰক্ৰিয়াটো বহনক্ষম আৰু নিৰ্ভৰযোগ্য হ’ব লাগে।
অধিক বিৱৰণৰ বাবে
ইণ্ডিয়া এনাৰ্জী ফৰামৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ-পাঠ
অধিক বিৱৰণৰ বাবে
চাইল্ড কেয়াৰ লীভ সন্দৰ্ভত পাৰ্ছনেল ও ট্ৰেইনিং বিভাগৰ সংশোধনী
পাৰ্ছনেল ও ট্ৰেইনিং বিভাগে সাধন কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সন্দৰ্ভত ব্যক্ত কৰি বিভাগীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি কয় যে চৰকাৰখনে এতিয়া চাইল্ড কেয়াৰ লীভৰো সংযোজন ঘটাইছে। অৱশ্যে যিসকল পুৰুষ কৰ্মচাৰীৰ পত্নীৰ বিয়োগ ঘটিছে তেনে কৰ্মচাৰীয়েহে এনে সুবিধা লাভ কৰিব। একেদৰে, বিধৱা মহিলা কৰ্মচাৰীসকলেও এই সুবিধা পাব। ইয়াৰ পূৰ্বে কৰ্মচাৰীসকলে সংশ্লিষ্ট বিভাগৰ মুখ্য় কাৰ্যালয়ৰপৰা অনুমতি গ্ৰহণ কৰাটো হ’ব আৱশ্যকীয়।
অধিক বিৱৰণৰ বাবে
সিদ্ধান্তমূলক লক্ষ্যই ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণটোক বলিষ্ঠ কৰি তুলিছেঃ শ্ৰী পীয়ূষ গোৱেল
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে আজি কয় যে সিদ্ধান্তমূলক লক্ষ্যই ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণটোক সমৃদ্ধ কৰি তুলিছে। ১ম চাংহাই কৰ্প’ৰেশ্যন অৰ্গেনাইজেশ্যন (SCO) ষ্টাৰ্টআপ ফৰাম উদ্বোধন কৰিয়েই মন্ত্ৰীজনে এই কথা কয়। তেওঁ কয়, যুৱ সমাজ হৈছে আমাৰ সম্পদ। এই জটিল ও অনিশ্চয়তাৰ সময়তে তেওঁলোকে পৰম উদ্যমেৰে কামত লাগি আছে। আমাৰ ষ্টাৰ্টআপসমূহেও ইয়াকে প্ৰতিফলিত কৰিছে।
অধিক বিৱৰণৰ বাবে
ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট
- পঞ্জাৱঃ পঞ্জাৱৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক হেল্থ কেয়াৰ কৰ্মীসকলৰ এটা ডাটাবেছ যুগুত কৰি মন্ত্ৰালয়ক দাখিল কৰিবলৈ আহ্বান জনাইছে। মূলতঃ ক’ভিড-১৯ৰ প্ৰতিষেধক আহি পৰাৰ লগে-লগেই তেওঁলোকক প্ৰদান কৰিবলৈকে কেন্দ্ৰই এই নিৰ্দেশনা দিছে।
- হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণক ক’ভিড-১৯ ৰ লক্ষণ দেখা দিয়া মাত্ৰকেই ভূক্তভোগীক হাস্পতালত ভৰ্তিৰ আহ্বান জনাইছে। তেওঁ ভাৰত চৰকাৰৰ ক’ভিড-সন্দৰ্ভত যথোচিত আচৰণ সাফল্যমণ্ডিত কৰি তুলিবলৈয়ো ৰাজ্যবাসীক আহ্বান জনায়।
- অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত যোৱা ২৪ ঘন্টাত ১৪৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে ডিচাৰ্জ দিয়া ৰোগীৰ সংখ্যা হৈছে ২৩১ জন। দুজন লোকৰ মৃত্যুকে ধৰি ৩৫ লৈ এই সংখ্যা বৃদ্ধি পাইছে।
- অসমঃ অসমত কালি ২১৫ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে, আৰোগ্য লাভ কৰে ২৮৩২ ৰোগীয়ে। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ২০৪৩৮৬ লৈ বৃদ্ধি পাইছে। একেদৰে আৰোগ্য লাভৰ সংখ্যা ১৮৮৫৮৪, সক্ৰিয় ঘটনা ১৪৮৯১ আৰু মৃত্যুৰ সংখ্যা ৯০৮।
- মেঘালয়ঃ মেঘালয়ত, শেহতীয়াভাৱে ৪৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ নিশ্চিত ঘটনা ৯০৬৬টা। একেদৰে, মুঠ আৰোগ্য লাভৰ ঘটনা ৭৪৭১ টা আৰু মৃত্যুৰ সংখ্যা ৮১ টা।
- মিজোৰামঃ মিজোৰামত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আইজলত আজিৰেপৰা ৩ নৱেম্বৰলৈকে লকডাউন কাৰ্যকৰী কৰা হৈছে। কালি ৰাজ্যখনত নতুনকৈ ৩৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। মুঠ ঘটনাৰ সংখ্যা ২৫২৭ লৈ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩১৫ টা।
- নাগালেণ্ডঃ নাগালেণ্ডত মুঠ ক’ভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ৬৬২৬ টা। ইয়াৰে ৩৮০৭ টা ঘটনা সশস্ত্ৰ বাহিনীৰ। ট্ৰেচ কনটেক্টত ২৮০০, ঘূৰি অহা ১৬৩৫ ও ৪২১ হৈছে ফ্ৰন্টলাইন কৰ্মী।
- মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত পৰীক্ষাগাৰত ক’ভিড-১৯ৰ আৰটি-পিচিআৰ টেষ্টৰ ব্যয় ২০০ টকা হ্ৰাস কৰি তুলিছে। ইয়াৰ জৰিয়তে এতিয়াৰেপৰা ইয়াৰ নিম্নসীমা হ’ব ৯৮০ টকা আৰু উৰ্ধসীমা হ’ব ১,৮০০ টকা। স্থান সাপেক্ষে ইয়াৰ তাৰতম্য নিৰ্ভৰ কৰিব।
- গুজৰাটঃ গুজৰাটত ক’ভিড-১৯ৰপৰা আৰোগ্য় লাভ কৰা মুঠ ৰোগীৰ সংখ্যাই ১.৫০ লাখৰ সীমা অতিক্ৰম কৰিছে। যোৱা ২৪ ঘন্টাত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১,১০২। এইসকলো ৰোগীকে ডিচাৰ্জ দিয়া হয়।
- ৰাজস্থানঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰি তুলিবলৈ ৰাজস্থান বিধানসমভাৰ আগন্তুক অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হ’ব। ৰাজস্থান চৰকাৰৰ এই সিদ্ধান্ত হৈছে মাস্ক পৰিধানৰ অৰ্থে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবঢ়া প্ৰথমটো পদক্ষেপ।
- মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ক’ভিড-১৯ৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১১,২৩৭ টা।
- চত্তীশগড়ঃ সোমবাৰে চত্তীশগড়ত নতুন ঘটনাৰ সংখ্যা হৈছে ১,৬৪৯ টা। মৃত্যুৰ ঘটনা ৪৩ টা।
- কেৰালাঃ সবৰীমালা তীৰ্থযাত্ৰাৰ সময়ত ক’ভিড টেষ্টিঙৰ পদ্ধতি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৰালা চৰকাৰে। মূলতঃ নিগেটিভ চাৰ্টিফিকেট থকা একাংশ লোকৰ শেহতীয়া ফলাফল পজিটিভ অহাতে ৰাজ্য চৰকাৰখনে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে।
- তামিল নাডুঃ ক’ভিড-১৯ৰে যুঁজ দি থকা তামিল নাডুৰ কৃষি মন্ত্ৰী ডৰাইক্কানুৰ শৰীৰৰ অৱস্থাৰ উন্নতি ঘটা নাই বুলি হাস্পতাল কৰ্তৃপক্ষই সদৰী কৰিছে। ইফালে ৰাজ্যখনৰ স্বাস্থ্য সচিবে সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে ৰাজ্যবাসীক।
- কৰ্ণাটকঃ কেন্দ্ৰীয় চৰকাৰে সকলো স্বাস্থ্য কৰ্মীৰ ডাটাবেছ প্ৰস্তুত কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনাক গুৰুত্ব সহকাৰে লৈছে কৰ্ণাটক চৰকাৰে। এই সংক্ৰান্তত ৰাজ্যখনৰ স্বাস্থ্য আৰু মেডিকেল শিক্ষা মন্ত্ৰী ডাঃ তে সুধাকৰে আজি এক বৈঠকত মিলিত হয়।
- অন্ধ্ৰ প্ৰদেশঃ ২ নৱেম্বৰৰপৰা অন্ধ্ৰ প্ৰদেশৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ’ব। ইয়াৰ অৰ্থে শিক্ষক সমাজৰ ক’ভিড টেষ্ট বাধ্যতামূলক কৰি তোলা হৈছে।
- তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হৈছে ৮৩৭ টা। আৰোগ্য লাভৰ সংখ্যা ১৫৫৪ৰ বিপৰীতে মৃত্যু হৈছে ৪ জন ৰোগীৰ।
**********
(Release ID: 1668023)
Visitor Counter : 177