জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

আৰ্ট অৱ লিভিঙৰ সহযোগিতাত জনজাতি কল্যাণৰ অৰ্থে দুটা চেন্টাৰ অৱ এক্সেলেন্স মুকলি শ্ৰী অৰ্জুন মুণ্ডাৰ

পিআৰআইৰ শক্তিশালীকৰণে সিদ্ধান্ত গ্ৰহণ সম্পৰ্কীয় প্ৰসংগত সৱলীকৰণ আৰু সমাজৰ উন্নয়ন ত্বৰান্বিত কৰিবঃ শ্ৰী অৰ্জুন মুণ্ডা

Posted On: 27 OCT 2020 4:49PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই আজি ইয়াত জনজাতি পৰিক্ৰমা মন্ত্ৰালয় (MoTA) আৰু আৰ্ট অৱ লিভিং (AoL) ৰ মাজৰ সহযোগিতাত জনজাতি কল্যাণৰ অৰ্থে দুটা চেন্টাৰ অৱ এক্সেলেন্স ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুকলি কৰে। এই অনুষ্ঠানত আৰ্ট অৱ লিভিঙৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰে ভাগ লয়। ইয়াত জনজাতি পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং চাৰুটা, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খন্দকাৰ আৰু যুটীয়া সচিব শ্ৰী নৱলজি কাপুৰো উপস্থিত থাকে।

ইয়াত ভাষণ আগবঢ়াই, শ্ৰী অৰ্জুন মুণ্ডাই কয় যে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগিতাত আৰ্ট অৱ লিভিং (AoL) এ দুটাকৈ চেন্টাৰ অৱ এক্সেলেন্স প্ৰতিষ্ঠা কৰাটো অতিশয় আদৰণীয় পদক্ষেপ। ই হৈছে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ জিলাৰ জনজাতীয় কৃষক সমাজৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰথমটো চেন্টাৰ অৱ এক্সেলেন্স। যিয়ে গ’-অধিৰথ কৃষি কৌশলৰ ভিত্তিত বহনক্ষম প্ৰাকৃতিক কৃষিক প্ৰশস্ত কৰি তুলিব। দ্বিতীয়টো চেন্টাৰ অৱ এক্সেলেন্সে ঝাৰখণ্ডৰ ৫ খন জিলাৰ ৩০ গাঁও পঞ্চায়ত আৰু ১৫০ খন গাঁৱক সামৰি ‘পিআৰআই সৱলীকৰণ’ৰ ক্ষেত্ৰত কাম কৰিব। আমাৰ দেশখনৰ জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। আৰ্ট অৱ লিভিঙৰ স্বেচ্ছাসেৱকসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে, জনজাতি কল্যাণৰ উদ্দেশ্য পূৰণ কৰা হ’ব। ই প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন পৰিপূৰ্ণকৰণত বৰঙণি যোগাব। তেওঁ আশা ব্যক্ত কৰি কয় যে এই কৰ্ম শীঘ্ৰেই সম্পন্ন হ’ব আৰু এই যাত্ৰাত অধিক লোক আৰু অনুষ্ঠান জড়িত হৈ পৰিব। প্ৰকৃতি সুৰক্ষিতকৰণ আৰু পৰিবেশ ৰক্ষাৰ অৰ্থে জনজাতীয় লোকসকল সচেষ্ট হৈ আহিছে বুলি মন্ত্ৰীজনে সদৰী কৰে।

শ্ৰী অৰ্জুন মুণ্ডাই উল্লেখ কৰে যে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান (PRIs) ক শক্তিশালীকৰণে তেওঁলোকক সাংবিধানিক অধিকাৰ সন্দৰ্ভত জ্ঞাত কৰি তুলিব। ই সিদ্ধান্ত গ্ৰহণ সম্পৰ্কত আৰু সমাজখনৰ উন্নয়নত পিআৰআইসমূহক সৱলীকৰণ কৰিব।

শ্ৰীমতী ৰেণুকা সিং চাৰুটাই ভাষণ আগবঢ়াই কয় যে জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বহু কাৰ্যক্ৰম ৰূপায়ণ কৰি আছে। এই ক্ষেত্ৰখনত লক্ষ্যণীয় কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা বহু এনজিঅ’ আৰু সামাজিক সংস্থাসমূহৰ সৈতে মন্ত্ৰালয়ে কাম কৰি আছে। আৰ্ট অৱ লিভিঙৰ আছে স্বেচ্ছাসেৱকৰ এটা বিশাল নেটৱৰ্ক যিয়ে এই কাৰ্যক্ৰমক সাফল্যমণ্ডিত কৰি তুলিব।

গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰে ভাষণ আগবঢ়াই কয়, আমি জনজাতীয় লোকসকলৰপৰা বহুখিনি কথাই শিকিছো। তেওঁলোক স্বচ্ছতা আৰু পৰিবেশ সংৰক্ষণৰ প্ৰতি অতিশয় দায়বদ্ধ। তেওঁ ঝাৰখণ্ডৰ ঘাটাশিলাত আৰ্ট অৱ লিভিং বিদ্যালয় চলাই ৰখাৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে ইয়াৰ শৈক্ষিক পাঠ্যক্ৰমত দক্ষতা বিকাশকো অন্তৰ্ভুক্ত কৰা হৈছে। আৰ্ট অৱ লিভিঙে সমগ্ৰ ভাৰতত ৭৫০ খন বিদ্যালয় চলাই আছে। আমাৰ গাঁওসমূহত ডেন্টেল হাইজিন আৰু মেন্টেল হাইজিন উভয়ে অতিশয় আৱশ্যকীয় বুলি কয়। এই জনজাতি কল্যাণ আঁচনিসমূহক সফলকাম কৰি তুলিবলৈ আৰ্ট অৱ লিভিঙৰ স্বেচ্ছাসেৱকসকলে যপৰোনাস্তি চেষ্টা চলাই যাব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খন্দকাৰে জনজাতীয় অঞ্চলসমূহত আৰ্ট অৱ লিভিঙে ইতিমধ্যে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু আৰ্ট অৱ লিভিঙৰ সংঘবদ্ধতাই এনে কল্যাণমূলক কাম-কাজসমূহৰ সম্প্ৰসাৰণত সহায় আগবঢ়াব বুলি তেওঁ লগতে কয়।

পিআৰআই সৱলীকৰণৰ প্ৰথমটো পদক্ষেপে সামৰি ল’ব ঝাৰখণ্ডৰ ৫ খন জিলাৰ ৩০ গাঁও পঞ্চায়ত আৰ ১৫০ খন গাঁৱক। ইয়াৰ জৰিয়তে পিআৰআইৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত ভিন্ন জনজাতি আইন সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ’ব। জনজাতীয় লোকসকলৰ বাবে উপলব্ধ ভিন্ন কল্যাণকামী আঁচনি সম্পৰ্কত জ্ঞাত কৰোৱা যাব। একেদৰে কিদৰে এই আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰি তাৰ পুংখানুপুংখ ধাৰণা আগবঢ়োৱা হ’ব। এই আৰ্হি এনেদৰে যুগুত কৰা হৈছে যাতে জনজাতীয় যুৱ সমাজৰ মাজৰপৰা যুৱ স্বেচ্ছাসেৱক বাচনি কৰি লোৱা যাব। ইয়াৰ অৰ্থে তেওঁলোকক ব্যক্তিত্ব বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ মাজত সামাজিক দায়বদ্ধতাৰ মনোভাৱ জগাই তোলা হ’ব আৰু পৰৱৰ্তী সন্দৰ্ভত তেওঁলোকৰ সমাজখনত এই সজাগতাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে কাম কৰিবলৈ জনজাতীয় নেতা গঢ়ি তোলা হ’ব।

দ্বিতীয়তে, মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ ১০০০০ জনজাতীয় কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। য’ত তেওঁলোকে গ’-অধিৰথ কৃষি কৌশলৰ ভিত্তিত বহনক্ষম প্ৰাকৃতিক কৃষি সন্দৰ্ভত প্ৰশিক্ষণ লাভ কৰিব। কৃষকসকলক অৰ্গেনিক চাৰ্টিফিকেশ্যন লাভত সহায় আগবঢ়োৱা হ’ব আৰু মাৰ্কেটিং সুযোগ প্ৰদান কৰা যাব। যাৰ জৰিয়তে তেওঁলোক একো একোজন আত্মনিৰ্ভৰ জনজাতীয় কৃষক হৈ উঠিব।

*****

NB/SK/jk-TA/SB



(Release ID: 1668018) Visitor Counter : 208