নিতি আয়োগ

অষ্ট্ৰেলিয়াৰ ‘কমনৱেলথ ছায়েণ্টিফিক আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ অৰ্গেনাইজেশ্যন’ (চিএছআইআৰঅ’)-ৰ সহযোগৰে ‘এআইএম’-য়ে মুকলি কৰিলে ‘ইণ্ডিয়া-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইক’নমী হেকাথন’(আই-এচিই)

Posted On: 26 OCT 2020 5:19PM by PIB Guwahati

অষ্ট্ৰেলিয়াৰ কমনৱেলথ ছায়েণ্টিফিক আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ অৰ্গেনাইজেশ্যন (চিএছআইআৰঅ)-ৰ সহযোগৰে অটল ইনভেশ্যন মিছন, চমুকৈ এআইএম-য়ে অহা ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিব ইণ্ডিয়া-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইকনমী হেকাথন(আই-এচিই) শীৰ্ষক কাৰ্ষক্ৰম।

যোৱা ৪ জুনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চক্ৰৱত্ অৰ্থনীতিৰ সম্ভাৱনা সৃষ্টি কৰিব পৰা উদ্ভাৱনী চিন্তা সম্পৰ্কত হোৱা আলোচনাৰ আঁত ধৰিয়েই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছিল।

দুয়োখন দেশৰ মেধা-সম্পন্ন ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্টআপ’/’এমএছএমই খণ্ডত উদ্ভাৱনী প্ৰযুক্তি সম্পৰ্কীয় সমাধান সূত্ৰৰ চিনাক্তকৰণ আৰু বিকাশসাধনত গুৰুত্ব প্ৰদান কৰিব এই আই-এচিই-য়ে।

প্ৰস্তাৱিত হেকাথনখনৰ বাবে নিৰ্দ্ধাৰণ কৰা চাৰিটা প্ৰধান বিষয়বস্তু হ :

  1. পেকেজিঙৰ সময়ত হোৱা অপব্যয় হ্ৰাস কৰিব পৰা উদ্ভাৱনী ব্যৱস্থাৰে পেকেজিঙ-ৰ নতুন কিটিপৰ সন্ধান কৰা
  2. অবাবতে হোৱা পেলনীয়া সামগ্ৰীৰ সম্ভাৱনা পৰিহাৰ কৰি খাদ্য যোগান শৃংখলৰ বাবে নতুন পথৰ সন্ধান কৰা
  3. প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰাৰ বাবে সুযোগৰ সৃষ্টি কৰা
  4. গুৰুত্বপূৰ্ণ শক্তি-উত্পাদক ধাতু আৰু ই-আৱৰ্জনাৰ পুনৰব্যৱহাৰ নিশ্চিত কৰা

নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্টআপ’/’এমএছএমইসমূহক হেকাথনলৈ আমন্ত্ৰণ জনোৱা হব আৰু প্ৰতিটো বিষয়বস্তুৰ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিখন দেশৰ দুই প্ৰতিযোগী(ছাত্ৰী-ছাত্ৰীৰ মাজৰ পৰা এগৰাকী আৰু ষ্টাৰ্টআপ’/’এমএছএমই-ৰ মাজৰ পৰা এটা প্ৰতিষ্ঠানক)ক নিৰ্বাচিত কৰি অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বঁটা বিতৰণী অনুষ্ঠানত সন্মানিত কৰাৰ দিহা কৰা হব।

হেকাথন মুকলি কৰি এআইএম মিছনৰ সঞ্চালক আৰু নীতি আয়োগৰ অতিৰিক্ত সচিব আৰ ৰামাননে কয়, চাৰ্কুলাৰ ইকনমী অথবা চক্ৰৱত্ অৰ্থনীতিৰ প্ৰত্যাহ্বান নিৰসন কৰাৰ বাবে আমি পথৰ সন্ধান কৰিব বিচাৰিছো, যিয়ে অবাবতে হোৱা পেলনীয়া সামগ্ৰীৰ সম্ভাৱনা নোহোৱা কৰাই নহয়, বৰঞ্চ আৱৰ্জনাৰ পুনৰব্যৱহাৰো সম্ভৱ কৰি তুলিব

চিএছআইআৰঅ’’-ৰ ডিভিজন অব লেণ্ড এণ্ড ৱাটাৰ-ৰ মুখ্য কাৰ্যবাহী ড০ পল বাৰ্টস্কয়ে কয়, বিগত দশক ধৰি ভাৰত আৰু অষ্ট্ৰেলিয়াই এক ইতিবাচক আৰু শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তুলিছে আৰু আমাৰ এই সহযোগিতাই বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় সাফল্যৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অনাগত দিনত দুয়োখন ৰাষ্ট্ৰই মানৱ ইতিহাসৰ এই প্ৰত্যাহ্বান পূৰ্ণ সময়ত যুটীয়া ভাবে গৱেষণা আৰু বিকাশমূলক প্ৰয়াসৰে অধিক সাফল্য আজুৰি আনিবলৈ সক্ষম হব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

ড০ পল বাৰ্টস্কৰ সুৰতে সুৰ মিলাই চিএছআইআৰঅ’’-ৰ লেণ্ড এণ্ড ৱাটাৰ ডিভিজনছিনিঅৰ ছায়েন্স  লীডাৰ ড০ হেইনজ স্কাণ্ডলে কয়, চক্ৰৱত্ অৰ্থনীতিৰ এই আৰ্হিয়ে দীৰ্ঘকালীন সময়ত অধিক কৰ্ম-সংস্থাপন আৰু উন্নত অৰ্থনৈতিক প্ৰগতি সম্ভৱ কৰি তুলিব। ইয়ে, ব্যয় সংকোচন কৰা, উদ্ভাৱনৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰতো লক্ষ্যণীয় কল্যাণ সাধন কৰিব

অনুষ্ঠানত নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰে কয়, আমাৰ অৰ্থনীতিক কম সংসাধনকেন্দ্ৰিক কৰি গঢ়ি তোলাৰ লগতে আমাৰ অৰ্থনৈতিক প্ৰগতিক পাৰিৱেশিকভাবে অনুকূল কৰি গঢ়ি তোলাৰ বাবে এয়া এক অতিকে গুৰুত্বপূৰ্ণ উদ্যোগ হ

শ্ৰেষ্ঠত্ব অৰ্জন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্টআপ’/’এমএছএমই-ৰ দলসমূহক হেকাথনৰ পিচত উদ্ভাৱিত সামগ্ৰীৰ উত্পানৰ সুযোগ প্ৰদান কৰাৰ উপৰি ক্ৰমে ২ লাখ আৰু ৫ লাখ টকাৰ বঁটা প্ৰদান কৰা হব। ইফালে, অষ্ট্ৰেলিয়ান ছাত্ৰ-ছাত্ৰী আৰু এছএমই’/’ষ্টাৰ্টআপ প্ৰতিষ্ঠানক ক্ৰমে ৩৫০০ আৰু ৯৫০০ অষ্ট্ৰেলিয়ান ডলাৰৰ বঁটা আগবঢ়োৱা হব।

হেকাথনত অংশগ্ৰহণৰ বাবে আবেদন দাখিলৰ অন্তিম তাৰিখ ৬ নৱেম্বৰ ২০২০ত ধাৰ্য কৰা হৈছে। ইচ্ছুকসকলে http://aimapp2.aim.gov.in/iace/ ত আবেদন দাখিল কৰিব পাৰিব।

*****

VRRK/KP/KB



(Release ID: 1667718) Visitor Counter : 194