বিত্ত মন্ত্ৰালয়

আয়কৰ ৰিৰ্টান আৰু অডিট ৰিপোৰ্ট জমা দিয়াৰ নিৰ্ধাৰিত তাৰিখৰ সময়সীমা বৃদ্ধি

Posted On: 24 OCT 2020 2:27PM by PIB Guwahati

ক’ভিড -১১ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কৰদাঁতাসকলে যি আইনী আৰু অন্যান্য প্ৰতিবন্ধকতাৰ সমূখীন হ’বলগীয়া হয়, তাৰ পৰিপ্ৰেক্ষিত চৰকাৰে ২০২০ চনৰ ৩১ মাৰ্চ তাৰিখে এক অধ্যাদেশ জাৰি কৰিছিল। কৰ  আৰোপ আৰু অন্যান্য নিয়ম সম্পৰ্কীয় আইনত ভালেমান সংশোধনেৰে এই অধ্যাদেশ জাৰি কৰা হয়।  কৰ প্ৰদান সম্পৰ্কীয় বিভিন্ন সময়সীমাও বৃদ্ধি কৰা হয়। ইয়াৰ পিছত কিছু নিয়ম সংশোধন কৰাৰ লগতে কৰ আৰোপৰ অন্যান্য নিয়মৰ সৈতে অধ্যাদেশটো প্ৰযোজ্য কৰাৰ বাবে নতুন আইন অনা হয়।

ক’ভিড সংকটৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে ২২ জুন তাৰিখে এক বিজ্ঞাপন জাৰি কৰে, ২০১৯-২০ বিত্তবৰ্ষৰ বাবে আয়কৰ বিৱৰণী জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰি ৩০ নৱেম্বৰ কৰা হয়। ইয়াৰ সহায়ত এতিয়া ৩১ জুলাই আৰু ৩১ অক্টোবৰ ২০২০ ৰ আয়কৰ ৰিটাৰ্ন দাখিল কৰিব পাৰিব ৩০ নৱেম্বৰৰ ভিতৰত। ইয়াৰ উপৰিও, অডিট ৰিপ’ৰ্ট জমা দিয়াৰ বাবে সময়সীমা ৩১ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

ইয়াৰ লগতে টেক্স অডিট ৰিপ’ৰ্ট, বিভিন্ন অডিটিং ৰিপ’ৰ্ট, আন্তৰ্জাতিক লেনদেন আৰু কিছু বিশেষ আভ্যন্তৰীণ লেনদেনৰ আইনী সময়সীমা ৩১ ডিচেম্বৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। নিম্ন কৰদাঁতাসকল আৰু মধ্যবিত্ত কৰদাঁতাসকলৰ আয়কৰ ৰিটাৰ্ন দাখিল কৰাৰ বাবে চৰকাৰে আৰু অধিক সময় দিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ কৰদাঁতাসকলৰ আৰু সুবিধাৰ্থে স্ব-মূল্যায়িত আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ বিকল্পও দিয়া হৈছে। যিসকলে কৰ প্ৰদানৰ বাবে যোগ্য তেওঁলোকে এক লাখ টকা পৰ্যন্ত আয় কৰি তেওঁলোকৰ স্ব-মূল্যায়ন প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে বিশদ জমা দিয়াৰ বাবে আগন্তুক বৰ্ষৰ ৩১ জানুৱাৰী পৰ্যন্ত সময় দিয়া হৈছে।

 

এই সন্দৰ্ভত শীঘ্ৰেই যাৱতীয় বিজ্ঞাপন জাৰি কৰা হ’ব।

****

RM/KMN/RD



(Release ID: 1667539) Visitor Counter : 252