গৃহ মন্ত্ৰালয়

ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)-ৰ ৫৯তম প্রতিষ্ঠা দিবসৰ অনুষ্ঠানত অংশ ল’লে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী শ্রী জি কিষাণ ৰেড্ডীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আইটিবিপি সম্পূৰ্ণৰূপে শক্তিশালী কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সুদক্ষ নেতৃত্বত গৃহ মন্ত্ৰালয়ে আইটিবিপিক অধিক দক্ষ আৰু আধুনিক কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে

Posted On: 24 OCT 2020 3:48PM by PIB Guwahati

কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী শ্রী জি কিষাণ ৰেড্ডীয়ে ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)-ৰ ৫৯তম প্রতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি গ্রেটাৰ নয়ডাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ তাত আইটিবিপি-ৰ কুচকাৱাজৰ অভিবাদন গ্রহণ কৰে। এই উপলক্ষে শ্রী ৰেড্ডীয়ে কয়, আমাৰ সংস্কৃতিয়ে 'বসুবৈধ কুটুম্বকম' বা সমগ্র বিশ্বই এক পৰিয়াল এই মন্ত্রটিৰ কথা কয় যিয়ে বিশ্ব শান্তিৰ বাৰ্তা দিয়ে। একেসময়তে, আমাৰ সংস্কৃতিয়ে  শত্রুপক্ষই সৃষ্টি কৰা যি কোনো প্রতিকূল পৰিস্থিতিত নিজকে সম্পূৰ্ণৰূপে শক্তিশালী কৰাৰ মন্ত্ৰ লাভৰ শিক্ষাও দিয়ে। শ্রী ৰেড্ডীয়ে কয়, ১৯৬২ চনত ভাৰত-তিব্বত সীমান্ত আৰক্ষী প্রতিষ্ঠাৰ পাছৰ পৰাই বাহিনীৰ জোৱানসকলে আমাৰ সীমান্ত সুৰক্ষাৰ কামত নিয়োজিত হৈ আছে। এই বাহিনীৰ জোৱানসকলে যি কোনো ধৰণৰ জটিল পৰিস্থিতিতো ভাৰতমাতাৰ সেৱাত নৈতিকতা আৰু দেশপ্রেম বজাই ৰাখি কর্তব্য পালনত অবিচল হৈ আছে।

 

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ অৱদানৰ কথা স্বীকাৰ কৰি শ্রী ৰেড্ডীয়ে কয়, বাহিনীৰ জোৱানসকলে প্ৰবল উদ্যম আৰু সর্বোচ্চ পেছাদাৰিত্ব মনোভাৱেৰে চৰম প্রতিকূল অবস্থাতো পর্বতেৰে আৱৰি থকা সীমান্তৰ সুৰক্ষাত নিয়োজিত হৈ আছে। তেওঁ কয়, জম্মু আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজেই হওঁক বা ছত্তিশগড়ৰ উগ্রপন্থীৰ বিৰুদ্ধে যুঁজেই হওঁক সকলোক্ষেত্রতেই এই বাহিনীয়ে নিজৰ সক্ষমতাৰ প্রমাণ দেখুৱাইছে।

 

শ্রী ৰেড্ডীয়ে আৰু কয়, আইটিবিপি সম্পূৰ্ণৰূপে শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সুদক্ষ নেতৃত্বত গৃহ মন্ত্ৰালয়ে আইটিবিপিক অধিক দক্ষ আৰু আধুনিক কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শ্রী ৰেড্ডীয়ে কয়, তেওঁৰ মন্ত্রালয়ে আৰু ৪৭টা সীমান্ত চকী স্থাপনৰ বাবে বাহিনীৰ প্রস্তাৱত অনুমোদন জনাইছে। চলিত বছৰ বাহিনীক ২৮ধৰণৰ ভিন্ন ভিন্ন শ্রেণীৰ যানবাহন দিয়া হৈছে। বাহিনীৰ বাবে ৭,২২৩ কোটি টকাৰ বাজেট আৱণ্টন কৰা হৈছে। ইয়াৰ উপৰি, বাহিনীৰ ব্যৱস্থাপনাৰ বাবে ১৫ কোটি টকাতকৈ অধিক অনুমোদন কৰা হৈছে।

 

গৃহ ৰাজ্যমন্ত্রীগৰাকীয়ে আৰু কয়, সমগ্র দেশে যেতিয়া প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কৰনা মহামাৰীৰ মোকাবিলা কৰিছে তেতিয়া বাহিনীৰ জোৱানসকলেও এই সংগ্রামত গুৰুত্বপূর্ণ ভূমিকাত অৱতীর্ণ হৈছে। লকডাউনৰ সময়ত বাহিনীয়ে দেশৰ প্রত্যন্ত অঞ্চলসমূহতো অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰিছে। তেওঁ কয়, দেশত কভিড-১৯ সংক্রমণৰ মোকাবিলাত বাহিনীৰ জোৱানসকলে নিঃস্বার্থভাৱে মানুহৰ সেৱা কৰিছে। আনকি, বাহিনীৰ ফালৰ পৰা ছত্তৰপুৰত বিশ্বৰ বৃহত্তম কভিড-১৯ হাস্পতাল পৰিচালনা কৰা হৈছে। মানৱতাৰ প্রতি সেৱাৰ ই এক অনন্য নজিৰ বুলিও শ্রী ৰেড্ডীয়ে অভিমত প্রকাশ কৰে।

 

তেওঁ আৰু কয়, ভাৰত চৰকাৰৰ আঁচনিসমূহ সফল কৰি তোলাৰ ক্ষেত্ৰতো বাহিনীৰ জোৱানসকলে সদায়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। গৃহ মন্ত্রী শ্রী অমিত শ্বাহৰ অনুপ্রেৰণাত বাহিনীৰ জোৱানসকলে পৰিৱেশৰ সুৰক্ষাৰ বাবে বিভিন্ন স্থানত অসংখ্য গছপুলি ৰোপণ কৰিছে। আনকি, বাহিনীৰ জোৱানসকলে 'ফিট ইন্ডিয়া' অভিযানৰ অধীনত সাধাৰণ মানুহক সুস্থ হৈ থকাৰ গুৰুত্ব সম্পর্কে উৎসাহিত কৰিছে। দেশৰ আর্থিক উন্নয়নতো আইটিবিপি-ৰ গুৰুত্বপূর্ণ ভূমিকা আছে।

 

বাহিনীৰ শ্বহীদ জোৱানসকলৰ প্রতি শ্রদ্ধা জনাই শ্রী ৰেড্ডীয়ে কয়, শ্বহীদ পৰিয়ালসমূহৰ কাষত চৰকাৰ আৰু দেশে প্ৰতিক্ষণে সাহায্যৰ বাবে থিয় দি থাকিব।

 

বাহিনীৰ প্রতিষ্ঠা দিৱস উপলক্ষে শ্রী ৰেড্ডীয়ে ছয়জন জোৱানসকলে ৰাষ্ট্রপতিৰ আৰক্ষী পদক আৰু ২৩ জন জোৱানক অসামান্য সেৱাৰ বাবে আৰক্ষী পদক প্রদান কৰে। বাহিনীৰ সঞ্চালক প্ৰধান শ্রী সুৰজিৎ সিং দেশৱালে আইটিবিপি-ৰ সাম্প্রতিক কাৰ্যকলাপ সম্পর্কে মন্ত্রীক অৱগত কৰে। তেওঁ কয়, আইটিবিপি-ৰ আধুনিকীকৰণত সকলোধৰণৰ প্রয়াস গ্ৰহণ কৰা হৈছে। এই উপলক্ষে বছৰটোত বাহিনীৰ বিভিন্ন সাফল্য সম্বলিত এখন বার্ষিক বিশেষ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

 

উল্লেখ্য যে, ১৯৬২-চনত ভাৰত-চীন যুদ্ধৰ সময়ত ২৪ অক্টোবৰত আইটিবিপি প্রতিষ্ঠা কৰা হৈছিল। তাৰ পাছৰ পৰাই এই বাহিনীৰ জোৱানসকলে হিমালয় সংলগ্ন এলেকাত ভাৰতৰ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলৰ সুৰক্ষাক কামত সকলো সময়তে নিয়োজিত হৈ আছে। ইয়াৰ উপৰি, বাহিনীৰ জোৱানসকলক নক্সাল দমন অভিযান আৰু অন্যান্য আভ্যন্তৰীণ নিৰাপত্তাৰ কামতো মোতায়েন কৰা হয়।

 

 

 

 *****

NW/RK/AD/DDD/KG



(Release ID: 1667416) Visitor Counter : 210