PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 OCT 2020 6:10PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতৰ লেণ্ডমাৰ্ক মাইলৰ খুঁটি অতিক্ৰম, ২ মাহৰ পাছত প্ৰথমবাৰৰ বাবে সক্ৰিয় কেছলড ৭ লাখৰ নিম্ন, ২৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সক্ৰিয় ঘটনা ২০,০০০ তকৈ কম

’ভিডৰ বিৰুদ্ধে যুঁজখনত ভাৰতে লক্ষ্যণীয়ভাৱে মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। দুমাহ (৬৩ দিন)ৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনত সক্ৰিয় কেছল’ড ৭ লাখৰ নিম্ন হৈ পৰিছে। আজি দেশখনত মুঠ পজিটিভ ঘটনাৰ সংখ্যা হয় ৬,৯৫,৫০৯টা। ই মুঠ ঘটনাৰ প্ৰায় ৮.৯৬% হয়। ভাৰতত আৰোগ্য লাভৰ হাৰেও অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৭০ লাখ (৬৯,৪৮,৪৯৭)। সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ ব্যৱধান ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। আজি এই পৰিমাণ হয় ৬২,৫২,৯৮৮টা। আৰোগ্য লাভৰ ঘটনা সক্ৰিয় ঘটনাৰ ১০ গুণতকৈয়ো অধিক হৈ পৰে। যোৱা ২৪ ঘন্টাত ৭৩,৯৭৯ ৰোগীৰ আৰোগ্য আৰু ডিচাৰ্জ লাভৰ বিপৰীতে নতুন নিশ্চিত ঘটনা ৫৪,৩৬৬ টাৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৯.৫৩%লৈ বৃদ্ধি পাইছে।

অধিক বিৱৰণৰ বাবে

 

১০ কোটি মুঠ টেষ্টৰ লেণ্ডমাৰ্ক অতিক্ৰম ভাৰতৰ, যোৱা ৯ দিনত ১ কোটি টেষ্ট সম্পন্ন, যোৱা ২৪ ঘন্টাত প্ৰায় ১৪.৫ লাখ কভিড টেষ্ট সম্পন্ন

২০২০ৰ জানুৱাৰীৰপৰা কভিড-১৯ৰ মুঠ টেষ্টৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰগতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি ই ১০ কোটি (১০,০১,১৩,০৮৫) মুঠ টেষ্টৰ লেণ্ডমাৰ্ক অতিক্ৰম কৰে। আন এটা সফলতা হৈছে, যোৱা ২৪ ঘন্টাত ১৪,৪২,৭২২ টেষ্ট সম্পন্ন কৰা হয়। দেশখনৰ টেষ্টিং সামৰ্থ্য বহুগুণে বৃদ্ধি পাই সমগ্ৰ দেশখনত প্ৰায় ২০০০ লেব হৈ পৰিছে। কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰৰ সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত টেষ্টিং ক্ষমতাৰ ক্ষেত্ৰত এই চমকপ্ৰদ সফলতা লাভ কৰা হয়। প্ৰতি দিনে ১৫ লাখৰো অধিক নমুনা টেষ্ট কৰিব পৰা হৈছে টেষ্টিঙৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত দেশজোৰা টেষ্টিং আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে এটা মূল ভূমিকা পালন কৰিছে। দেশখনত ১৯৮৯ টেষ্টিং লেবৰ ভিতৰত ১১২২ চৰকাৰী লেবৰেটৰী আৰু ৮৬৭ ব্যক্তিগত লেবৰেটৰী। ইয়াৰ পৰিপ্ৰেক্ষিতত দৈনিক টেষ্টিং সামৰ্থ্য ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। নিৰন্তৰভাৱে বিস্তৃত টেষ্টিঙৰ উচ্চ হাৰে ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ নিম্ন কৰি ৰখাত সহায় আগবঢ়াইছে। ইয়ে সংক্ৰমণ বিয়পাৰ মাত্ৰা ফলপ্ৰসূতাৰে প্ৰতিৰোধ কৰাটোকে সূচিত কৰিছে। মুঠ টেষ্টে ১০ কোটি অতিক্ৰম কৰাৰ বিপৰীতে পজিটিভিটি হাৰ হ্ৰাস হৈ পৰিছে। আজি ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ৭.৭৫% হয়। কেন্দ্ৰীয় চৰকাৰখনৰ টেষ্ট, ট্ৰেক, ট্ৰেচ, ট্ৰিট আৰু টেকনজি কৌশল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ফলপ্ৰসূতাৰে পালন কৰাতেই এই সফলতা লাভ কৰা যায়। বিস্তৃত অঞ্চলত অধিক পৰিমাণে টেষ্টিঙৰ জৰিয়তে পজিটিভ ঘটনাসমূহৰ ক্ষীপ্ৰ চিনাক্তকৰণ সম্ভৱ হৈ পৰে। কাৰ্যক্ষম নিৰীক্ষণ আৰু ট্ৰেচিঙৰ অধিক সক্ৰিয় ট্ৰেকিং আৰু তীব্ৰ ঘটনাসমূহৰ কাৰণে ঘৰ/ব্যৱস্থা আৰু চিকিৎসালয়সমূহত সময়োচিত ও ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰা হয়। এই ব্যৱস্থাৰাজিৰ বাবেই মৃত্যুৰ হাৰ নিম্ন হৈ থাকে। যোৱা ৯ দিনত ১ কোটি টেষ্ট সম্পন্ন কৰা হয়। ৰাষ্ট্ৰীয় পৰিমাণতকৈ ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটি হাৰ অধিক দেখা গৈছে। সেয়ে এই অঞ্চলসমূহত বিস্তৃত টেষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

উত্তৰ প্ৰদেশৰ কভিড-১৯ৰ প্ৰস্তুতি আৰু কভিডৰ যথোচিত আচৰণৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি ইয়াত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ কভিড-১৯ প্ৰস্তুতি আৰু কভিডৰ যথোচিত আচৰণৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াত ৰাজ্য়খনৰ স্বাস্থ্য আৰু মেডিকেল শিক্ষা মন্ত্ৰী আৰু আন জ্যেষ্ঠ বিষয়াসকলে ভাগ লয়। ইয়াত ডাঃ হৰ্ষ বৰ্ধনে কভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত কৰোনা যোদ্ধাসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ জনাই যে যোৱা তিনি মাহত, দেশখনে কভিড প্ৰাচলৰ লক্ষ্যণীয় উন্নয়ন প্ৰত্যক্ষ কৰিছে। এদিনত অভিলেখ সংখ্যক ৯৫,০০০ ঘটনাৰপৰা ক্ৰমান্বয়ে হ্ৰাস হৈ দৈনিক ৫৫,০০০ ঘটনা হৈছেহি। ভাৰতৰ আৰোগ্য লাভৰ হাৰ বৃদ্ধি হৈ ৯০%ৰ ওচৰা-ওচৰি হৈ পৰিছে। আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰো হ্ৰাস হৈ পৰিছে। এই হাৰ বৰ্তমানে ১.৫১%লৈ নিম্নগামী হৈ পৰিছে আৰু এই হাৰ ১%ৰ নিম্ন কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে   

 

এছটিআইপি-২০২০ক তৃণমূল পৰ্যায়লৈকে নিবলৈ ৰাজ্যসমূহৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীসকলেৰে বিস্তৃত আলোচনা ডাঃ হৰ্ষ বৰ্ধনৰ

এছটিআইপি-২০২০ক তৃণমূল পৰ্যায়লৈকে লৈ যাবলৈ দেশৰ ৰাজ্যসমূহৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীসকলেৰে ভিডিঅ-কনফাৰেন্সিঙৰ জৰিয়তে বিস্তৃত আলোচনাত মিলিত হয় কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি, আৰ্থ চায়েন্স, স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন। মন্ত্ৰীজনে ইয়াত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পলিচিখনক ৰাষ্ট্ৰজুৰি ৰূপায়ণৰ অৰ্থে ৰাজ্যসমূহৰ সন্মিলিত প্ৰচেষ্টা কামনা কৰে। উল্লেখযোগ্য যে প্ৰস্তাৱিত এছটিআই পলিচি সন্দৰ্ভত এয়া আছিল প্ৰথমখনি বৈঠক। ইয়াত মন্ত্ৰীজনে কয়, আমি এই পলিচিখনক দৰাচলতেই বিস্তৃতভাৱে ৰূপায়ণ কৰিব খুজিছে। ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যকে সমান অংশীদাৰ হিচাপে গণ্য কৰা হৈছে। ইয়াৰ ৰূপায়ণৰ দায়িত্ব প্ৰতিখন ৰাজ্যই গ্ৰহণ কৰাটো আমাৰ কাম্য। এই পলিচিখন যাতে পূৰ্ণ উদম্যেৰে ৰূপায়ণ কৰা যায়, তাত প্ৰতিখন ৰাজ্যই মনোনিৱেশ কৰা উচিত।

অধিক বিৱৰণৰ বাবে

 

২৪ অক্টোবৰত গুজৰাটত তিনিটা প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

কাইলৈ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। এই তিনিটা প্ৰকল্প হৈছেঃ গুজৰাটৰ কৃষক ৰাইজৰ বাবে কিষাণ সূৰ্যোদয় যোজনাৰ শুভাৰম্ভণি, ইউ.এন. মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅজি এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ সৈতে সংলগ্ন পেডিয়েট্ৰিক হাৰ্ট হাস্পতালৰ উদ্বোধন আৰু আহমেদাবাদস্থিত আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ টেলি-কাৰ্ডিঅজিৰ অৰ্থে মবাইল এপ্লিকেশ্যন মুকলি। এই অনুষ্ঠানতে তেখেতে গিৰ্ণাৰত ৰপৱেয়ো উদ্বোধন কৰিব।

অধিক বিৱৰণৰ বাবে

 

নতুন দিল্লীস্থিত এআইআইএত নেশ্যনেল মেডিচিনিলে প্লান্ট বৰ্ডৰ ৰিজিঅনেল ৰ ড্ৰাগ ৰিপজিটৰী উদ্বোধন

আয়ুস দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী শ্ৰীপদ য়েছ নাইকে কালি নতুন দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত ৰিজিঅনেল ৰ ড্ৰাগ ৰিপজিটৰী উদ্বোধন কৰে। ভাৰ্চুৱেলী এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে কালি উদ্বোধন কৰা ৰিজিঅনেল ৰ ড্ৰাগ ৰিপজিটৰী টো হৈছে দ্বিতীয়টো এনে ৰিপজিটৰীআয়ুস মন্ত্ৰালয়ৰ নেশ্যনেল মেডিচিনিলে প্লান্ট বৰ্ডৰ প্ৰস্তাৱনা অনুসৰি ইয়াক প্ৰতিষ্ঠা কৰা হয়। এই অনুষ্ঠানত আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কুটেচাই ভাগ লয়।

অধিক বিৱৰণৰ বাবে

 

অৰুণাচল প্ৰদেশলৈ ইএছআই আঁচনিৰ সম্প্ৰসাৰণ

অধিক কৰ্মচাৰীক ইএছআই আঁচনিৰ অধীনত সামৰি লবলৈ অব্যাহত থকা নিৰন্তৰ প্ৰচেষ্টাৰ অংশস্বৰূপে, ভাৰত চৰকাৰে ১ নৱেম্বৰ, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশলৈ এমপ্লয়ীজ ষ্টেট ইন্সুৰেঞ্চ (ইএছআই) আঁচনি সম্প্ৰসাৰিত কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা জাৰি কৰা এখনি অধিসূচনাত ইএছআই আঁচনিৰ অধীনত পাপুম পাৰে জিলাক সামৰি লোৱাৰ কথা উল্লেখ কৰে। অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাত অৱস্থিত ১০ বা ততোধিক কৰ্মচাৰী থকা সকলোবোৰ ফেক্টৰীয়েই ইএছআই আঁচনি, ১৯৪৮ ৰ অধীনত কভাৰেজৰ বাবে যোগ্য হব। ইএছআই আঁচনিৰ অধীনত অনলাইন পঞ্জীয়নৰ সুবিধা www.esic.in ৱেবচাইট আৰু ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ শ্ৰম সুবিধা পৰ্টেলটো উপলব্ধ। ইএছআই আঁচনিৰ অধীনত পঞ্জীয়নৰ অৰ্থে কোনো ধৰণৰ ফিজিকেল নথি-পত্ৰ দাখিলৰ প্ৰয়োজনীয়তা নাই। এই ফেক্টৰীসমূহত কৰ্মৰত যিসকল কৰ্মচাৰীৰ উপাৰ্জন প্ৰতি মাহে ২১,০০০/- টকা পৰ্যন্ত (বিশেষভাৱে সক্ষম লোকৰ অৰ্থে মাহিলী ২৫ হাজাৰ টকা), তেওঁলোক এই ইএছআই আঁচনিৰ অধীনত কভাৰেজৰ বাবে যোগ্য হব। ই আৱৰি লোৱা কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলে লাভ কৰিবলৈ যোগ্য হবলগীয়া সেৱাসমূহ হৈছেঃ কেছলেছ মেডিকেল কেয়াৰ ছাৰ্ভিচ, চিকনেছ বেনিফিট, মেটাৰনিটি বেনিফিট, এমপ্লয়মেন্ট ইনজুৰী বেনিফিট আৰু এমপ্লয়মেন্ট ইনজুৰীৰ পৰিপ্ৰেক্ষিতত মৃত্যু হলে ডিপেণ্ডেন্ট বেনিফিট, আনএমপ্লয়মেন্ট বেনিফিট ইত্যাদি। ইটানগৰত নতুনকৈ মুকলি কৰা ডিছপেঞ্চেৰী ও শাখা কাৰ্যালয় (DCBO) ৰ জৰিয়তে মেডিকেল কেয়াৰৰ ব্যৱস্থা কৰা হব।

অধিক বিৱৰণৰ বাবে

 

সাগৰত অভিযানমূলক প্ৰস্তুতি পৰ্যালোচনা কৰিলে চিএনএছে

চীফ অৱ দ্য নেভেল ষ্টাফ (CNS) এডমিৰেল কৰমবীৰ সিঙে ২২ অক্টোবৰ, ২০২০ত ভাৰতীয় নৌ সেনাৰ অভিযানমূলক প্ৰস্তুতি আৰু প্ৰতিৰোধৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ইয়াত তেওঁক জনোৱা হয় যে কভিড-১৯ মহামাৰী সত্বেও  যোৱা মাহকেইটাত এই দিশত যথেষ্ঠ অগ্ৰগতি লাভ কৰা যায়। ৰাষ্ট্ৰৰ অখণ্ডতা ৰক্ষা কৰিবলৈ যিকোনো পৰিস্থিতি আৰু যিকোনো সময়তে ভাৰতীয় নৌ সেনা সাজু বুলি তেওঁক জনাই নৌ সেনাৰ উচ্চপদস্থ বিষয়াসকলে। তেওঁ ইয়াতে নৌ সেনাৰ পূৰ্বৰ বৰঙণিসমূহৰ কথাও উল্লেখ কৰে।

অধিক বিৱৰণৰ বাবে

 

 

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • কেৰালাঃ ৰাজ্য়খনৰ স্বাস্থ্যমন্ত্ৰী কে.কে. শ্যালাজাই জনসাধাৰণক যথোপযুক্ত কভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে। জনসাধাৰণক ঘৰতে থাকি দুৰ্গা পূজা পালনৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।
  • তামিল নাডুঃ চলিত বৰ্ষৰ মাৰ্চৰপৰা বন্ধ হৈ পৰা ৰেল সেৱা পুনৰ আৰম্ভ কৰিবলৈ মন মেলিছে তামিল নাডু চৰকাৰে। ইয়াৰ অৰ্থে ৰাজ্য় চৰকাৰখনে ৰেলৱে মন্ত্ৰালয়ক ৰেল সেৱা পুনৰ প্ৰৱৰ্তনৰ আহ্বান জনাইছে।
  • কৰ্ণাটকঃ ১৭ নৱেম্বৰৰপৰা কৰ্ণাটকৰ মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। অৱশ্যে মহাবিদ্যালয়লৈ অহা-নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীয়েহে।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশে সৰ্বাধিক আৰোগ্য লাভৰ হাৰেৰে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। ৰাজ্য়খনত আৰোগ্য লাভৰ হাৰ ৯৫.১৩ শতাংশ।
  • তেলেংগানাঃ তেলেংগানাত যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাৰ সংখ্যা হৈছে ১৪২১ টা। একে সময়তে আৰোগ্য লাভৰ সংখ্যা ১২২১ ও মৃত্যুৰ ঘটনা ৬।
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত শেহতীয়াভাৱে এজন কৰোনা ৰোগীৰ মৃত্যু হোৱাত এই কাৰণত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২ লৈ বৃদ্ধি পালে। শেহতীয়াকৈ লোহিত জিলাত সৰ্বাধিক ৪৩ জন লোক আক্ৰান্ত হৈছে। ৰাজ্য়খনত শেহতীয়াভাৱে আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ১৬৫। বৃহস্পতিবাৰে মুঠ সক্ৰিয় পজিটিভ ঘটনাৰ সংখ্যা হয় ২৬৩৮ টা।
  • অসমঃ অসমত শেহতীয়াকৈ ৩৪,৩৭৫ টেষ্টৰ বিপৰীতে ৫০৮ টা ঘটনা চিনাক্ত কৰা হয়। ইয়াত পজিটিভিটি হাৰ ১.৪৮% কামৰূপ (মহানগৰ)ত ঘটনাৰ সংখ্যা ১০১ আৰু ডিচাৰ্জ দিয়া হয় ১,৫৮৪ ৰোগীক। মুঠ ঘটনাঃ ২০৩২৮২, আৰোগ্য লাভৰ হাৰ ৮৭.৩৯% ও সক্ৰিয় ঘটনা ১২.১৬%
  • মণিপুৰঃ বিস্তৃত প্ৰচাৰেৰে মণিপুৰে নতুন কভিড-১৯ এছঅপি জাৰি কৰিছে। ৰাজ্যখনত কভিড-১৯ত আক্ৰান্ত হৈ শেহতীয়াকৈ ৩ জন লোকৰ মৃত্যু হৈছে।
  • মেঘালয়ঃ মেঘালয়ত শেহতীয়াভাৱে ৩০৭ কৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাঃ ১,৬৬১। ইয়াৰে ৪৬ বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ। বাকী ১,৬১৫ অন্যান্য ও মুঠ আৰোগ্য লাভ ৬,৯৮১ জনৰ।
  • মিজোৰামঃ অসম আৰু মিজোৰামৰ মাজত যান-বাহনৰ চলাচল আৰম্ভ হৈছে। মিজোৰামত জন আন্দোলন অভিযানৰ অধীনত বিদ্যালয় শিক্ষা বিভাগে কভিড-১৯ সংকল্প গ্ৰহণ অনুষ্ঠিত কৰিছে।
  • নাগালেণ্ডঃ নতুনকৈ আক্ৰান্ত হৈছে ১৫৭ জন লোক। ৰাজ্য়খনত মুঠ কভিড ঘটনাৰ সংখ্যা হৈছে ৮,২৯৬। সক্ৰিয় ঘটনা ১,৭৯৮ ৰ বিপৰীতে আৰোগ্য লাভ ৬,৩৯৯ জনৰ।
  • মহাৰাষ্ট্ৰঃ একেৰাহে পঞ্চমটো দিনৰ বাবে, মহাৰাষ্ট্ৰৰ নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা ১০,০০০ৰ নিম্ন হৈ আছে। বৃহস্পতিবাৰে ৰাজ্যখনত নতুন কভিড ঘটনাৰ সংখ্যা হয় ৭,৫৩৯টা।
  • গুজাৰাটঃ গুজৰাট চৰকাৰে জিলা প্ৰশাসনক হেল্থকেয়াৰ ৱৰ্কাৰৰ গণনা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে অগ্ৰাধিকাৰমূলকভাৱে ভেকচিন লাভ কৰিব।
  • ৰাজস্থানঃ ৰাজ্যস্থানত ধাৰাবাহিকভাৱে কভিড ঘটনা আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হ্ৰাস পাই আহিছে. কালি ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা আছিল ১,৮২২ টা।
  • চত্তীশগড়ঃ ইয়াত শেহতীয়া সক্ৰিয় ঘটনাৰ সংখ্যা ২৫,২৩৮টা। ৰাজ্য়খনৰ সকলো মেডিকেল কলেজ আৰু ১৭ জিলা হাস্পতালত অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে।

 

 

 

 

 

 

 

 

 

 

 

ফেক্ট চেক



(Release ID: 1667175) Visitor Counter : 183