স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এক মাইলৰখুঁটি অতিক্ৰম ভাৰতৰ

২মাহৰ পাছত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭লাখৰ তললৈ নামিল

২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২০,০০০তকৈ কম লোক চিকিৎসাধীন

Posted On: 23 OCT 2020 11:35AM by PIB Guwahati

ভিডৰ বিৰুদ্ধে যুঁজত ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰখুঁটি উপনীত হৈছে৷ ২মাহ(৬৩দিন) পাছত চিকিসাধীন ৰোগীৰ সংখ্যা ৭লাখৰ তললৈ নামিল৷ বিগত ২২ আগষ্টত চিকিসাধীন ৰোগী সংখ্যা ৭লাখৰ তলত আছিল(,৯৭,৩৩০জন)

আজি দেশত চিকিসাধীন ৰোগীৰ সংখ্যা ৬,৯৫,৫০৯জন হৈছে৷ অৰ্থা বৰ্তমান মুঠ আক্ৰান্তৰ ৮.৯৬% ৰোগী চিকিসাধীন হৈ আছে৷

প্ৰতিদিনে সৰ্বাধিক ৰোগী আৰোগ্য হোৱা, মৃত্যুৰ হাৰ হ্ৰাস পাই থকাটোৱে ভাৰতত ধাৰাবাহিকভাৱে চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাসত অৰিহণা যোগাইছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image0015BSZ.jpg

 

ভাৰতত সৰ্বাধিক সংখ্যক ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ৬৯,৪৮,৪৯৭জনলৈ বৃদ্ধি পাইছে৷ আজি চিকিসাধীন আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান ৬২,৫২,৯৮৮জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্যৰ সংখ্যা চিকিসাধীনতকৈ ১০গুণ অধিক৷

বিগত ২৪ ঘণ্টাত দেশত ৭৩,৯৭৯জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৫৪,৩৬৬জন নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৯.৫৩%লৈ উন্নীত হৈছে৷

কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবকৰা মেডিকেল আন্তঃগাঁথনি, চিকিসা পদ্ধতিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ-প্ৰশাসনে সুচাৰুৰূপে পালন কৰা আৰু চিকিসক, পেৰামেডিকেল কৰ্মী আৰু আগশাৰীৰ কৰ্মচাৰীসকলৰ সমৰ্পিত কাম-কাজে আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰো হ্ৰাস কৰাৰ ইন্ধন যোগাইছে৷ আজিৰ দিনটোত দেশত ভিড ৰোগীৰ মৃত্যুৰ হাৰ .৫১% হৈছে৷ ইফালে, দেশৰ ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২০,০০০তকৈ কম লোক চিকিসাধীন হৈ আছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image002V7YZ.jpg

 

নতুনকৈ আৰোগ্য হোৱা ৮১% ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট আৰু কৰ্ণাটকত সৰ্বাধিক ১৬,০০০ আৰু ১৩,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image003ZGRO.jpg

 

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৫৪,৩৬৬জন ৰোগীৰ ভিতৰত ৭৮% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক ,০০০ আৰু কৰ্ণাটকত ,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image004KUP1.jpg

 

বিগত ২৪ ঘণ্টাত দেশত ৬৯০জন ৰোগী ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮১% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১৯৮ৰোগীৰ মৃত্যু হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image005D5K2.jpg

 

****

MV/SJ/DB



(Release ID: 1667025) Visitor Counter : 134