নৌ-পৰিবহন মন্ত্ৰালয়

ভাৰতত জাহাজ নিৰ্মাণক উৎসাহিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ে প্ৰথম অস্বীকাৰৰ অধিকাৰ (আৰঅ’এফআৰ) লাইচেঞ্চিঙৰ চৰ্তৰ সংশোধন কৰিছে

‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে ‘আত্মনিৰ্ভৰ জাহাজ পৰিবহণ’ এক সাহসিক পদক্ষেপঃ শ্ৰী মনসুখ মাণ্ডৱ্য

Posted On: 22 OCT 2020 2:00PM by PIB Guwahati

ভাৰত চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ নীতিৰ অনুপালন কৰি জাহাজ পৰিবহণ মন্ত্ৰালয়ে সকলো প্ৰকাৰৰ আৱশ্যকতাসমূহৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে জাহাজ/জাহাজৰ চাৰ্টাৰৰ বাবে আৰঅ’এফআৰ লাইচেঞ্চ চৰ্তসমূহৰ সমীক্ষা কৰিছে৷

ভাৰতত নিৰ্মিত জাহাজসমূহৰ চাহিদা বৃদ্ধিৰ বাবে আৰঅ’এফআৰৰ দিশ-নিৰ্দেশনাত সংশোধনৰ অধীনত ভাৰতত নিৰ্মিত, ভাৰতীয় ধ্বজ্বাংকিত আৰু ভাৰতীয় মালিকীস্বত্ব থকা জাহাজসমূহৰ জাহাজৰ চাৰ্টাৰত প্ৰাথমিকতা প্ৰদান কৰা হৈছে৷

এতিয়া এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে জাহাজৰ যিকোনো প্ৰকাৰৰ চাৰ্টাৰৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ মাধ্যমৰ পূৰ্বে অস্বীকাৰৰ অধিকাৰ নিম্নল্লোখিত ধৰণে প্ৰণয়ন কৰা হ’বঃ

১. ভাৰতত নিৰ্মিত, ভাৰতীয় ধ্বজ্বাংকিত আৰু ভাৰতীয় মালিকীস্বত্ব থকা

২. বিদেশত নিৰ্মিত, ভাৰতীয় ধ্বজ্বাংকিত আৰু ভাৰতীয় মালিকীস্বত্ব থকা

৩. ভাৰতত নিৰ্মিত, বিদেশৰ ধ্বজ্বাংকিত আৰু বিদেশীৰ মালিকীস্বত্ব থকা

সংশোধিত দিশ-নিৰ্দেশনাই ঘৰুৱা জাহাজ নিৰ্মাণ আৰু জাহাজ পৰিবহণ উদ্যোগক উৎসাহিত কৰিব৷ ই ঘৰুৱা জাহাজ পৰিবহণ উদ্যোগক ঘৰুৱা জাহাজ পৰিবহণ উদ্যোগক সমৰ্থন কৰাৰ বাবে উৎসাহিত কৰিব৷

জাহাজ পৰিবহণ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱ্যই কয়, ‘‘জাহাজ পৰিবহণ মন্ত্ৰালয় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন অনুসৰি ভাৰতত জাহাজ নিৰ্মাণক উৎসাহিত কৰিবলৈ এক কেন্দ্ৰীয় দৃষ্টিকোণৰ সৈতে কাম কৰি আছে৷ আৰঅ’এফআৰ লাইচেঞ্চ চৰ্তসমূহৰ সংশোধন আত্মনিৰ্ভৰ জাহাজ পৰিবহণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ এই আত্মনিৰ্ভৰতাৰ জৰিয়তে ‘মেক ইন ইণ্ডিয়া’ৰ পদক্ষেপসমূহ অগ্ৰসৰিত হ’ব আৰু ঘৰুৱা জাহাজ নিৰ্মাণ উদ্যোগক এক কৌশলগত বিকাশ প্ৰদান কৰিব যিয়ে ভাৰতৰ দীৰ্ঘকালীন আৰ্থিক বিকাশত সহযোগ কৰিব৷’’

 

*******


YB/AP/MANN



(Release ID: 1666954) Visitor Counter : 180