প্ৰতিৰক্ষা মন্ত্ৰালয়
‘নাগ মিছাইল’ৰ চূড়ান্ত ব্যৱহাৰিক পৰীক্ষণ
Posted On:
22 OCT 2020 1:24PM by PIB Guwahati
পোখৰান ৰেঞ্জত আজি অৰ্থাত্ ২২-১০-২০২০ৰ পুৱা ০৬৪৫ বজাত তৃতীয় প্ৰজন্মৰ ‘এণ্টি টেংক গাইডেদ মিছাইল’(এটিজিএম) ‘নাগ’ৰ চূড়ান্ত ব্যৱহাৰিক পৰীক্ষণ সম্পন্ন কৰা হয়। ক্ষেপণাস্ত্ৰবিধক প্ৰকৃত বিস্ফোতক শীৰ্ষত সংস্থাপিত কৰাৰ বিপৰীতে লক্ষ্যভেদৰ বাবে নিৰ্দ্ধাৰিত দূৰত্বত এটা টেংক ৰখা হয়। ক্ষেপণাস্ত্ৰবিধক ‘নাগ মিছাইল কেৰিয়া’ৰ চমুকৈ ‘নামিকা’-ৰ পৰা উত্ক্ষেপণ কৰা হয়। আশা কৰা মতেই ক্ষেপণাস্ত্ৰটোৱে ত্ৰুটিহীন ভাবে লক্ষ্যভেদ কৰাৰ লগতে সন্মুখৰ টেংকটো সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়।
শত্ৰুৰ সুসজ্জিত টেংকসমূহ দিনতেই হওক কিম্বা ৰাতিয়েই হওক ধ্বংস কৰিব পৰাকৈ ‘প্ৰতিৰক্ষা উন্নয়ণ আৰু গৱেষণা সংস্থা’(ডিআৰডিঅ’)য়ে ‘এটিজিম নাগ’-ৰ বিকাশ সাধন কৰিছে। ক্ষেপণাস্ত্ৰবিধক ‘কম্পজিট এণ্ড ৰিয়েক্টিভ আৰম’ৰ’ সংযোজিত সকলো ধৰণৰ ‘এমবিটি’-ক পৰাভূত কৰিব পৰা ‘পেছিভ হ’মিং গাইডেন্স’ প্ৰযুক্তি সম্বলিত ‘ফায়াৰ এণ্ড ফ’ৰ্গেট’ ‘টপ এটেক’ সামৰ্থ্য বিশিষ্ট কৰি নিৰ্মাণ কৰা হৈছে।
ইফালে, ‘নাগ মিছাইল কেৰিয়া’ৰ ‘নামিকা’ হ’ল ‘এম্পিবিয়াছ’ সামৰ্থ্য বিশিষ্ট এক ‘বিএমপি-২’ ভিত্তিক পদ্ধতি। আজি সম্পন্ন কৰা চূড়ান্ত ব্যৱহাৰিক পৰীক্ষণৰ জৰিয়তে ‘নাগ’-য়ে এতিয়া উত্পাদন পৰ্যায়ত প্ৰৱেশ কৰিলে। প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ‘ভাৰত ডাইনেমিক্স লিমিটেড’(বিডিএল)-য়ে ক্ষেপণাস্ত্ৰবিধৰ উত্পাদন কৰাৰ বিপৰীতে মেডকস্থিত ‘অ’ৰ্ডানেন্স ফেক্টৰী’-য়ে ‘নামিকা’-ৰ উত্পাদন কৰিব।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ‘নাগ ক্ষেপণাস্ত্ৰ’ৰ সফল পৰীক্ষণৰ বাবে ‘ডিআৰডিঅ’’-ৰ লগতে ‘ভাৰতীয় সেনা বাহিনী’ক অভিনন্দন জ্ঞাপন কৰে।
ইফালে, ‘ডিডিআৰএণ্ডডি’ৰ সচিব তথা ‘ডিআৰডিঅ’’-ৰ অধ্যক্ষ ড০ সতীশ ৰেড্ডীয়ে ‘নাগ’-ক উত্পাদন পৰ্যায়লৈ অনাৰ বাবে কৰা প্ৰয়াসৰ বাবে ‘ডিআৰডিঅ’’, ‘ভাৰতীয় সেনা বাহিনী’ আৰু সংশ্লিষ্ট উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ শলাগ লয়।
****
ABB/Nampi/Rajib/KB
(Release ID: 1666930)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam