PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 22 OCT 2020 6:12PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

#IndiaFightsCorona

 

Image

 

যোৱা তিনিদিনত মুঠ আক্ৰান্তৰ বিপৰীতে ভাৰতৰ চিকিসাধীন ৰোগীৰ ১০%ৰ তলত আছে; যোৱা তিনিদিনত দৈনিক পজিটিভিটিৰ হাৰ ৫%তকৈ কম হৈছে

ভাৰতত দ্ৰুতগতিত চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাসৰ ধাৰা অব্যাহত আছে৷ যোৱা তিনিদিনত মুঠ আক্ৰান্তৰ বিপৰীতে ভাৰতৰ চিকিসাধীন ৰোগীৰ ১০%ৰ তলত আছে৷ সেই হিচাপে দেশত প্ৰতি ১০জনৰ এজন লোক ক’ভিডত চিকিসাধীন হৈ আছে৷ বৰ্তমান দেশত মুঠ আক্ৰান্তৰ ৭,১৫,৮১২জন অৰ্থাপ্ৰায় ৯.২৯% ৰোগী চিকিসাধীন হৈ আছে৷ আন এক সফলতা অনুসৰি বিগত তিনিদিনত দেশত পজিটিভিটিৰ হাৰ ৫%তকৈ কম হৈছে৷ আজি দিনটোত পজিটিভিটিৰ হাৰ ৩.৮% হৈছে৷ দৈনিক পজিটিভিটিৰ হাৰৰ নিম্নগামীতাই দেশত বৰ্তমান ৭.৫লাখতকৈ কম ৰোগী চিকিসাধীন হৈ আছে৷ ইফালে দেশত আৰোগ্য ৰোগী সংখ্যা ৬৮,৭৪,৫১৮জনলৈ বৃদ্ধি পাইছে৷ মুঠ আৰোগ্য আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজিৰ দিনটোত ৬১,৫৮,৭০৬জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭৯,৪১৫জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৫৫,৮৩৯জন৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৯.২০%লৈ উন্নীত হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৮১% ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্টত সৰ্বাধিক ২৩,০০০ ৰোগী আৰোগ্য হৈছে৷ ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৫৫,৮৩৯জন ৰোগীৰ ভিতৰত ৭৮%ই  ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক ৮,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭০২জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮০ৰোগীৰ মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1666474

 

কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে চিএছআইআৰ-এনচিএল পুনে পৰিৱেশ অনুকূল, কৰ্মক্ষম আৰু ডিএমই জ্বলনক্ষমঅদিতি উৰ্জা ছান্স শুভাৰম্ভ কৰে

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা ভূ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি ভিডিঅকনফাৰেন্সযোগে চিএছআইআৰ-এনচিএল পুনে পৰিৱেশ অনুকূল, দক্ষ আৰু ডিএমইৰ দ্বাৰা পৰিচালিতঅদিতি উৰ্জা ছান্স ইউনিট শুভাৰম্ভ কৰে৷ ইয়াৰ সমান্তৰালভাৱে ৰন্ধন কাৰ্যৰ বাবে ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলগীয়া ডিএমই-এলপিজি মিশ্ৰিত বিশেষ বাৰ্ণাৰ ইউনিটৰো শুভাৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা সাধাৰণ জনতা আৰু চিএছআইআৰ-এনচিএল চৌহদস্থিত কেণ্টিনত পৰীক্ষাৰ বাবে অৰ্পণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1666510

 

২০২০ বৰ্ষৰ বিশ্ব বেংক-আইএমএফৰ বার্ষিক বৈঠকত ভাৰ্চুৱেলী ভাষণ আগবঢ়ালে ড০ হর্ষ বর্ধনে

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিবাৰ কল্যাণ মন্ত্রী ড০ হর্ষ বর্ধনে আজি বিশ্ব বেংক-আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি(আইএমএফ)ৰ ২০২০ বৰ্ষৰ বার্ষিক বৈঠকত ভাৰ্চুৱেলী অংশ গ্ৰহণ কৰে৷ এই বৈঠকৰ মূল বিষয়বস্তু আছিল সকলোৰে বাবে মানৱপুঁজিৰ জৰিয়তে দক্ষিণ এছিয়াৰ শতিকাৰ সূচনা কৰা আৰু ক’ভিড-১৯ প্ৰতিষেধক আৰু প্রাথমিক স্বাস্থ্য সেৱা ব্যৱস্থাত বিনিয়োগ। মহামাৰীৰ সময়ত ভাৰতে গ্ৰহণ কৰা ভূমিকাৰ কথা উল্লেখ কৰি ড০ হর্ষ বর্ধন কয় যে ভাৰতৰ সামগ্রিক প্ৰচেষ্টাৰ ফলতে মহামাৰীৰ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে। ক’ভিড মহামাৰীৰ কাৰণে স্বাভাৱিক জনজীৱন বিঘ্নিত হোৱা সত্তেও এই বিপদে আমাক দেখুৱাইছে কিদৰে ভৱিষ্যতৰ বাবে প্ৰস্তুত হ’ব লাগিব আৰু সংযম ৰক্ষা কৰিব লাগিব৷ ভাৰতে এই মহামাৰী মোকাবিলা কৰাত আগৰে পৰাই সুপৰিকল্পিতভাৱে পর্যায়ক্ৰমে সক্রিয় প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ ক’ভিড-১৯ মোকাবিলা কৰাত ভাৰতত ব্যক্তিগত খণ্ডৰ সহায়ৰ প্ৰশংসা কৰি ড০ হর্ষ বর্ধনে কয় যে উদ্ভাৱন, সক্ষমতাৰ বাবেই ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ সুদূৰ প্ৰসাৰিত হৈছে। ভাৰতত চিকিসা পৰিকাঠামোৰ ক্ষেত্রত অপ্ৰত্যাশিত অগ্ৰগতি হোৱা বুলি সদৰি কৰে চলিত বছৰৰ মার্চত নমুনা পৰীক্ষাগাৰৰ সংখ্যা ১টাৰ পৰা বৃদ্ধি হৈ এতিয়া প্রায় ২,০০০ হৈছে। ইয়াৰে প্রায় ১,০০০ নমুনা পৰীক্ষাগাৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত হৈছে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1666486

 

ভিছা আৰু ভ্ৰমণ সংক্রান্তীয় নিষেধাজ্ঞাত পর্যায়ক্ৰমে ৰেহাই

ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ভাৰত চৰকাৰে যোৱা ডিচেম্বৰ মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় যাত্রীসকলৰ ভাৰতলৈ অহা আৰু ভাৰতৰ পৰা যোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ক্ষেত্রত একাধিক পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ভাৰত চৰকাৰে শেহতীয়াভাৱে লোৱা সিদ্ধান্ত অনুসৰি যিসকল বিদেশী আৰু ভাৰতীয় নাগৰিকে ভাৰতলৈ আহিবলৈ বা ভাৰতৰ পৰা বিদেশলৈ যাবলৈ ইচ্ছুক তেওঁলোকৰ বাবে ভিছা আৰু ভ্ৰমণ সংক্রান্তীয় নিষেধাজ্ঞাত পৰ্যায়ক্ৰমে ৰেহাই দিছে৷ সেই অনুসৰি অ’চিআই আৰু পিআইঅ’ কার্ড থকাকে ধৰি যিসকল বিদেশী নাগৰিকে ভিছা অবিহনে বিমানপথ বা জলপথেৰে ভাৰতলৈ আহিবলৈ ইচ্ছুক, তেওঁলোকৰ আগমনত অনুমতি দিয়া হ’ব৷ অৱশ্যে, ভাৰতত প্ৰৱেশৰ সময়ত তেওঁলোকৰ স্বীকৃত বিমানবন্দৰ আৰু জাহাজ বন্দৰৰ চেক পোষ্ট হৈহে ভাৰতলৈ আহিব লাগিব

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1666713

 

ৰে’লৱেৰ সকলো নন-গেজেটেড যোগ্য কৰ্মচাৰীলৈ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ ৭৮দিনৰ মজুৰিৰ সমান উপাদনভিত্তিক বোনাচ(পিএলবি)

ৰেলৱেৰ প্ৰায় ১১.৫৮ লাখ নন-গেজেটেড যোগ্য কৰ্মচাৰীলৈ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ ৭৮দিনৰ মজুৰিৰ সমান বোনাচ প্ৰদানত অনুমোদন জনোৱা হৈছে৷ এই পাদনভিত্তিক বোনাচ(পিএলবি) পৰিমাণ আনুমানিক ,০৮১.৬৮ কোটি টকা ব৷ ২১.১০.২০২০ত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত পাদনভিত্তিক বোনাচ(পিএলবি) বাবে ৰে মন্ত্ৰালয়ে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনায়৷ অৱশ্যে, আৰপিএফ/আৰপিএছএফ জোৱানসকলে এই সুবিধা লাভ নকৰে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1666740

 

ব্যয় সংক্রান্ত সীমা নির্ধাৰণৰ বাবে নির্বাচন আয়োগে গঠন কৰিলে এখন কমিটী

ভোটদাতাসকলৰ সংখ্যা বৃদ্ধি, মুদ্রাস্ফীতিৰ সূচকৰ ঊর্ধ্বগতি আৰু অন্যান্য বিভিন্ন বিষয় বিবেচনা কৰি নির্বাচনত অংশগ্ৰহণকাৰী প্রার্থীসকলৰ ব্যয়ৰ ঊর্ধ্বসীমাৰ বিষয়ত পৰীক্ষা-নিৰীক্ষাৰ বাবে ভাৰতৰ নির্বাচন আয়োগে এখন কমিটী গঠন কৰে৷ এই কমিটীত প্রাক্তন আইআৰএছ বিষয়া আৰু তদন্ত শাখাৰ মহানির্দেশক শ্রী হৰিশ কুমাৰ আৰু ব্যয় বিভাগৰ মহানির্দেশক তথা মহাসচিব শ্রী উমেশ সিনহাক অন্তৰ্ভূক্ত কৰা হৈছে৷ ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৯ অক্টোবৰত এক বিজ্ঞপ্তি জাৰি কৰে৷ এই বিজ্ঞপ্তি অনুসৰি ১৯৬১ চনৰ নির্বাচন সংক্রান্তীয় নিয়মাৱলীৰ ৯০নং ধাৰা সংশোধন কৰা হৈছে। নির্বাচনী ব্যয়ৰ ঊর্ধ্বসীমা সংশোধন কৰি ১০ শতাংশ বৃদ্ধি কৰা হৈছে, যি পৰৱৰ্তী নির্বাচনসমূহৰ ক্ষেত্রত কার্যকৰী ব৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1666540

 

সমগ্ৰ দেশতে প্ৰশিক্ষণ পুনৰ আৰম্ভ হোৱা বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ-ছাইয়ে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰলৈ উভতিবৰ বাবে প্ৰশিক্ষাৰ্থীৰ যাত্ৰাৰ ব্যৱস্থা কৰিব

 

টকিঅ’ অলিম্পক আৰু পেৰাঅলিম্পক গেমছৰ লক্ষ্যৰে ১ নৱেম্বৰৰ পৰা দেশজুৰি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ-ছায়ে প্ৰশিক্ষণ কেন্দ্ৰসমূহত খেলৰ কাৰ্যক্ৰম পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে৷ বৰ্তমান ক’ভিড-১৯ পৰিস্থিতিলৈ লক্ষ্য কৰি আৰু এথলীটসকলক ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এন চি অ' ই/এছ এ আই প্ৰশিক্ষণ কেন্দ্ৰৰ এথলীটসকলক প্ৰশিক্ষণ শিবিৰত অন্তৰ্ভুক্ত হ'বৰ বাবে পৰিবহন ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে। চলিত বছৰৰ মাৰ্চত অকস্মাত ক’ৰোনা ভাইৰাছৰ কাৰণে উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এথলীটসকলক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ঘৰলৈ ওভোতাই পঠিওৱা হৈছিল। প্ৰাধিকৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল এথলীটে ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ যাত্ৰা কৰিব লাগিব তেওঁলোকক বিমানৰ টিকট প্ৰদান কৰিব। এনেকুৱা এথলীট যি ৫০০ কিলোমিটাৰতকৈ কম দূৰত্বৰ পৰা আহিব, তেওঁলোকক ৰে'লেৰে যাত্ৰা কৰিবৰ বাবে বাতানুকূল তৃতীয় শ্ৰেণীৰ টিকট দিয়া হ'ব। তদুপৰি, ছাই কেন্দ্ৰত প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবৰ বাবে বায়ো-বাবল প্ৰস্তুত কৰিবৰ বাবে, সকলো প্ৰশিক্ষক আৰু এন চি অ' ই/এছ টি চিৰ সহকাৰী কৰ্মচাৰীসকলক আৱাস প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্থায়ী আৰু চুক্তিবদ্ধ কৰ্মচাৰীক চৰকাৰী ব্যয়ত আৱাস প্ৰদান কৰা হ'ব। ছাই প্ৰশাসনে সকলো এথলীট আৰু তেওঁলোকৰ পিতৃ-মাতৃক ছাই মানক সঞ্চালন প্ৰক্ৰিয়াৰ বিষয়ে তথ্যৰ যোগান ধৰিছে, যি ছাই কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে আৰু পাছত পালন কৰাৰ প্ৰয়োজন হ'ব। নিজৰ পৰিয়ালৰ সৈতে দীপাৱলী পালন কৰা এথলীটসকলক দীপাৱলিৰ পাছত ছাই কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ বিকল্পও প্ৰদান কৰা হৈছে, কিয়নো এবাৰ বায়ো-বাবলৰ সম্পৰ্কত থকা বাবে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সংকট সৃষ্টি হ'ব পাৰে। ইয়াৰ পূৰ্বে চলিত বছৰৰ মাৰ্চত ক’ৰোনা ভাইৰাছ মহামাৰীৰ প্ৰক’পৰ বাবে আৰু চৰকাৰৰ পৰামৰ্শ অনুসৰি, ছাইয়ে সক্ৰিয় ৰোধৰ উপায়সমূহ প্ৰয়োগ কৰিছিল আৰু সকলো ক্ষেত্ৰীয় মুৰব্বীলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল। এন চি অ' ই আৰু এছ টি চিত সকলো প্ৰশিক্ষণ ১৭ মাৰ্চৰ পৰা নিলম্বিত কৰা হৈছে আৰু এথলীটসকলক অসুবিধাৰ পৰা বাচিবলৈ ২০ মাৰ্চ পৰ্যন্ত ছাত্ৰাৱাসৰ সুবিধা মুকলি ৰখা হৈছে। ছাই কেন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত ক্ষেত্ৰীয় নিৰ্দেশকসকলক ক’ৱা হৈছে যে তেওঁলোকে সকলো এথলীটক যি ৪০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত থাকে, বিমানেৰে আৰু ৪০০ কিলোমিটাৰতকৈ কম দূৰত্বৰ এথলীটসকলক ৰে'ল গাড়ীৰে বাতানুকূলিত তৃতীয় শ্ৰেণীত ওভতাই পঠিয়াব

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1666515

 

ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠান (আআইপিএ)ৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে ৩১৭সংখ্য কাৰ্যকৰী বৈঠকত অধ্যক্ষতা ড০ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় নাৰ, ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ভাৰতীয় লোক প্ৰশাসন প্ৰতিষ্ঠান(আআইপিএ) কাৰ্যবাহী অধ্যক্ষ হিচাপে ৩১৭সংখ্য কাৰ্যকৰী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰে৷ শ্ৰী সিঙক পৰিষদ নতুন অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে৷ আইআইপিৰ অধ্যক্ষ পদটো ভাৰতৰ প্ৰাক্তন মহানিয়ন্ত্ৰক আৰু মহাগাণনিক(কে) টি এন চতুৰ্বেদীৰ বিয়োগৰ পাছত খালী হৈ আছিল৷ ২০০৪চনত চতুৰ্বেদী আইআইপিএৰ অধ্যক্ষ হৈছিল৷ ২০২০ৰ জানুৱাৰীত তেওঁৰ বিয়োগ হৈছিল৷  কাৰ্যকৰী পৰিষদৰ বৈঠকত দায়িত্বভাৰ ভাৰত চৰকাৰৰ প্ৰাক্তন সচিব আৰু আইআইপিএৰ বৰ্তমানৰ সঞ্চালক এছএন ত্ৰিপাঠীয়ে কৰিছিল৷ তেওঁ তেওঁক পুনৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে মনোনীত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1666485

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

  • হিমাচলপ্ৰদেশঃ ৰাজ্যপাল বন্দাৰু দট্টাত্ৰেয়ই ৰাজভৱনৰ ক’ভিড-১৯ৰ সামাজিক সজাগতাৰ বাবে ছিমলা আৰক্ষীয়ে প্ৰস্তুত কৰা কাট-আউট উন্মোচন কৰে৷ ৰাজ্যপালগৰাকীয়ে ক’ৰোনা মহামাৰীৰ সময়ত আগশাৰীৰ যোদ্ধা হিচাপে আৰক্ষী জোৱানসকলে কৰা কামৰ প্ৰশংসা কৰে৷ ক’ৰোনা মহামাৰীৰ বিভীষিকা এতিয়াও থকা বুলি সদৰি কৰি সকলো নাগৰিকক ক’ভিড সম্পৰ্কীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে জন আন্দোলনতো সঁহাৰি জনাবলৈ কয়৷
  • মহাৰাষ্ট্ৰঃ বুধবাৰৰ দিনটোত মহাৰাষ্ট্ৰত ৮,১৪২জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৩,৩৭১জন লোক আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনত ১.৫৮ লাখ ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৮৯.০৩ শতাংশলৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,১৩৭জন নতুন আক্ৰান্তৰ বিপৰীতে ১,১৮০জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান গুজৰাটত ১৪,২১৫জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত বৰ্তমানলৈকে ৩,৬৬৩জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ একেৰাহে অষ্টম দিনৰ বাবে ৰাজস্থানত নতুন সংক্ৰমিত লোকতকৈ আৰোগ্য হোৱা ৰোগী সংখ্যা অধিক হৈছে৷ কালিৰ দিনটোত ১,৮১০জন নতুন আক্ৰান্তৰ বিপৰীতে ২,৮৬৫জন আৰোগ্য হৈছে৷
  • চত্তীশগড়ঃ ক’ভিড-১৯ পৰিস্থিতৰ বুজ লোৱাৰ বাবে তিনিজনীয়া এক কেন্দ্ৰীয় দলে চত্তীশগড় ভ্ৰমণ কৰিব৷ এই দলটোৱে ৰায়পুৰৰ লগতে একাধিক জিলাৰ হাস্পতাল পৰিদৰ্শন কৰিব৷ চত্তীশগড়ত বৰ্তমান ২৫,৭৯৫জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কেৰালাঃ ক’ভিড-১৯ৰ বাবে ৰাজ্যখনে ৰাজহ ঘাটিৰে ব্যাপক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ১১২.৯ শতাংশ অৰ্থাপ্ৰায় ১০,৫৭৮কোটি টকাৰ ৰাজহ ঘাটি হৈছে৷ 
  • তামিলনাডুঃ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ক’ভিড-১৯ত মৃত ৰোগীৰ হাৰ ২% হৈছে, যিটো ৰাষ্ট্ৰীয় হাৰতকৈ অধিক৷ উসৱৰ বতৰৰ পৰিপ্ৰেক্ষিতত চেন্নাইৰ মেট্ৰ’ ৰে’ল আৰু ষ্টেচনসমূহক বিশেষ ধৰণৰ পদাৰ্থৰে বীজানুমুক্ত কৰা হৈছে৷ একেৰাহে চতুৰ্থ দিনৰ বাবে তামিলনাডু ৪ হাজাৰতকৈ কম লোক আক্ৰান্ত হৈছে৷ বুধবাৰে ৰাজ্যখনত ৩,০৮৬জন লোক আক্ৰান্ত হোৱাৰ লগতে ৩৯জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ কালি দিনটোত কৰ্ণাটকৰ ১৫৫টা পৰীক্ষাগাৰত ১,০৮,২৪১টা নমূনা পৰীক্ষা কৰা হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৫.৪২%৷ বৰ্তমান কৰ্ণাটকত ১,০০,৪৪০জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ ক’ভিডত মৃত্যুৰ হাৰ ১.৪৯%৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যিক শিক্ষা মন্ত্ৰী আদিমুলাপু সুৰেশে কয় যে ২ নৱেম্বৰৰ পৰা সকলো সাৱধানতা অৱলম্বন কৰি বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে৷ 
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ১,৪৫৬জন নতুন আক্ৰান্ত, ১,৭১৭জন আৰোগ্য আৰু ৫জন ৰোগী মৃত্যু তথ্য পোৱা হৈছে৷ বৰ্তমান ৰাজ্যখন ২০,১৮৩জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী নায়িনী নৰসিংহ ৰেড্ডী ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পাছত মৃত্যু হয়৷ তেওঁ ক’ভিডত আক্ৰান্ত হৈ ২৪ দিন চিকিসাধীন হৈ আছিল৷
  • অসমঃ অসমত কালি ৭০১জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৬৬৪জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনৰ মুঠ ২,০২,৭৭৪জন আক্ৰান্তৰ বিপৰীতে ২৫,৮০৭জন ৰোগী চিকিসাধীন হৈ আছে৷ বৰ্তমানলৈকে ১,৭৬,০৭৫জন ৰোগী আৰোগ্য হৈছে আৰু ৮৮৯জন ৰোগীৰ মৃত্যু হৈছে৷
  • মেঘালয়ঃ ৰাজ্যখনত আজি ১৭৭জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ১,৮৭০জন ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে ৬,৬৭৪জন আৰোগ্য হৈছে৷
  • নাগালেণ্ডঃ ৰাজ্যখনৰ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮,১৩৯জনলৈ বৃদ্ধি পাইছে৷
  • ছিকিমঃ কালি ৰাজ্যখনত ৪৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ এতিয়ালৈকে ৩,৩২৮জন ৰোগী আৰোগ্য হোৱা ছিকিমত বৰ্তমান ২৫২জন ৰোগী চিকিসাধীন হৈ আছে

FACT CHECK

 

***********

 



(Release ID: 1666921) Visitor Counter : 147