স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

গুৰুত্বপূৰ্ণ মাইলৰখুঁটি অতিক্ৰম কৰিছে ভাৰতে

প্ৰায় ৩ মাহৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা প্ৰথমবাৰলৈ ৫০,০০০ তললৈ আহিছে

মুঠ আক্ৰান্তৰ বিপৰীতে প্ৰায় ১০% ৰোগী চিকিৎসাধীন হৈ আছে

চিকিৎসাধীন ৰোগীৰ সংখ্যা অৱনমিত হৈ ৭.৫লাখ হৈছে

Posted On: 20 OCT 2020 11:09AM by PIB Guwahati

ক’ভিড-১৯ বিৰুদ্ধে যুঁজত ভাৰতে কেতবোৰ গুৰুত্বপূৰ্ণ মাইলৰখুঁটি অতিক্ৰম কৰিছে৷

প্ৰায় ৩ মাহৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা প্ৰথমবাৰলৈ ৫০,০০০ তললৈ(৪৬,৭৯০) আহিছে৷ শেষৰবাৰ ২৮ জুলাইত নতুন আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩জন আছিল৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001CXC1.jpg

আন এক সফলতা অনুসৰি ভাৰতত বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে প্ৰায় ১০% ৰোগীহে চিকিসাধীন হৈ আছে৷ বৰ্তমান দেশত ৭.৫ লাখ অৰ্থা মুঠ আক্ৰান্তৰ বিপৰীতে ৯.৮৫% ৰোগী চিকিসাধীন হৈ আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002VZB3.jpg

 

সৰ্বাধিক সংখ্যাৰ আৰোগ্যৰ হাৰে চিকিসাধীন ৰোগী সংখ্যা হ্ৰাসত অৰিহণা যোগাইছে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চসমূহৰ সৈতে আগ্ৰাসী পৰীক্ষণ, নিৰীক্ষণ আৰু তাক্ষণিক চিকিসা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ ফলপ্ৰসূ ব্যৱস্থাৰ লগতে দেশত চিকিসক, পেৰামেডিকেল কৰ্মী, আগশাৰীৰ কৰ্মীসকলৰ সমৰ্পিত কামে দেশত এক ইতিবাচক ফল লাভত সহায় কৰিছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image0034X5Y.jpg

 

দেশত বৰ্তমানলৈকে ৬৭,৩৩,৩২৮জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে আজি চিকিসাধীন ৰোগী আৰু আৰোগ্য হোৱা ৰোগী মাজৰ ব্যৱধান ৫৯,৮৪,৭৯০জনলৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ৬৯,৭২০জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৮.৬৩%লৈ উন্নীত হৈছে৷

এই নতুন আৰোগ্য লোকৰ ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫,০০০ আৰু কৰ্ণাটকত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image004CKWJ.jpg

 

বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাৰ ৫,০০০তকৈ অধিক আক্ৰান্ত আছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image005V6NS.jpg

 

দেশত বিগত ২৪ ঘণ্টাত ৫৮৭জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ১২৫ জন মহাৰাষ্ট্ৰৰ৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image006JEJE.jpg

 

উল্লেখ্য যে ভাৰত হৈছে সৰ্বাধিক ৰোগী আৰোগ্য হোৱা আৰু ধাৰাবাহিকভাৱে মৃত্যু(১.৫২%)ৰ হাৰ নিম্নগামী হৈ থকা বিশ্বৰ একমাত্ৰ দেশ৷

****

MV/SJ/DB



(Release ID: 1666291) Visitor Counter : 135