প্ৰতিৰক্ষা মন্ত্ৰালয়

পূৱ লাডাখৰ ডেমচক ছেক্টৰত এজন চীনা সেনাক আটক কৰিলে ভাৰতীয় সেনাই

Posted On: 19 OCT 2020 3:23PM by PIB Guwahati

পিএলএ-ৰ এজন সৈনিকক ১৯ অক্টোবৰত পূৱ লাডাখৰ ডেমচক ছেক্টৰৰ পৰা আটক কৰে ভাৰতীয় সেনাইকৰ্পৰেল ৱাং য়া লং বুলি চিনাক্ত কৰা পিএলএ সেনাজনে প্ৰকৃত নিয়ণ্ত্ৰণ ৰেখা পাৰ হৈ পথভ্ৰষ্ট হৈছিল।

 

পিএলএ সেনাজনক অক্সিজেন, খাদ্য আৰু গৰম পোছাকৰ লগতে চিকিত্সা প্ৰদান কৰা হৈছে যাতে উচ্চতম এলেকাত প্ৰতিকূল পৰিস্থিতৰ মাজতো তেওঁৰ কোনো অসুবিধা নহয়।

 

পিএলএ-ৰ তৰফৰ পৰা তেওঁলোকৰ সন্ধানহীন হোৱা সেনাজনৰ সন্ধানৰ বিষয়ে এক অনুৰোধ লাভ কৰা হৈছিল।

 

প্ৰথা অনুসৰি চুশ্বুল-মলডো মিটিং পইণ্টত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি চীনা বিষয়াসকলৰ হাতত সেনাজনক গতাই দিয়া হব।

 

 

 

 *****

AA/VY/KV/KG



(Release ID: 1666038) Visitor Counter : 170