ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

কেন্দ্ৰীয় সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ভাৰতীয় উদ্যোগখণ্ডৰ প্ৰয়াসৰ শ্ৰেষ্ঠ ফলাফলত গুৰুত্ব আৰোপ কৰি তাৰ জৰিয়তে এমএছএমইসমূহক ধনাদায়ৰ আহ্বান জনাইছে; ২,৮০০তকৈ অধিক নিগমে এই উদ্যোগক বকেয়া ধন আদায় দিবলৈ পত্ৰ প্ৰেৰণ কৰিছে

সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ দ্বাৰা চিপিএছই আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে কৰা বাৰ্তালাপ আৰু দেশত আগশাৰীৰ ৫০০ নিগমৰ সৈতে কৰা প্ৰত্যক্ষ বাৰ্তালাপৰ যথেষ্ট ভাল ফল লাভ কৰিছে

২০২০ৰ ছেপ্টেম্বৰত চিপিএছইসমূহে সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগসমূহক ৩,৭০০ কোটি টকা প্ৰদান কৰিছে; এয়া এমাহত প্ৰদান কৰা সৰ্বাধিক ধন; সেইদৰে বিগত পাঁচ মাহত এতিয়ালৈকে ১৩,৪০০ কোটি টকা প্ৰদান কৰিছে

Posted On: 19 OCT 2020 9:56AM by PIB Guwahati

কেন্দ্ৰীয় সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ(এমএছএমই) মন্ত্ৰালয়ে ভাৰতীয় উদ্যোগ খণ্ডৰ প্ৰয়াসৰ শ্ৰেষ্ঠ ফলাফলত গুৰুত্ব আৰোপ কৰি এই উদ্যোগসমূহে কৰা উৎপাদন আৰু সেৱাৰ বাবে বকেয়া ধন শীঘ্ৰে প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ২,৮০০তকৈ অধিক নিগমৰ শীৰ্ষ বিষয়ালৈ এই উদ্যোগসমূহক বকেয়া ধন আদায়  দিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

যোৱা মাহত এমএছএমই মন্ত্ৰালয়ে ভাৰতৰ আগশাৰীৰ ৫০০ নিগমক এমএছএমইসমূহৰ বকেয়া ধন প্ৰদান কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ মন্ত্ৰালয়ে কয় যে এই নিগমসমূহৰ পৰা ইতিমধ্যে ভাল সঁহাৰি লাভ কৰা হৈছে৷ বিগত পাঁচ মাহৰ ভিতৰত এমএছএমইসমূহে ২০২০ৰ ছেপ্টেম্বৰ মাহত সৰ্বাধিক ধন লাভ কৰিছে৷ কেৱল ইমানেই নহয়, এই সময়ছোৱাত ছেপ্টেম্বৰ মাহলৈকে ক্ৰয় আৰু ব্যৱসায়ো সৰ্বাধিক হৈছে৷ এমএছএমই মন্ত্ৰালয়ে কয় যে বিগত পাঁচ মাহত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান(চিপিএছই)সমূহে ১৩,৪০০ কোটিতকৈ অধিক ধন প্ৰদান কৰিছে৷ ইয়াৰে ভিতৰত ৩,৭০০ কোটি টকা কেৱল ছেপ্টেম্বৰ মাহত আদায় দিছে৷ ইয়াৰ বাবে মন্ত্ৰালয়ে এই নিগমসমূহৰ প্ৰশংসা কৰে৷

এমএছএমই মন্ত্ৰালয়ে এই উদ্যোগসমূহৰ বিভিন্ন ক্ৰয় আৰু বকেয়া ধন প্ৰদানৰ বাবে  ব্যক্তিগত প্ৰচেষ্টা আৰু ডিজিটেল সংবাদ স্থাপিত কৰাকে ধৰি একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

দেশৰ বিশাল সংখ্যক নিগম সমূদায়ৰ বাবে প্ৰেৰণ কৰাৰ বাৰ্তাত এমএছএমই মন্ত্ৰালয়ে কয় যে এই সময়ছোৱাত বকেয়া ধন প্ৰদান কৰিলে এই এমএছএমইসমূহে অহা উৎসৱৰ বতৰত ব্যৱসায়িক দিশত সুযোগ সুবিধা বৃদ্ধি কৰিবলৈ সক্ষম হব৷ ইয়াৰ জৰিয়তে অন্যান্য প্ৰাসংগিক উদ্যোগসমূহেও নিজৰ কাম-কাজ বৰ্তাই ৰখাত সহায় কৰিব৷

তদুপৰি, কেন্দ্ৰীয় এমএছএমই মন্ত্ৰালয়ে এমএছএমইসমূহ ধন লাভৰ ক্ষেত্ৰত প্ৰশাসনিক, আইনী আৰু ফিনটেক আধাৰিত ব্যৱস্থাৱলীসমূহো কৰ্পৰেট ইণ্ডিয়াৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত কেতবোৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে৷

 

***

NB/RCJ/RNM/IA/DB



(Release ID: 1665792) Visitor Counter : 149