স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ নিৰৱচ্ছিন্ন নিম্ন সক্ৰিয় ঘটনাৰ ধাৰা অব্যাহত
একেৰাহে তৃতীয়টো দিনৰ বাবে ৮ লাখৰ নিম্ন হৈ আছে সক্ৰিয় কেছল’ড
৪ৰ্থটো দিনৰ বাবে ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ৮%ৰ নিম্ন
Posted On:
19 OCT 2020 11:22AM by PIB Guwahati
ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনত ভাৰতে আন এটি মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰাষ্ট্ৰীয় মুঠ পজিটিভিটি হাৰ ৮%ৰ নিম্ন হৈ পৰিছে। বিৰতিবিহীনভাৱে চাৰি দিনৰ বাবে এই ধাৰা অব্যাহত আছে। এতিয়া এই মুঠ পজিটিভিটি হাৰ ৭.৯৪% আৰু ই ক্ৰমান্বয়ে হ্ৰাস পাই আছে।
সমগ্ৰ দেশত উচ্চ-হাৰত সম্পন্ন কৰা টেষ্টিঙৰ বাবেই এই ফলাফল লাভ কৰা হৈছে। আজি মুঠ টেষ্টে ৯.৫ কোটি অতিক্ৰম কৰে।
এই ফলাফলৰ অংশ হিচাপে, নিয়মীয়াভাৱে অধিক সংখ্যক টেষ্টৰ বাবে পজিটিভিটি হাৰ নিম্ন হৈ পৰিছে। সমান্তৰালভাৱে ফলপ্ৰসূতাৰে সংক্ৰমণ প্ৰতিহতকৰণেও মুঠ পজিটিভিটি হাৰ হ্ৰাসত অৰিহণা যোগাইছে।
বিস্তীৰ্ণ অঞ্চলত অধিক টেষ্টিঙৰ বাবে পজিটিভ ঘটনাৰ প্ৰাৰম্ভণিতেই চিনাক্তকৰণ, ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেচিঙৰ জৰিয়তে যুদ্ধকালীন ট্ৰেকিং আৰু গুৰুতৰ ঘটনাসমূহৰ অৰ্থে ঘৰ/আন ব্যৱস্থা আৰু চিকিৎসালয়ত সময়োচিত ও কাৰ্যকৰী চিকিৎসা প্ৰদান হৈছে এই সফলতাৰ মূল। ইয়াৰ বাবেই মৃত্যুৰ হাৰো নিম্ন হৈ পৰিছে।
অক্টোবৰৰ তৃতীয়টো সপ্তাহৰ বাবে দৈনিক গড় পজিটিভিটি হাৰ ৬.১৩% হৈ আছে। কেন্দ্ৰীয় চৰকাৰখনৰ টেষ্ট, ট্ৰেক, ট্ৰেচ, ট্ৰিট আৰু টেকন’ল’জি কৌশল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কাৰ্যকৰীভাৱে অনুসৰণ কৰাৰ বাবেও এই সফলতা লাভ কৰিব পৰা যায়।
ভাৰতৰ সক্ৰিয় ঘটনাসমূহৰ দ্ৰুত হ্ৰাসৰ ধাৰা অব্যাহত আছে। ডেৰ মাহৰ পাছত সক্ৰিয় ঘটনাৰ সংখ্যা ৮ লাখৰ সীমাৰ নিম্ন হৈ পৰাৰ পাছত তৃতীয়টো দিনৰ বাবে এই হাৰ তীব্ৰ গতিৰে হ্ৰাস পাই আছে।
আজি ভাৰতৰ সক্ৰিয় কেছল’ড হৈ পৰে ৭,৭২,০৫৫টা।
বৰ্তমানে দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ ১০.২৩%।
মুঠ আৰোগ্য লাভৰ ঘটনা ৬৬ লাখৰো অধিক, যাৰ মুঠ পৰিমাণ হৈছে ৬৬,৬৩,৬০৮। যি সক্ৰিয় ঘটনাৰ তুলনাত বহু বেছি হৈ পৰিছে।
যোৱা ২৪ ঘন্টাত ৬৬,৩৯৯ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু সেয়ে ডিচাৰ্জ লাভ কৰে তথা নতুন নিশ্চিত ঘটনাৰ পৰিমাণ হয় ৫৫,৭২২টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৮.২৬%লৈ বৃদ্ধি পাইছে।
নতুনকৈ আৰোগ্য লাভ কৰা ঘটাসমূহৰ ৭৯%ই হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যথাঃ মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, দিল্লী, উৰিষ্যা আৰু চত্তীশগড়।
মহাৰাষ্ট্ৰত এদিনতে ১১,০০০ ৰোধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ পাছতেই থকা কেৰালা আৰু কৰ্ণাটকৰ আৰোগ্য লাভৰ পৰিমাণ হৈছে প্ৰত্যকৰে ৮,০০০।
যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত ঘটনাৰ পৰিমাণ হৈছে ৫৫,৭২২ টা।
নতুন ঘটনাসমূহৰ ৮১% হৈছে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। সৰ্বাধিক নতুন ঘটনাৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। ইয়াত নতুন ঘটনাৰ পৰিমাণ হৈছে ৯,০০০ ৰোধিক। ইয়াৰ পাছত আছে কেৰালা আৰু কৰ্ণাটক। প্ৰত্যেকৰে নতুন ঘটনাৰ পৰিমাণ হৈছে ৭,০০০ ৰোধিক।
যোৱা ২৪ ঘন্টাত মৃত্যুৰ পৰিমাণ হৈছে ৫৭৯। ৯০ দিনৰ পাছত, দৈনিক মৃত্যুৰ পৰিমাণ ৬০০ৰ নিম্ন হৈ পৰিছে।
ইয়াৰ ভিতৰত, ৮৩% হৈছে দহখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
শেহতীয়াভাৱে মৃত্যু হোৱাসকলৰ ভিতৰত ২৫% ৰোধিক হৈছে মহাৰাষ্ট্ৰৰ। ৰাজ্যখনত মৃত্যুৰ পৰিমাণ হৈছে ১৫০।
****
MV/SJ/SB
(Release ID: 1665781)
Visitor Counter : 232
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam