মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আছিয়ান পিএইচডি ফেল’শ্বিপ কাৰ্যসূচী ‘এপিএফপি’ৰ প্ৰথম বেটছৰ শিক্ষাৰ্থীক সম্বোধন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশংক’ৰ

বিদেশী হিতাধিকাৰীৰ বাবে এপিএফপি ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা সৰ্বৃহৎ সক্ষমতা বিকাশ কাৰ্যসূচীঃ শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশংক’

Posted On: 16 OCT 2020 2:30PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশংকে ভাৰত চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা প্ৰতিষ্ঠিত ‘আছিয়ান পিএইচডি ফেল’শ্বিপ প্ৰগ্ৰেম’(এপিএফপি)ৰ বাবে আছিয়ানৰ সদস্যৰাষ্ট্ৰসমূহৰ পৰা বাছনি কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি ভাৰ্চুৱেলী সম্বোধন কৰাৰ লগতে তেওঁলোকক প্ৰতিষ্ঠিত কাৰিকৰী প্ৰতিষ্ঠান আইআইটি বাছনি কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিবৰ্গ; উচ্চ শিক্ষা সচিব শ্ৰী অমিত খাৰে; বিদেশ মন্ত্ৰালয়ৰ সচিব(প্ৰাক্তন) শ্ৰীমতী ৰিৱা গাংগুলী দাস; আইআইটি দিল্লীৰ সঞ্চালক অধ্যাপক বি ৰামগোপাল ৰাও; আইআইটি প্ৰতিষ্ঠানসমূহৰ পৰা আছিয়ান সমন্বয়ক, আইআইটিৰ সঞ্চালক আৰু বৃত্তিৰ বাবে বাছনিকৃত শিক্ষাৰ্থীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

 

আছিয়ান দেশসমূহৰ শিক্ষাৰ্থীসকলক আদৰণি জনায় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে কয় যে ভাৰত আৰু আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্ক উভয়ৰে বাবে লাভজনক৷ তেওঁ কয় যে এই ব্যৱস্থাই সংস্কৃতি, বাণিজ্য আৰু সম্পৰ্ক তিনিওটা স্তৰত পাৰস্পৰিক সম্পৰ্কক অধিক শক্তিশালী কৰিব৷  এপিএফপিয়ে ভাৰত আৰু আছিয়ানৰ শিক্ষাবিদ, গৱেষক আৰু বৈজ্ঞানিকসকলৰ বাবে প্ৰযুক্তিগত আৰু গৱেষণাৰ ক্ষেত্ৰত থকা সাদৃশ্যৰ বাবে কেতবোৰ নতুন সম্ভাৱনা গঢ় দিব৷ তেওঁলোকৰ দ্বাৰা কৰা গৱেষণা আৰু আৱিস্কাৰসমূহৰ ব্যৱহাৰ বিশ্বজুৰি মানৱজাতিৰ উন্নতিৰ বাবে কৰিব পৰা যাব৷

 

শ্ৰী নিশংকে কয় যে ক’ভিড মহামাৰীৰ বাবে বিশ্বৰ গতি স্তিমিত হৈছে৷ কিন্তু এইটো সুখৰ কথা যে এই পৰিস্থিতিতো আইআইটিসমূহ কেতিয়াও বন্ধ হোৱা নাই আৰু একেৰাহে নিজৰ মূল্যবান গৱেষণা আৰু আৱিষ্কাৰেৰে দেশৰ সহায় কৰি এই মহামাৰীৰ মাজতো নতুন সফলতাৰ কাহিনী  ৰচনা কৰিছে৷  আছিয়ানৰ সদস্য দেশসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ অন্যতম আইআইটিত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে৷ তেওঁ শিক্ষাৰ্থীসকলক তেওঁলোকৰ গৱেষণামূলক কাৰ্যসূচীসমূহৰ বাবে শুভকামনা জনায়৷ শিক্ষা মন্ত্ৰালয়ে আছিয়ানৰ শিক্ষাৰ্থীসকলৰ বাবে আইআইটি দিল্লীত বিশেষভাৱে গঠিত আছিয়ান পিএইচডি ফেল’শ্বিপ কাৰ্যসূচীৰ সচিবালয়ক সহায় কৰিব৷

 

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ ২৫ জানুৱাৰীত গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা সকলো সদস্য ৰাষ্ট্ৰৰ নেতৃবৰ্গৰ উপস্থিতিত আছিয়ান পিএইচডি ফেল’শ্বিপ কাৰ্যসূচীৰ ঘোষণা কৰে৷ তেওঁ কয় যে এপিএফপিৰ অধীনত ১,০০০ ফেল’শ্বিপ বিশেষকৈ আছিয়ান নাগৰিকসকলক প্ৰদান কৰা হ’ব৷  তেওঁ লগতে কয় যে এপিএফপি বিদেশী হিতাধিকাৰীসকলৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা সৰ্ববৃহৎ সক্ষমতা বিকাশ কাৰ্যসূচী৷

 

শ্ৰী পোখৰিয়ালে কয় যে এই কাৰ্যসূচীয়ে ‘বসুধৈৱ কুটুম্বকম’  আৰু ‘অতিথি দেৱো ভৱ‘এই দুটা দৃষ্টিভংগীক প্ৰদৰ্শিত কৰাৰ লগতে ই ‘সৰ্বে ভৱন্তু সুখীন’ৰ সংস্কৃতিক পৃষ্ঠপোষকতা কৰি আগুৱাই গৈছে৷ তেওঁ কয় যে আমি বিশ্ববাসীৰ সৈতে আগুৱাই যাব বিচাৰো৷ এক বৈশ্বিক মনোভাৱ আৰু দৃষ্টিকোণেৰ লগতে আমি ভাৰতৰ শিক্ষাৰ খণ্ডক বিশ্বৰ কেন্দ্ৰস্থল হিচাপে বিকশিত কৰিব বিচাৰো৷ এপিএফপি কাৰ্যসূচী শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় দিশত গ্ৰহণ কৰা এক ইতিবাচক পদক্ষেপ৷

 

অনুষ্ঠানত ৰাজ্যিক শিক্ষা মন্ত্ৰী শ্ৰী ধোত্ৰেই কয় যে দক্ষিণ পুব এছিয়াৰ দেশসমূহৰ সৈতে আমাৰ সম্বন্ধ বহু পুৰণি৷ আমাৰ প্ৰাচীন মহাকাব্য ৰামায়ণৰ প্ৰভাৱ আছিয়ান দেশসমূহৰ সাংস্কৃতিক পৰিৱেশত যথেষ্ট ভালদৰে দেখা যায়৷ আমাৰ মাজত এক শক্তিশালী সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক আছে৷ তেওঁ কয় যে আছিয়ানৰ শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক গৱেষণা যাত্ৰাৰ এই আৰম্ভণিয়ে আমাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব৷

 

অনুষ্ঠানত সদস্যৰাষ্ট্ৰ ক্ৰমে ইণ্ডোনেছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ভিয়েটনাম, থাইলেণ্ড আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলৰ লগতে আইআইটি দিল্লীৰ সঞ্চালকে ভাষণ আগবঢ়ায়৷

 

******

MC/AKJ/AK/DB



(Release ID: 1665589) Visitor Counter : 119