কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে এনএমডিচি লিমিটেডৰ পৰা নাগৰনাৰ তীখা কাৰখানাক বিলগ্নকৰণ কৰা তথা পৃথক কৰা কোম্পানীৰ ৰণনীতিমূলক বিনিয়োগত অনুমোদন প্ৰদান কৰিছে

Posted On: 14 OCT 2020 4:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে ৰাষ্ট্ৰীয় খনিজ বিকাশ নিগম (এনএমডিচি) লিমিটেডৰ পৰা নাগৰনাৰ তীখা কাৰখানা (এনএছপি)ক বিলগ্নকৰণ কৰা তথা পৃথক হোৱা কোম্পানীত নিহিত ভাৰত চৰকাৰৰ সম্পূৰ্ণ অংশীদাৰীত্বক এক ৰণনীতিমূলক বিক্ৰীৰ বাবে বিক্ৰীৰ দ্বাৰা ইয়াৰ ৰণনীতিমূলক বিনিয়োগ নিজৰ সাংবিধানিক অনুমোদন প্ৰদান কৰিছে৷

নাগৰনাৰ তীখা কাৰখানা হ’ল চট্টিশগড়ৰ বাস্তাৰ জিলাৰ নাগৰনাৰত এমএমডিচিৰ দ্বাৰা স্থাপিত তিনি মিলিয়ন প্ৰতিবৰ্ষ ক্ষমতাযুক্ত এক সংবদ্ধ কাৰখানা৷ এই কাৰখানা ১৯৮০ একৰ ভূমিজুৰি বিস্তৃত আৰু ইয়াৰ সংশোধনীমূলক ব্যয় হ’ল ২৩,১৪০ কোটি টকা (১৪.০৭.২০২০ অনুসৰি)৷ উপযুক্ত তিথিত এনএমডিচিয়ে এই প্ৰকল্পত ১৭,১৮৬ কোটি টকা বিনিয়োগ কৰিছে য’ত ১৬,৬৬২ কোটি টকা এমএমডিচিৰ নিজৰ ব্যয়ৰ পৰা তথা ৫২৪ কোটি টকা বণ্ড বজাৰৰ পৰা সংগৃহীত কৰা হৈছে৷

এই অনুমোদনৰ সৈতে অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে এনএমডিচিৰ এক সংবদ্ধৰূপত নাগৰনাৰ তীখা কাৰখানাত বিনিয়োগৰ হেতু ২৭ অক্টোবৰ ২০১৬ত গ্ৰহণ কৰা নিজৰ পূৰ্বৱৰ্তী সিদ্ধান্তত সংশোধন কৰিছে৷ 

 

*****

 

KSD/MANN



(Release ID: 1664619) Visitor Counter : 109