স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে নিম্নতম আক্ৰান্ত তথা নিম্নতম মৃত্যু আৰু অধিক পৰীক্ষণ সম্পন্ন কৰা দেশৰ তালিকাত ভাৰতৰ স্থিতি অব্যাহত

সক্ৰিয় আক্ৰান্তৰ ক্ষেত্ৰতো ন্যূনতম ধাৰা অব্যাহত

শেহতীয়া ২৪ ঘণ্টাত ৫৫,৩৪২টা নতুন আক্ৰান্তৰ তথ্য

Posted On: 13 OCT 2020 12:32PM by PIB Guwahati

দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে অন্যতম কম আক্ৰান্ত আৰু মৃত্কৰ দেশ হিচাপে গোলকীয় তালিকাত নিজৰ স্থিতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

যি মুহূৰ্তত প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে আক্ৰান্তৰ গোলকীয় হাৰ ৪,৭৯৪, সেই মুহূৰ্তত ভাৰতৰ হাৰ হ’ল ৫,১৯৯। ইউনাইটেড কিংডম, ৰাছীয়া, দক্ষিণ আফ্ৰিকা, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলৰ হাৰ এতিয়াও অধিক হৈয়ে আছে।

ভাৰতত প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে মৃত্যুৰ হাৰ ৭৯। এই মুহূৰ্তত ইয়াৰ গোলকীয় হাৰ হ’ল প্ৰতি নিযুতত ১৩৮।

ইফালে, ৰোগৰ নমুনা পৰীক্ষণৰ ক্ষেত্ৰত সৰ্বাধিক পৰীক্ষা সম্পন্ন কৰা দেশৰ তালিকাত ভাৰত শীৰ্ষস্থানত অৱস্থান কৰা দেশসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। শেহতীয়া ২৪ ঘণ্টাত সম্পন্ন কৰা ১০,৭৩,০১৪টা পৰীক্ষাকে ধৰি এই পৰ্যন্ত দেশত মুঠ ৮.৮৯ কোটি(৮,৮৯,১০৭) পৰীক্ষা সম্পন্ন কৰা হৈছে।

অধিক হাৰত পৰীক্ষণ সম্ভৱ কৰাৰ ফলত ৰোগীক আগতীয়াকৈ চিনাক্ত কৰাৰ লগতে সময়ত চিকিতসা প্ৰদান কৰাৰ ফলত আৰোগ্য হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ বহু পৰিমাণে কম কৰিব পৰা গৈছে।

জনসংখ্যৰ পৰিসৰ, জিডিপি আদিৰ হিচাপেৰে ভাৰতক মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইউকে, ৰাছীয়া, ফ্ৰান্স আদি দেশৰ সৈতে তুলনা কৰাতো নিশ্চয় সংগত নহয়। অৱশ্যে ইমানৰ পিচতো বিগত মাহচেৰেকত কভিড-১৯ৰ প্ৰবন্ধনৰ ক্ষেত্ৰত ভাৰতে আশাপ্ৰদ পৰিণতি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে।

শেহতীয়া প্ৰেক্ষাপটত ভাৰতত নতুনকৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰন্ত হোৱা লোকৰ সংখ্যা ৫৫,৩৪২বুলি তথ্য লাভ কৰা হৈছে।

লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছেভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আক্ৰান্তৰ  সংখ্যা দিনে দিনে কমিবলৈ ধৰিছে। ৰোগ নিৰ্ণয়ৰ বাবে সম্পন্ন কৰা পৰীক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ ফলত পোণতে আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়া ভাবে এই হাৰ দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে।

যোৱা পাঁচটা সপ্তাহ ধৰি নতুনকৈ আক্ৰন্তৰ দৈনিক গড় ধাৰাবহিকভাবে কমি অহা দেখিবলৈ পোৱা গৈছে। দিনৌ নতুনকৈ আক্ৰন্তৰ সাপ্তাহিক গড় ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ ৯২,৮৩০ৰ পৰা অক্টোবৰৰ দ্বিতীয় সপ্তাহত ৭০,১১৪লৈ হ্ৰাস পায়।

WhatsApp Image 2020-10-13 at 10.19.14 AM.jpeg

ধাৰা অব্যাহত ৰাখি ভাৰতত দ্ৰুতগতিত কমিছে সক্ৰিয় ৰোগীৰ সংখ্যাএই মুহূৰ্তত বিপৰীতে মুঠ আক্ৰান্তৰ তুলনাত সক্ৰিয় ৰোগীৰ হাৰ মাত্ৰ ১১.৬৯% বুলি ঠাৱৰ কৰা হৈছে। দেশত এই মুহূৰ্তত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা হৈছে ৮,৩৮,৭২৯গৰাকী। একেৰাহে পঁচটা দিনৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা ৯ লাখৰ তলত থকা পৰিলক্ষিত হৈছে।

৭৬শতাংশ সক্ৰিয় ৰোগী ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে বুলি নিশ্চিত কৰা হৈছে। ইফালে নতুনকৈ আক্ৰন্ত তথা সক্ৰিয় ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত কৰ্ণাটকে মহাৰাষ্ট্ৰক অতিক্ৰম কৰিছে। দুয়োখন ৰাজ্যই ৭,০০০ৰো অধিক ৰোগীৰ বোজা বহণ কৰিবলগীয়া হৈছে। ইফালে কৰ্ণাটক, কেৰালা, পশ্চিম বংগ আৰু চত্তিশগড়ত এতিয়াও সংক্ৰমণ অব্যাহত আছে।

WhatsApp Image 2020-10-13 at 10.19.07 AM.jpeg

শেহতীয়া ২৪ ঘণ্টাত ৭৭,৭৬০গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৬২লাখ(৬২,২৭,২৯৫) লৈ বৃদ্ধি পালে। আৰোগ্য লাভ কৰোতাৰ উচ্চ হাৰে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮৬.৭৮%লৈ উন্নীত কৰিছে।

নতুনকৈ আৰোগ্য লাভ কৰা ৭৮শতাংশ লোকেই ১০খন ৰাঝ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

মহাৰাষ্ট্ৰত এদিনতে ১৫,০০০লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে কৰ্ণাটকত এই সংখ্যা ১২,০০০ৰো অধিক।

WhatsApp Image 2020-10-13 at 10.20.38 AM.jpeg

একেৰাহে ১০ দিন ধৰি কভিড-১৯ত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০০০ৰ কম হোৱাটো পৰিলক্ষিত হৈছে। শেহতীয়া ২৪ ঘণ্টাত এই সংখ্যা আছিল ৭০৬। মৃত্কসকলৰ প্ৰায় ৭৯শতাংশই ১০খন ৰাজ্যৰ বুলি তথ্য নিশ্চিত কৰা হৈছে।

ইয়াৰে ২৩শতাংশই মহাৰাষ্ট্ৰ(১৬৫)ৰ।

WhatsApp Image 2020-10-13 at 10.19.12 AM.jpeg

MV/SJ/KB

HFW/COVID States data/13thOctober2020/1



(Release ID: 1664150) Visitor Counter : 182