যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ক্ৰীড়া মন্ত্ৰালয়ে এছঅ’পি জাৰি কৰি অলিম্পিকৰ অনুশীলন পুনৰ মুকলি কৰাৰ সিদ্ধান্তক আদৰণি সাঁতোৰ জগতৰ

Posted On: 10 OCT 2020 5:56PM by PIB Guwahati

দেশৰ সকলো প্ৰান্তত ছুইমিং পুল মুকলি কৰিবলৈ ক্ৰীড়া মন্ত্ৰালয়ে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় সাঁতোৰ মহলে। শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিযোগিতামূলক সাঁতোৰবিদৰ বাবে ছুইমিং পুল ব্যৱহাৰ কৰিবলৈ ষ্টেনডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ(এছঅপি)জাৰি কৰে। ৩০ ছেপ্তেম্বৰত প্ৰকাশ পোৱা এক নিৰ্দেশত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কণ্টেইনমেণ্ট অঞ্চলৰ বাহিৰে দেশৰ সকলো প্ৰান্তত ছুইমিং পুল পুনৰ মুকলি কৰাৰ অনুমতি দিছিল।

অলিম্পিক কোৱালিফায়াৰ বি মাৰ্ক অৰ্জন কৰা ৬ ভাৰতীয় সাঁতোৰবিদৰ অন্যতম বীৰধাৱাল খাড়ে এই সিদ্ধান্তক লৈ অত্যন্ত সুখী। ২০০৮ৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা সাঁতোৰবিদগৰাকীয়ে কয়, এয়া এক সুন্দৰ সিদ্ধান্ত। মই আনন্দিত যে আমাৰ সাঁতোৰবিদসকলে পূৰ্ণোদ্যমে অনুশীলন আৰম্ভ কৰিব পাৰিব আৰু সোনকালে প্ৰতিদ্বন্দ্বিতাত নামিব পাৰিব। মই আশা কৰিছো যে কেন্দ্ৰই গ্ৰহণ কৰা এই সিদ্ধান্তক ৰাজ্য চৰকৰসমূহে শীঘ্ৰে সমৰ্থন আগবঢ়াব আৰু সকলো প্ৰতিযোগিতামূলক সাঁতোৰবিদে অনুশীলন আৰম্ভ কৰিব পাৰিব।

আগষ্টত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে(ছাই) ডুবাইত এক দুমহীয়া অনুশীলন শিবিৰ আয়োজন কৰিছিল। এই শিবিৰত অংশ লৈ শ্ৰীহৰি নটৰাজ, কুশাগ্ৰা ৰাৱট আৰু ছাজন প্ৰকাশে বি কোৱালিফিকেচন মাৰ্ক অৰ্জন কৰিছিল। ডুবাইত প্ৰস্তুতি চলাইছিল যদিও নটৰাজনে পুনৰ এবাৰ ভাৰতত অনুশীলন আৰম্ভ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। মই আনন্দিত যে, ভাৰতত ছুইমিং পুলসমূহ পুনৰ মুকলি হব। ঘৰত থাকি অনুশীলন চলোৱাৰ অনুভৱেই সুকীয়া। কাৰণ, নিজৰ স্থানত মই গোটেই ছাপৰ্ট ষ্টাফৰ সমৰ্থন লাভ কৰো আৰু নিজৰ সুবিধা অনুসৰি অনুশীলনৰ সূচী তৈয়াৰ কৰি লব পাৰি।

দ্ৰোণাচাৰ্য বঁটা বিজয়ী প্ৰশিক্ষণ নিহাৰ আমীনে কয় যে দেশত সাঁতোৰৰ অনুশীলন পুনৰ আৰম্ভ হোৱাটো অত্যন্ত ইতিবাচক খবৰ।, “মই এই সংবাদ লাভ কৰি অতিশয় আনন্দিত যে আমাৰ সাঁতোৰবিদসকলে পুনৰ অনুশীলন আম্ভ কৰাৰ অনুমতি লাভ কৰিছে। মহামাৰীৰ ফলত আমাৰ সাঁতোৰবিদসকল হতাশাৰ সন্মুখীন হৈছিল। এই সিদ্ধান্তই তেওঁলোকৰ আত্মবিশ্বাস উভতাই আনিব আৰু তেওঁলোকৰ ফৰ্মলৈ উভতি আহিব পাৰিব। মই যথেষ্ট আশাবাদী যে আমাৰ অমিম্পিক বি কোৱালিফায়াৰসকলে এ কোৱালিফায়িং টাইম অৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব।-নিহাৰ আমীনে এইদৰে কয়।

ভাৰতীয় সাঁতোৰ ফেডাৰেচনেও এই সিদ্ধান্তৰ আদৰণি জনাইছে আৰু চৰকাৰক ধন্যবাদ জনাইছে।

 

*******

NB/OA/MS



(Release ID: 1663457) Visitor Counter : 76