PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 OCT 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

 

#IndiaFightsCorona

Image

 

ধাৰা অব্যাহত ৰাখি ভাৰতত দ্ৰুতগতিত কমিছে চিকিসাধীন ৰোগীৰ সংখ্যা; এমাহৰ পিচত এই প্ৰথমবাৰৰ বাবে লাখৰ তললৈ নামিল চিকিসাধীন আক্ৰান্তৰ সংখ্যা; একেৰাহে তৃতীয়টো সপ্তাহৰ বাবে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক অতিক্ৰম কৰিছে নতুন আৰোগ্যৰ সংখ্যাই

ধাৰা অব্যাহত ৰাখি ভাৰতত দ্ৰুতগতিত কমিছে চিকিসাধীন ৰোগীৰ সংখ্যা। এমাহৰ পিছত  প্ৰথমবাৰলৈ লাখৰ তললৈ নামিল চিকিসাধীন আক্ৰান্তৰ সংখ্যা। যোৱা ছেপ্টেম্বৰত .৯৭ লাখ চিকিসাধীন ৰোগীৰ নাম পঞ্জীয়ণ হোৱাৰ পিছত আজি পঞ্জীয়ণভুক্ত চিকিসাধীন ৰোগীৰ সংখ্যা .৯৩ বুলি তথ্য লাভ কৰা হৈছে। আজি চিকিসাধীন ৰোগীৰ সংখ্যা ,৯৩,৫৯২ হোৱাৰ বিপৰীতে মুঠ আক্ৰান্তৰ তুলনাত চিকিসাধীন ৰোগীৰ হাৰ মাত্ৰ ১২.৯৪% বুলি ঠাৱৰ কৰা হৈছে। চিকিসাধীন ৰোগীৰ % হাৰৰ অৱনমিত ধাৰাক সমৰ্থন আগবঢ়াইছে আৰোগ্য লাভ কৰা ব্যক্তিৰ ক্ৰমৱৰ্দ্ধমান % হাৰে। এই মুহূৰ্তত দেশত আৰো্গ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছেগৈ ৫৯,০৬,০৬৯গৰাকী। ইফালে, আৰোগ্য লাভ কৰা আৰু চিকিসাধীন ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানে ৫০লাখ(৫০,১২,৪৭৭) সীমা অতিক্ৰম কৰিছে। আৰোগ্য লাভ কৰোতা ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ ক্ৰমৱৰ্দ্ধমান ধাৰাই এই ব্যৱধান অধিকৰ পৰা অধিকতৰ কৰি ৰাখিছে। আৰোগ্য লাভ কৰোতাৰ উচ্চ হাৰে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮৫.৫২%লৈ উন্নীত কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৭৮,৩৬৫গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয়ৰ পৰা ওভতাৰ অনুমতি লাভ কৰাৰ বিপৰীতে ৭০,৪৯৬গৰাকী লোকৰ দেহত ভিডৰ উপস্থিতি নিশ্চিত কৰা হৈছে। দেশত একেৰাহে তৃতীয়টো সপ্তাহৰ বাবে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক অতিক্ৰম কৰিছে নতুন আৰোগ্যৰ সংখ্যাই। দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আক্ৰান্তৰ সংখ্যা দিনে দিনে কমিবলৈ ধৰিছে। ৰোগ নিৰ্ণয়ৰ বাবে সম্পন্ন কৰা পৰীক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ ফলত পোণতে আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়া ভাবে এই হাৰ দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে। নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৫% মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তামিল নাডু, উত্তৰ প্ৰদেশ, ওড়িশা, দিল্লী, চত্তিশগড় আৰু পশ্চিম বংগকে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৱল মহাৰাষ্ট্ৰতে এটা দিনত প্ৰায় ১৫,০০০লোকে আৰোগ্য লাভ কৰা বুলি তথ্য উপলব্ধ হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ৭০,৪৯৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ নতুনকৈ আক্ৰান্তৰ ৭৮% ১০খন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ১৩,০০০তকৈ অধিক আক্ৰান্তৰে মহাৰাষ্ট্ৰই নতুনকৈ আক্ৰান্তৰ তালিকাত এতিয়াও শীৰ্ষ স্থান অধিকাৰ কৰি আছে। ইয়াৰ পিচতে ১০,০০০ৰৰো অধিক আক্ৰান্তৰে কৰ্ণাটকে স্থান লাভ কৰিছে। বিগত ২৪ ঘণ্টাত ৯৬৪গৰাকী লোক মৃত্যু হৈছে। ইয়াৰে ৮২% মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, চত্তিশগড়, দিল্লী আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৩৭% মৃতকেই মহাৰাষ্ট্ৰ(৩৫৮ গৰাকী) বুলি তথ্য নিশ্চিত কৰা হৈছে।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1662968

ভাৰতীয় বৈদেশিক সেৱা দিৱসত দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ভাৰতীয় বৈদেশিক সেৱা দিৱস উপলক্ষে দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়। আজি এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো ভাৰতীয় বৈদেশিক সেৱা বিষয়াসকললৈ আজি আইএফএছ দিৱসৰ বহু বহু শুভেচ্ছা জনাইছো। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয় কল্যাণক সমূখত ৰাখি তেওঁলোকে যিদৰে কাম কৰি আহিছে সেয়া বিশ্বৰ সকলো স্থানতে প্ৰসংশাৰ যোগ্য। বন্দে ভাৰত মিছন আৰু অন্যান্য ভিড সংক্ৰান্তীয় ক্ষেত্ৰত আমাৰ দেশৰ লগতে আন দেশৰ জনসাধাৰণক যিদৰে তেওঁলোকে সহায় আগবঢ়াই আহিছে সেয়া নিসন্দেহে প্ৰসংশনীয়।"

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1662972

 

প্ৰধানমন্ত্ৰীয়ে অহা ১১ অক্টোবৰত এক ঐতিহাসিক অনুষ্ঠানত স্বামীত্ব প্ৰকল্পৰ আওতাত সম্পত্তিৰ মালিকানাধীন কাৰ্ডৰ পোনপটীয়া বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰত এক ঐতিহাসিক অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত স্বামীত্ব প্ৰকল্পৰ আওতাত সম্পত্তিৰ মালিকানাধীন কাৰ্ডৰ পোনপটীয়া বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। এই সূচনাৰ ফলত সম্পত্তিৰ মালিক প্ৰায় ১ লাখ ব্যক্তিয়ে তেওঁলোকৰ মোবাইল ফোনত এছ এম এছৰ মাধ্যমত প্ৰেৰিত লিংকৰ সহায়ত সম্পত্তিৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত, সংশ্লিষ্ট ৰাজ্য চৰকাৰে পোনপটীয়াকৈ কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ ইয়াৰ ফলত উত্তৰ প্ৰদেশৰ ৩৪৬, হাৰিয়ানাৰ ২২১, মহাৰাষ্ট্ৰৰ ১০০, মধ্যপ্ৰদেশৰ ৪৪, উত্তৰাখণ্ডৰ ৫০ আৰু কৰ্ণাটকৰ ২, অৰ্থা ৬খন ৰাজ্যৰ ৭৬৩খন গাঁৱৰ উপভোক্তাসকলে সুবিধা পাব। মহাৰাষ্ট্ৰক বাদ দি সেইদিনা সমগ্ৰ ৰাজ্যৰ উপভোক্তাই সম্পত্তিৰ মালিকানাধীন কাৰ্ড গ্ৰহণ কৰিব।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1663022

 

কানাডাত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মুল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ কনফাৰেন্সযোগে কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মুল ভাষণ আগবঢ়ায়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে একমাত্ৰ দেশ, য’ত ৰাজনৈতিক সুস্থিৰতা, বিনিয়োগ আৰু ব্যৱসায় অনুকূল নীতি, প্ৰশাসনিক দিশত জবাবহদিহিতা, দক্ষ প্ৰতিভাৰে পৰিপূৰ্ণ আৰু এক বৃহ বজাৰৰ দৰে বিনিয়োগৰ সকলো মাপকাঠি বিদ্যমান৷ তেওঁ কয় যে ইয়াত প্ৰতিষ্ঠানিক বিনিয়োগকাৰী, নিৰ্মাণকাৰী, অভিনৱ পৰিস্থিতি তন্ত্ৰ আৰু আন্তঃগাঁথনিমূলক কোম্পানীৰ সমৰ্থককে ধৰি সকলোৰে বাবে সূযোগ আছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিডৰ পাছৰ বিশ্বত ভাৰতে ধৈৰ্য প্ৰদৰ্শন কৰাৰ লগতে নিৰ্মাণকাৰী, যোগান শৃংখলা ইত্যাদি সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সমাধানৰ এক অন্যতম ঠাই৷ তেওঁ লগতে কয় যে কেতবোৰ বাধাই দেখা দিলেও ভাৰতত এদিনতে ৪০০ মিলিয়নতকৈ অধিক কৃষক, মহিলা, দুখীয়া আৰু অভাৱগ্ৰস্ত লোকক প্ৰত্যক্ষভাৱে বেংক একাউণ্টযোগে ধন হস্তান্তৰ কৰাৰ সুবিধা হৈছে৷ তেওঁ মহামাৰীৰ সময়ত দেখা দিয়া বাধাক অতিক্ৰম কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ তালিকা উল্লেখ লগতে কয় যে ইয়াৰ জৰিয়তে প্ৰশাসনিক পৰিকাঠামো আৰু পদ্ধতি প্ৰদৰ্শিত হৈছে, যিটো বিগত বছৰকেইটা গঢ়ি তোলা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত সমগ্ৰ দেশত এক কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল, সেইসময়ত ভাৰতে প্ৰায় ১৫০খন দেশত ঔষধ যোগান ধৰাৰ লগতে বিশ্বৰ ফাৰ্মাচীৰ দৰে ভূমিকা পালন কৰিছিল৷ তেওঁ কয় যে চলিত বৰ্ষৰ মাৰ্চ-জুন মাহত কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ হাৰ ২৩% বৃদ্ধি পাইছিল৷ তেওঁ কয় যে মহামাৰীৰ পূৰ্বে ভাৰতত পিপিই কিট প্ৰস্তুতেই কৰা হোৱা নাছিল৷ কিন্তু এতিয়া ভাৰতে প্ৰতি মাহত লাখ লাখ পিপিই কিট প্ৰস্তুত কৰাই নহয়, ৰপ্তানিও কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ক’ভিড-১৯ৰ ভেকচিনৰ উপাদন বৃদ্ধিয়েই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বক এই ভেকচিন উপাদন কৰাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1662857

 

কানাডাৰ ইনভেষ্ট ইণ্ডিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1662852

 

ভাৰতৰ নির্বাচন আয়োগ ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নৰ বাবে বিজ্ঞপ্তি প্ৰকাশৰ সময় সীমাত ৰেহাই দিছে

ভাৰতৰ নির্বাচন আয়োগ ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নভূক্ত কৰাৰ সময়সীমাত ৰেহাই দিয়াৰ লগতে বিজ্ঞপ্তি প্ৰকাশৰ সময় ৩০ দিনৰ পৰা কমাই দিন কৰা হৈছে। যিসসমূহ ৰাজনৈতিক দলে অক্টোবৰৰ বা তাৰ পূৰ্বে বিজ্ঞপ্তি প্ৰকাশ কৰিছে, তেওঁলোকৰ বাবে এই নিয়ম কার্যকৰী হ’ব৷ অক্টোবৰৰ পূৰ্বে যিসমূহ ৰাজনৈতিক দলে দিনতকৈও কম সময়ত বিজ্ঞপ্তি প্ৰকাশ কৰিছে, তেওঁলোককে ধৰি সকলো ৰাজনৈতিক দলৰ যদি কোনো আপত্তি থাকে, তেওঁলোকে অহা ১০ অক্টোবৰ বা ৩০ দিনৰ সময়সীমা অন্তিম দিনা বিয়লি চাৰে পাঁচটাৰ ভিতৰত তেওঁলোকৰ অন্তিম তথ্য জমা দিব পাৰিব৷ ভাৰতৰ নির্বাচন আয়োগে যোৱা ২৫ ছেপ্টেম্বৰত বিহাৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰে৷ এই ঘোষণাৰ পাছত আয়োগৰ দৃষ্টিগোচৰ কৰা হয় যে ক’ভিড-১৯ পৰিস্থিতিৰ বাবে একাধিক নিষেধাজ্ঞাৰ ফলত ৰাজনৈতিক দলসমূহৰ নাম তালিকাভূক্ত কৰাৰ আবেদন জমা দিয়াৰ ক্ষেত্রত বিলম্ব হৈছে৷ যাৰ ফলত ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নভূক্ত প্ৰক্রিয়াতো দেৰি হৈছে৷ ইয়াৰ প্ৰতিলক্ষ্য ৰাখি আয়োগে বিজ্ঞপ্তি প্ৰকাশৰ সময়সীমাৰ ক্ষেত্রত ৰেহাই দিছে। উল্লেখ্য যে অহা ২০ অক্টোবৰত বিহাৰত তৃতীয় পৰ্যায়ৰ নির্বাচনৰ মনোনয়ন জমা দিয়াৰ অন্তিম তাৰিখৰ পৰা এই নিয়ম কার্যকৰী হ’ব৷.

অধিক বিৰৱণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1662963

 

ব্যৱস্থাপনাক লৈ সন্তুষ্টি, লকডাউনৰ পাছত পুনৰ অনুশীলনত নামি আৰ্চাৰসকলে নিজৰ গতি ঘুৰাই পোৱাৰ যত্ন কৰিছে

ৰোনা ভাইৰাছৰ বাবে বলব কৰা লকডাউনৰ পাছত ভাৰতৰ অলিম্পিকৰ আশাত বিশেষ জোৰ দিয়াৰ বাবে দেশজপৰি খেলৰ সুবিধা মুকলি কৰি দিয়া হৈছে৷ ভাৰতৰ পুৰুষ আৰু মহিলা আৰ্চাৰসকলে পুনেস্থিত সৈনিক খেল প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ আৰ্চাৰসকলৰ বাবে ২৫ আগষ্টৰ পৰা শিৱিৰ আৰম্ভ কৰা হৈছে আৰু তেওঁলোকে পুনৰ প্ৰশিক্ষণ লাভ কৰি যথেষ্ট সুখী হৈছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1663086

 

২০২০-২১ৰ প্ৰথম ছমাহত ৩,৯৫১কিলোমিটাৰ পথ নিৰ্মাণ কৰিলে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে; ক’ভিডৰ জটিলতাৰ মাজতো দৈনিক ২১.৬০ কিলোমিটাৰ পথ নিৰ্মাণৰ সাফল্য

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ৩,৯৫১কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ নিৰ্মাণ কৰিছে৷ ক’ভিড-১৯ৰ জটিলতাৰ মাজতো দৈনিক ২১.৬০ কিলোমিটাৰ পথ নিৰ্মাণৰ সাফল্য অৰ্জন কৰিছে৷ মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষত ১১,০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1662982

 

শ্ৰম ব্যুৰ’ সমীক্ষাৰ সন্দৰ্ভত বিশেষজ্ঞ গোটৰ প্ৰথম বৈঠকত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ ভাষণ

শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী সন্তোষ গেংৱাৰে কালি শ্ৰম ব্যুৰ’ সমীক্ষাৰ সন্দৰ্ভত বিশেষজ্ঞ গোটৰ প্ৰথম বৈঠকত ভাষণ আগবঢ়ায়৷ এই বিশেষজ্ঞ গোটত বিশিষ্ট অৰ্থনীতিবিদ, বিজ্ঞানী, পৰিসংখ্যাবিদ আৰু চৰকাৰী বিভাগীয় বিষয়াৰে গঠিত৷ এই সমীক্ষাৰ তথ্যৰে চৰকাৰে কৰ্মচাৰীসকলৰ সুযোগৰ লগতে অন্যান্য দিশৰ সন্দৰ্ভত জানিবলৈ সুবিধা হ’ব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1663173

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

  • কেৰালাঃ ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ১৪%ৰ পৰা হঠাতে ৮%লৈ হ্ৰাস পোৱাটোৱে ৰাজ্যিক স্বাস্থ্য খণ্ডত বিতৰ্কৰ সুত্ৰপাত ঘটাইছে৷ বিশেষজ্ঞসকলৰ মত এই যে এই নিৰ্মগামীতাৰ বাবে অতি কমেও এসপ্তাহৰ প্ৰয়োজন৷ ইফালে, ৰাজ্য চৰকাৰে এদিনৰ এই নিম্নগামীতাক গুৰুত্ব সহকাৰে নল’বলৈ কৈছে৷ ৰাজ্যখনৰ নতুন তিনিজন ৰোগীৰ সৈতে মৃত্যুৰ সংখ্যা ৯৩৩জনলৈ বৃ্দ্ধি পাইছে৷ কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৫,৪৪৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৭,০০৩জন আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনত ৯০,৫৭৯ জন ৰোগী চিকিসাধীন হৈ আছে৷
  • তামিলনাডুঃ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত তামিলনাডুলৈ দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত প্ৰায় ২লাখ প্ৰব্ৰজিত শ্ৰমিক ঘূৰি আহিছে৷ ইফালে, যোৱা মাহত কেৱল কইম্বাটোৰ জিলা ৪৭,০০০ শ্ৰমিক ঘূৰি আহিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বেলুৰ গাঁওবাসীয়ে ক’ভিড-১৯ৰ সংক্ৰমণক আশাংকা কৰি নিজেই লকডাউন ঘোষণা কৰিছ৷
  • কৰ্ণটকঃ কালি দিনটোত বাংগালুৰু নগৰত সৰ্বাধিক ৫,১২১গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ বিৰোধী দলপতিয়ে শিক্ষা মন্ত্ৰীলৈ এতিয়া বিদ্যালয় নুখুলিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে৷
  • অন্ধ্ৰপ্ৰদেশঃ চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে একেলগ হৈ ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰি মাস্ক পৰিধান, শাৰীৰিক দুৰত্ব মানি চলা আৰু হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাকে ধৰি তিনিটা মুখ্য সজাগতামূলক বাৰ্তা প্ৰচাৰ কৰিছে৷ অন্ধ্ৰপ্ৰদেশৰ টিডিপি অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱে জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ অধিক কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ ইফালে, ৱাইএছআৰ কংগ্ৰেছৰ বিধায়ক ভুমানাকৰুণাকাৰ ৰেড্ডি ডেৰ মাহৰ ভিতৰতে পুনৰ দ্বিতীয়বাৰলৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৮৯১জন নতুন আক্ৰান্ত, ১,৮৭৮জন আৰোগ্য আৰু ৭জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনত বৰ্তমান ২৬,৩৭৪গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ ক’ৰোনা ৰোগীৰ মৃত্যুৰ সংখ্যা ১,২০৮জনলৈ বৃদ্ধি পাইছে৷
  • মহাৰাষ্ট্ৰঃ গুগলৰ সৈতে সহযোগিতাৰে ব্ৰিহন মুম্বাই পৌৰ নিগমে মহানগৰখনৰ কনটেইনমেণ্ট জ’নসমূহ গুগল মেপত চিহ্নিত কৰিছে৷ ইয়াৰ ফলত মুম্বাইবাসীয়ে এটা ক্লিকতে এই সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব৷
  • গুজৰাটঃ ৰাজ্য চৰকাৰে ব্যক্তিগত পৰীক্ষাগাৰসমূহক ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক জাননী যোগে এই অনুমতি প্ৰদান কৰিছে৷ গুজৰাট চৰকাৰে এলিছা আৰু চিলিয়া এণ্টিবডী টেষ্টৰ বাবেও ব্যক্তিগত পৰীক্ষাগাৰক অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে৷ বৰ্তমান গুজৰাটত ১৬,৪৮৭জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কেতবোৰ ৰেহাই দি ৰাজ্য চৰকাৰে এক নতুন ক’ভিড-১৯ নিৰ্দেশনা জাৰি কৰিছে৷ সেই হিচাপে নিৰ্বাচনী সভাত ১০০তকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰিছে৷
  • চত্তীশগড়ঃ চত্তীশগড়ত বৰ্হিৰাজ্যৰ পৰা অহা লোকৰ বাধ্যতামূলক কোৱাৰেণ্টাইন বন্ধ কৰা হৈছে৷ ৰাজ্য চৰকাৰে এতিয়াই বিদ্যালয় নোখোলাৰ সিদ্ধান্ত লৈছে৷ এই বাৰে ১ নৱেম্বৰত ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসো উদযাপন নকৰা সিদ্ধান্ত লৈছে কেবিনেটে৷
  • অসমঃ অসমত কালি নতুনকৈ ১,১৮৮জন আক্ৰান্ত হোৱাৰ বিপৰীতে ২,১৯৮জন ৰোগীক ডিছচাৰ্ডজ দিয়া হৈছে৷ ৰাজ্যখনৰ  মুঠ আক্ৰান্ত লোকৰ সংখ্যা ১,৯১,৩৯৭জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে বৰ্তমান ৩০,৭৬৭জন চিকিসাধীন হৈ আছে আৰু ৭৯৪জনৰ মৃত্যু হৈছে৷
  • মেঘালয়ঃ মেঘালত বৰ্তমান ২,৩৬৯গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে ৪,৮৩২গৰাকী আৰোগ্য হৈছে৷
  • নাগালেণ্ডঃ ৰাজ্যখনত ২১জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷

 

FACT CHECK

 

*****************

 



(Release ID: 1663290) Visitor Counter : 185