প্ৰতিৰক্ষা মন্ত্ৰালয়

ডিআৰডিঅ’ই সফলতাৰে স্থানীয়ভাৱে নিৰ্মিত এণ্টি ৰেডিয়েচন মিছাইল (ৰূদ্ৰম)ৰ পৰীক্ষণ সম্পন্ন কৰে

Posted On: 09 OCT 2020 3:12PM by PIB Guwahati

নতুন প্ৰজন্মৰ এণ্টি ৰেডিয়েচন মিছাইল(ৰূদ্ৰম)ৰ আজি ওড়িশাৰ সমুদ্ৰতীৰৰ পৰা নাতিদূৰৈত অৱস্থিত হুইলাৰ দ্বীপপুঞ্জত সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা হয়৷ এই মিছাইল এছইউ-৩০ এমকেআই যুঁজাৰু বিমানেৰে উৎক্ষেপণ কৰা হয়৷

ৰূদ্ৰম হ’ল দেশৰ প্ৰথমটো স্থানীয়ভাৱে নিৰ্মিত এণ্টি-ৰেডিয়েচন মিছাইল আৰু ইয়াক নিৰ্মাণ কৰি উলিয়াইছে ডিআৰডিঅ’ই৷ এই মিছাইল এছইউ-৩০ এমকেআই যুঁজাৰু বিমানৰ সৈতে সংবদ্ধ কৰা হৈছে৷ ইয়াত আছে আইএনএছ-জিপিএছ নেভিগেছন প্ৰণালী আৰু চুড়ান্ত আক্ৰমণৰ বাবে পেছিভ হোমিং হেড৷ ৰূদ্ৰমে পিন-পইণ্ট যথাৰ্থতাৰে ৰেডিয়েচন টাৰ্গেটত হিট কৰিব পাৰে৷

ইয়াৰ পেছিভ হোম হেডে লক্ষ্য চিনাক্ত কৰি নিৰূপণ কৰিব পাৰে৷ এই মিছাইলটো আইএএফৰ বাবে এক শক্তিশালী অস্ত্ৰ হিচাপে পৰিগণিত হৈছে৷

 

**************

 

ABB/Nampi/DK/MANN



(Release ID: 1663268) Visitor Counter : 258