কেবিনেট

ভাৰত আৰু জাপানৰ মাজত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিপত্ৰত স্বাক্ষৰ

Posted On: 07 OCT 2020 4:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু জাপানৰ মাজত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷

এই সহযোগিতাৰ চুক্তিপত্ৰৰ দ্বাৰা ক্ষেত্ৰটোত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব য’ত চাইবাৰস্পেছৰ ক্ষেত্ৰত সামৰ্থ নিৰ্মাণৰ পৰিমাণ বৃদ্ধি পাব; গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সুৰক্ষা বৃদ্ধি পাব; প্ৰযুক্তিগত সহযোগিতা উদ্ভাসিত হ’ব; চাইবাৰ সুৰক্ষা সন্দৰ্ভত তথ্যৰ আদান-প্ৰদান আদিৰ দৰে কাৰ্যসমূহ বৃদ্ধি পাব৷

ভাৰত আৰু জাপানে ইণ্টাৰনেটক উদ্ভাৱনৰ ইঞ্জিন হিচাপে বিবেচনা কৰি এক মুক্ত, আন্তঃসঞ্চালিত, সুৰক্ষিত চাইবাৰস্পেচৰ পৰিবেশ গঢ়ি তোলাৰ দিশত প্ৰতিশ্ৰুতিৱদ্ধ হৈছে৷

****

VRRK/MANN



(Release ID: 1662634) Visitor Counter : 144