তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ক'ভিড-১৯ৰ সঠিক আচৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব জন আন্দোলন

प्रविष्टि तिथि: 07 OCT 2020 7:26PM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৮ অক্টোবৰ, ২০২০ত টুইটৰ জৰিয়তে ক'ভিড-১৯ৰ সঠিক আচৰণৰ ওপৰত এটা জন আন্দোলন আৰম্ভ কৰিব।

 

অনাগত উসৱৰাজি আৰু শীত কালৰ লগতে অৰ্থনীতিৰ মুকলি কৰণৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হ'ব।

 

জনসাধাৰণৰ অংশ গ্ৰহণ (জন আন্দোলন)ক উসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰচাৰাভিযান চলোৱা হ'ব। এই অভিযানৰ প্ৰচেষ্টা হ'ব কম ব্যয়ৰ অধিক ফলদায়ক প্ৰধান বাৰ্তাসমূহ যেনে 'মাস্ক পৰিধান কৰক, শাৰীৰিক দূৰত্ব বজাই ৰাখক, হাতৰ হাইজিন বজাই ৰাখক' আদিৰ প্ৰচাৰ চলোৱা।

 

সকলোৰে দ্বাৰা এটকাত ক'ভিড-১৯ শপত গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দ্বাৰা এক সমন্বিত কাৰ্য ব্যৱস্থা হাতত লোৱা হ'ব, য'ত তলত দিয়াবোৰৰ ওপৰত আলোকপাত কৰা হ'বঃ

  • অধিক সংক্ৰমণৰ ঘটনা থকা জিলাসমূহত অঞ্চল-বিশিষ্ট লক্ষ্যিত যোগাযোগ।
  • প্ৰতিজন নাগৰিকলৈ সাধাৰণ আৰু সহজে বোধগম্য বাৰ্তা।
  • সকলো মাধ্যমৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি সমগ্ৰ দেশতে তথ্যৰ প্ৰসাৰ।
  • আগশাৰীৰ কৰ্মী নিয়োজিত কৰি আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰীক লক্ষ্য কৰি ৰাজহুৱা স্থানত বেনাৰ আৰু পোষ্টাৰ লগোৱা।
  • চৰকাৰী চৌহদত  হৰ্ডিং/ৱাল পেইণ্টিং/ইলেকট্ৰনিক ডিছপ্লে' ব'ৰ্ড লগোৱা।
  • ঘৰলৈ বাৰ্তা বহন কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয় প্ৰভাৱ পেলাওতাক জড়িত কৰা।
  • নিয়মীয়া সজাগতা সৃষ্টিৰ বাবে মোবাইল ভেনৰ চলাচল কৰা।
  • সজাগতাৰ ওপৰত অডিঅ' মেছেজ; পামফ্লেট/প্ৰচাৰ পত্ৰ বিতৰণ।
  • ক'ভিড বাৰ্তা প্ৰচাৰৰ বাবে স্থানীয় কেবোল অপাৰেটৰৰ সমৰ্থন বিচৰা।
  • ফলদায়ক প্ৰচাৰ আৰু প্ৰভাৱৰ বাবে বিভিন্ন মঞ্চৰ জৰিয়তে সমন্বিত মাধ্যমৰ প্ৰচাৰাভিযান।

 

******


(रिलीज़ आईडी: 1662483) आगंतुक पटल : 287
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada