ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

বিগত ছবছৰত মোদী চৰকাৰে শস্যত এমএছপি নিৰন্তৰে বৃদ্ধি কৰি আহিছেঃ ড০ জিতেন্দ্ৰ সিং

Posted On: 06 OCT 2020 5:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ ব্যৱস্থা সমাপ্ত কৰিব বিচাৰিছে, বিৰোধীৰ এই দাবী খণ্ডন কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি সংখ্যা আৰু পৰিসংখ্যা প্ৰদান কৰি কয় যে বিৰোধীয়ে যি কৈ আছে বাস্তৱিকতে সেয়া বিপৰীতহে হৈছে৷ তেওঁ কয় যে বিগত ছবছৰত মোদী চৰকাৰে শস্যত এমএছপি নিৰন্তৰে বৃদ্ধি কৰি আছে৷

ড০ জিতেন্দ্ৰ সিঙে আজি কাঠুৱা জিলাত ব্লক নাগৰীৰ কৃষক, পঞ্চায়ত আৰু স্থানীয় কাৰ্যকৰ্তাৰ সৈতে বাৰ্তালাপ কৰি কয় যে বিৰোধীয়ে নিজৰ দাবী প্ৰমাণিত কৰাৰ বাবে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তসমূহক বদনাম কৰাৰ বাবে বিশুদ্ধ ৰাজনৈতিক ভেল্কিবাজীৰ আশ্ৰয় লৈছে৷ তেওঁ কয় যে সেইবাবে সাৰ্বজনিক স্তৰত তেওঁলোকৰ অপপ্ৰচাৰৰ অভিযান ৰোধ কৰাৰ বাবে সাধাৰণ কৃষক তথা সাধাৰণ জনতালৈ তথ্যসমূহ প্ৰদান কৰাটো আৱশ্যক৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে উদাহৰণৰ বাবে ধানৰ প্ৰতি কুইণ্টলত এমএছপি দৰ ২০১৫-১৬ত ১৪১০ আছিল যি ২০১৬-২০১৭ত ১৪৭০ টকা হ’ল আৰু ২০১৭-২৮ত ইয়াক পুনৰ বৃদ্ধি কৰি ১৫৫০ টকা কৰা হ’ল৷ ২০১৮-১৯ত ইয়াক বৃদ্ধি কৰি ১৭৫০ টকা আৰু ২০২০-২১ত ইয়াক বৃদ্ধি কৰি ১৮৬৮ টকা কৰা হ’ল৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে সত্য আমাৰ পক্ষত আছে আৰু সম্পূৰ্ণ নৈতিক শক্তিৰ সৈতে বিৰোধীৰ সন্মুখীন হ’ব লাগে৷ এই বাৰ্তালাপত পঞ্চায়তৰ সদস্য তাৰা চন্দ, কুলভূষণ সিং, কৃষক তাৰা চন্দ, সৈনী আৰু চতৰ সিং, যুৱ নেতা গৌৰৱ শৰ্মাকে ধৰি বিভিন্ন লোক উপস্থিত আছিল৷

 

<><><><><><>

SNC/MANN



(Release ID: 1662213) Visitor Counter : 93